ৰাজ্যৰ প্রশাসনত বৃহৎ সালসলনিঃ একেদিনাই ২০ জিলাৰ উপায়ুক্তৰ বদলি
নিয়মীয়া বাৰ্তা ১৭ মেঃ নতুন চৰকাৰ ক্ষমতালৈ অহাৰ পাছত ৰাজ্যখনত আৰক্ষী অধীক্ষক পর্যায়ত বৃহৎ সালসলনি হোৱাৰ পাছত দেওবাৰে জিলা উপায়ুক্ত পর্যায়তো সালসলনি ঘটোৱা হয়৷ ৰাজ্য চৰকাৰে আজি এক নির্দেশযোগে একেদিনাই ২০খন জিলাত নতুন উপায়ুক্ত নিয়োগ কৰিছে৷ সেই অনুসৰি বিত্ত বিভাগৰ উপ–সচিব আয়ুস গার্গক বাক্সাৰ উপায়ুক্ত হিচাপে বদলি কৰে৷ সমবায় বিভাগৰ যুটীয়া সচিব তেজ প্রসাদ ভূষালক বৰপেটাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷
ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ সচিব বিনীতা পেগুক চৰাইদেউৰ উপায়ুক্ত হিচাপে নিয়োগ কৰা হৈছে৷ হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্ত নৰেন্দ্র কুমাৰ শ্বাহক চিৰাঙৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে৷ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব প্রভাতী থাওচেনক দৰঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷ দৰঙৰ অতিৰিক্ত উপায়ুক্ত বি বিজয় ভাস্কৰ ৰেড্ডীক ধেমাজিৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷ কৰিমগঞ্জৰ উপয়ুক্ত অন্বামুথন এম পিক ধুবুৰীৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷
আনহাতে চাহ জনজাতি কল্যাণৰ সঞ্চালক মীনাক্ষি নাথ দাসক গোৱালপাৰাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷ শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্র প্রতাপ সিঙক গোলাঘাটৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷ শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰোহন কুমাৰ ঝাক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে নিয়োগ কৰা হৈছে৷ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক অশোক কুমাৰ বর্মনক যোৰহাটৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷
কাছাৰৰ অতিৰিক্ত উপায়ুক্ত সুমিত সাত্তাৱানক লখিমপুৰৰ উপায়ুক্তৰ দায়িত্ব দিয়া হৈছে৷ হাইলাকান্দিৰ উপায়ুক্ত মেঘা নিধি দাহালক কোকৰাঝাৰৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷ লখিমপুৰৰ উপায়ুক্ত খর্গেশ্বৰ পেগুক কৰিমগঞ্জৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷ আনহাতে উচ্চতৰ মাধ্যমিক শিক্ষা বিভাগৰ যুটীয়া সচিব তথা উচ্চ শিক্ষা বিভাগৰ সঞ্চালক গিতুমণি ফুকনক নলবাৰীৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব পাৱাৰ নৰসিং চাম্ভাজীক তিনিচুকীয়াৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷ কৰিমগঞ্জৰ অতিৰিক্ত উপায়ুক্ত হিভাৰে নিছাং গৌতমক দক্ষিণ শালমাৰাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷ সেইদৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব পৱিত্র ৰাম খাউণ্ডক শোণিতপুৰৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷ নির্বাচন বিভাগৰ উপ–সচিব ড০ পি উদয় প্রভিনক ওদালগুৰিৰ উপায়ক্ত হিচাপে বদলি কৰা হৈছে৷ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব উৎপলা শইকীয়াক পশ্চিম কার্বি আংলঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে৷