নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত আজিৰ পৰা ৪ দিনিয়াকৈ অনুষ্ঠিত হৈছে মিচিং যুৱ মহোৎসৱ

মাজুলীৰ জেংৰাই মুখৰ কুমাৰবাৰী চিমিৰ পথাৰত উখল মাখল পৰিবেশ

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী মিচিং সকলৰ বৃহৎ উৎসৱ যুৱ মহোৎসৱৰ লৈ এতিয়া খেৰকতীয়া নদীৰ পাৰত উখল মাখল পৰিবেশ ।
যুৱ শক্তিৰ মাজলৈ মিচিং জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য -পৰম্পৰাৰ গুৰুত্ব , তাৎপৰ্য তথা মিচিং সমাজ জীৱনক অধিক টনকিয়াল কৰি তোলাৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে যুৱ মহোৎসৱ ।চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই মহোৎসৱত আজি প্ৰথম দিনা উদ্বোধনী কাৰ্যসূচী আৰম্ভ হয়। উদ্ধোধনী কাৰ্যসূচীত পুৱা ৯.৩০ পতাকা উত্তোলন, প্ৰৰ্দশনী দুৱাৰ মুকলি ,খাদ্য সম্ভাৰ মুকলি, মুলমঞ্চ উদ্যোধন আৰু এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়।প্ৰতিকুল বতৰকো নেওচি মাজুলীত উপস্থিত হৈছে মিছিং ডেকা গাভৰু সকল ।অন্তিম দিনৰ কাৰ্যসুচী ত উষা মংগেছকাৰ, তৰুলতা কুতুমকে ধৰি অসমৰ বহু প্ৰতিস্থিত শিল্পী য়ে অংশগ্ৰহণ কৰিব।
উত্তৰ পূৰ্বাঞ্চলৰ লক্ষ লক্ষ লোকে ভিৰ কৰিছে এই যুৱ মহোৎসৱত। এই বিশাল অনুষ্ঠানটোত প্ৰথম দিনাই কাৰ্যসূছী ধৰ্মীয় ৰীতি নীতি আৰু কৃষ্টি সংস্কৃতিৰ মাজেৰে আৰম্ভ হয়।

You might also like