তিনি শতাধিক ক’ভিড আক্রান্ত ১৭ জিলাত সম্পূর্ণ বন্ধ হ’ব শিক্ষানুষ্ঠান
নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ ৰাজ্যৰ শিক্ষানুষ্ঠান সন্দর্ভত আজি এক গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে৷ অসম চৰকাৰৰ প্রাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া স্বাক্ষৰিত জাননীখনত কোৱা হয় যে যিসমূহ জিলাত বিগত দহ দিনত তিনি শতাধিক ক’ভিড ৰোগী ধৰা পৰিছে, উক্ত জিলাৰ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কর্তৃত্ব জিলা উপায়ুক্তসকলক প্রদান কৰা হৈছে৷ তিনি শতাধিক লোক দহ দিনৰ ভিতৰত ক’ৰোনাত আক্রান্ত হ’লে উপায়ুক্তই সংশ্লিষ্ট জিলাৰ প্রাক প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পর্যন্ত সকলো শিক্ষানুষ্ঠান, ক’চিং চেণ্টাৰ আৰু হোষ্টেল ১৫ দিন পর্যন্ত বন্ধ ৰাখিব পাৰিব৷ অৱশ্যে এই সময়ছোৱাত অনলাইন পাঠদান অব্যাহত থাকিব৷ শিক্ষা বিভাগৰ এই জাননীখন আজিৰ পৰাই কার্যকৰী হ’ব৷
উল্লেখ্য যে ৰাজ্যখনৰ কামৰূপ (ম), কামৰূপ (গ্রাম্য), ডিব্রুগড়, শোণিতপুৰ, নগাঁও, তিনিচুকীয়া, যোৰহাট, বৰপেটা, কাছাৰ, কার্বি আংলং, গোলাঘাট, দৰং, হোজাই, বঙাইগাঁও, নলবাৰী, গোৱালপাৰা আৰু শিৱসাগৰ জিলাত আজি পর্যন্ত বিগত দহ দিনত ক’ৰোনা আক্রান্তৰ সংখ্যাই তিনি শতাধিকৰ সংখ্যা অতিক্রম কৰিছে৷ পূর্বতে ক’ৰোনা সংক্রমিতৰ সংখ্যাই এদিনত এহাজাৰ অতিক্রম কৰিলেহে উক্ত জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ নির্দেশ দিয়া হৈছিল৷ সেই অনুসৰি আজিৰে পৰা ১৫ দিনৰ বাবে কামৰূপ (ম)ৰ সকলো শিক্ষানুষ্ঠান ১৫ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে৷ ইফালে আজি শিক্ষা বিভাগে পূর্বৰ জাননীৰ কিছু সালসলনি ঘটাই এখন জিলাত ১০ দিনত তিনি শতাধিক লোক ক’ৰোনাত আক্রান্ত হ’লেই শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কর্তৃত্ব জিলা উপায়ুক্তক প্রদান কৰিছে৷ সংশোধিত জাননী মতে আজি পর্যন্ত দহ দিনত তিনি শতাধিক লোক ক’ৰোনাত আক্রান্ত হোৱা আন ১৭খন জিলাতো সকলো শিক্ষানুষ্ঠান বন্ধ হোৱাটো নিশ্চিত হৈ পৰিছে৷
গুৱাহাটী বিশ্ববিদ্যালয়ে পিছুৱালে পৰীক্ষা
ক’ৰোনাৰ ব্যাপক সংক্রমণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পর্যায়ত অনুষ্ঠিত হ’বলগীয়া সকলো পৰীক্ষা সাময়িকভাৱে স্থগিত ৰখা হৈছে৷ আজি বিশ্ববিদ্যালয়খনৰ উপাচার্য প্রতাপজ্যোতি সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত এখন জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ বৈঠকত গ্রহণ কৰা আন কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত অনুসৰি বিশ্ববিদ্যালয়ৰ অধীনৰ প্রায় ২.৫ লাখ ছাত্র–ছাত্রীৰ সকলোৰে ইণ্টাৰনেট সংযোগৰ অভাৱ, অন্যান্য বৈদ্যুতিন সঁজুলি, স্মার্টফোন, লেপটপ আদিৰ সীমাবদ্ধতাৰ প্রতি লক্ষ্য ৰাখি স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পাছত ২০ দিনৰ আগতীয়া জাননীৰ ভিত্তিত স্থগিত ৰখা পৰীক্ষাসমূহ অফলাইন পদ্ধতিৰে অনুষ্ঠিত কৰা হ’ব৷ স্নাতক আৰু স্নাতকোত্তৰ শ্রেণীসমূহ মে’ মাহৰ প্রথম সপ্তাহৰ পৰা পৰিস্থিতি অনুযায়ী অনলাইন বা অফলাইন পদ্ধতিৰে আগুৱাই নিয়া হ’ব৷ যদি পৰিস্থিতিৰ অধিক অৱনতি হয় বা দীঘলীয়া হৈ গৈ থাকে, তেনেহ’লে পুনৰ পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি নতুন সিদ্ধান্ত গ্রহণ কৰা হ’ব৷