নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাত আক্রান্ত ৩,৬৫০ সুস্থ হৈ ঘৰলৈ উভতিল ৪,২২৫জন

নিয়মীয়া বাৰ্তা ১৭ মেঃ ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ সংহাৰ৷ নিতৌ বৃদ্ধি পাইছে আক্রান্ত লোকৰ সংখ্যা৷ দেওবাৰৰ দিনটোত পুনৰ ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ৩,৬৫০জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক কামৰূপ মহানগৰ জিলাৰ ১,১৯৭জন৷ তদুপৰি কাছাৰত ২৬২জন, ডিব্রুগড়ত ২৪০ আৰু কামৰূপত ২১১জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৪২,৮৮৪টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল আক্রান্তৰ হাৰ হৈছে ৮.৫১ শতাংশ৷ সম্প্রতি ৰাজ্যৰ বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৪৩,৩৭৭জন৷ আজি সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ৪,২২৫জন৷

ইফালে, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লৈছে ৫৬জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ সর্বাধিক ১৩জন৷ তদুপৰি ওদালগুৰিত আজি ৫জন লোকে মৃত্যুক আঁকোৱালি লৈছে৷ সেইদৰে ডিব্রুগড়, যোৰহাট, কামৰূপ আৰু শোণিতপুৰত মৃত্যু হৈছে ৪জনকৈ ক’ভিড ৰোগীৰ৷ কাছাৰ, গোলাঘাট আৰু কার্বি আংলঙতো তিনিজনকৈ ক’ভিড ৰোগীৰ মৃত্যু হয়৷ তদুপৰি হোজাই, দৰং আৰু তিনিচুকীয়াত দুজনকৈ ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ বাক্সা, বৰপেটা, ধেমাজি, ধুবুৰী, লখিমপুৰ, নগাঁও আৰু নলবাৰীৰ এজনকৈ লোকৰ বিয়োগ ঘটিছে ক’ভিডত৷ উল্লেখ্য যে ৰাজ্যত বর্তমানলৈ ক’ভিডত আক্রান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৩,২৮,৬২৯জন৷ ইয়াৰ বিপৰীতে সুস্থ হৈছে ২,৮১,৭২৬জন৷ বর্তমানলৈ ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২,১৭৯জন৷
সহযোগী অধ্যাপক ড০ হেমাংগ দত্তৰ বিয়োগত মর্মাহত গহপুুুৰবাসী
ৰাজস্থানৰ জয়পুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষাতত্ত্ব বিষয়ৰ সহযোগী অধ্যাপক তথা অসমৰ সু–সন্তান ড০ হেমাংগ দত্তৰ যোৱানিশা ক’ভিডত আক্রান্ত হৈ পৰলোকপ্রাপ্তি হয়৷ মেধাসম্পন্ন ছাত্র হেমাংগ দত্তই দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ভাষাতত্ত্ব বিজ্ঞান বিষয়ত সর্বশ্রেষ্ঠ স্থান অধিকাৰ কৰি স্বর্ণপদক লাভ কৰিবলৈও সক্ষম হৈছিল৷ তাতে তেওঁ এম ফিল আৰু তাৰ পাছত ডক্টৰেট ডিগ্রী লাভ কৰি ৰাজস্থানস্থিত জয়পুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত ২০১০ চনৰ পৰা ২০২০ চনৰ ছেপ্ঢেম্বৰলৈকে সহকাৰী অধ্যাপক আৰু ২০২০ চনৰ ১ অক্টোবৰৰ পৰা বর্তমানলৈকে ইংৰাজী আৰু বিদেশী ভাষাতত্ত্ব বিষয়ৰ সহযোগী অধ্যাপক হিচাপে কার্যনির্বাহ কৰি আছিল৷ দত্তৰ কেইবাখনো ভাষাতত্ত্ব বিষয়ক গৱেষণাধর্মী গ্রন্থ দেশৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ত প্রচলন হৈ আহিছে৷

পিতৃ কল্যাণ দত্তই চাকৰি সূত্রে প্রাথমিক পর্যায়ৰ পৰা হাইস্কুল পর্যায়ৰ শিক্ষা গ্রহণলৈকে গহপুুুৰতে আছিল ড০ হেমাংগ দত্ত৷ পাছৰ কালত গুৱাহাটী আৰু দিল্লীত উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰিবলৈ ৰাওনা হয়৷ সেইগৰাকী যুৱ অধ্যাপকৰ লগতে পৰিয়ালটোৰ সৈতে গহপুৰৰ সৈতে সু–সম্পর্ক আছিল৷ উল্লেখ্য যে ৩৯ বছৰ বয়সতে ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰা হেমাংগ দত্তই বিশ্ববিদ্যালয়ৰ এখন ছেমিনাৰত অংশগ্রহণ কৰি পুনৰ জয়পুৰলৈ ১৩ মে’ত উভতি অহাৰ পাছত তেওঁ হঠাতে অসুস্থ হৈ পৰে৷ লগে লগে পিতৃ–মাতৃয়ে জয়পুৰৰ জীৱনৰেখা হাস্পতাললৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত কালি নিশা প্রায় ৯.৩৫ বজাত মৃত্যু হয়৷ উল্লেখ্য যে গুৱাহাটীৰ গীতানগৰ নিৱাসী কল্যাণ দত্ত আৰু চাৰু দত্তৰ সুযোগ্য সন্তান হেমাংগই কিছু দিন পূর্বে দুয়োকে তেওঁ বসবাস কৰা ঠাইলৈ লৈ গৈছিল৷ এগৰাকী সংগীত শিল্পী হিচাপেও পৰিচিত অধ্যাপক ড০ হেমাংগ দত্তৰ আকস্মিক বিয়োগত মর্মাহত হৈ পৰিছে গহপুুুৰবাসী৷
ৰঙিয়াত ক’ভিডত আক্রান্ত বেংকৰ প্রাক্তন প্রবন্ধক–আৰএছএছ কর্মী ফটিক কলিতাৰ মৃত্যু
ৰঙিয়াত আজি ক’ভিডত আক্রান্ত অসম গ্রামীণ বিকাশ বেংকৰ প্রাক্তন প্রবন্ধক তথা আৰএছএছৰ স্বয়ংসেৱক ফটিক কলিতাৰ মৃত্যু হয় ৷ হাজোৰ শিঙিমাৰীৰ ক’ভিড হাস্পতালত ৰঙিয়াৰ ধৰমপুৰ নিৱাসী কলিতাৰ মৃত্যু হয় ৷ যোৱা বৃহস্পতিবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৰেপিড এণ্টিজেন টেষ্টত ফটিক কলিতাৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰিছিল৷ স্বাস্থ্য বিভাগৰ নির্দেশমর্মে ৰঙিয়াৰ পৰা শিঙিমাৰীৰ ক’ভিড হাস্পতললৈ তেওঁক প্রেৰণ কৰা হৈছিল ৷ অৱশেষত শিঙিমাৰীৰ ক’ভিড হাস্পতালত তেওঁৰ মৃত্যু হয় ৷ তেওঁ সহকাৰ ভাৰতীৰ ৰাজ্যিক সদস্য তথা পূর্ণিমা সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ চি’ পদত অধিষ্ঠিত আছিল ৷ তেওঁৰ মৃত্যুত আৰএছএছৰ জিলা সমিতিয়ে গভীৰ শোক প্রকাশ কৰে ৷
ৰাছিয়াৰ পৰা পুনৰ ভাৰতলৈ আহিল ৬০ হাজাৰ ড’জ স্পুটনিক ভি ভেকচিন
দেশে ক’ভিড–১৯ মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ বিৰুদ্ধে যুঁজ চলাই থকা সময়তে আজি পুনৰ ৰাছিয়াৰ ভেকচিন স্পুটনিক ভি–ৰ ৬০ হাজাৰ ড’জ আহি ভাৰত পাইছে৷ হায়দৰাবাদৰ ৰেড্ডীজ লেব’ৰেটৰিজে লাভ কৰিছে এই ভেকচিন৷ স্মর্তব্য যে ইয়াৰ পূর্বে প্রথম বেটছত স্পুটনিক ভি ভেকচিনৰ ডেৰ লাখ ড’জ ভাৰতলৈ প্রেৰণ কৰিছিল ৰাছিয়াই৷ অহা সপ্তাহত আনুষ্ঠানিকভাৱে জনসাধাৰণক প্রদান কৰা হ’ব স্পুটনিক ভি ভেকচিন৷ ভাৰতত থকা ৰুছ ৰাষ্ট্রদূত নিক’লাই কুডাছেভে ছ’চিয়েল মিডিয়া টুইটাৰযোগে ঘোষণা কৰিছে যে ৰাছিয়াৰ ভেকচিনবিধ হ’ব ভাৰতীয় টিকাকৰণৰ এক অন্যতম প্রচাৰ৷ স্পুটনিক ভি ভেকচিন ৰাছিয়ান–ভাৰতীয় ভেকচিন বুলিও উল্লেখ কৰে কূটনীতিকগৰাকীয়ে৷ স্মর্তব্য যে প্রতিবছৰে ভাৰতত স্পুটনিক ভি ভেকচিনৰ ৮৫০ নিযুত ড’জ প্রস্তুত কৰাৰ সংকল্প লৈছে ৰাছিয়াই৷ ইতিমধ্যে ৰাছিয়াৰ সৈতে ভাৰতৰ কেইবাটাও দৰব প্রস্তুত কোম্পানীয়ে এই ভেকচিনবিধ প্রস্তুতৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছে৷
দেশত ২৪ ঘণ্টাত ক’ভিড আক্রান্তৰ সংখ্যা ৩,১১,১৭০লৈ হ্রাস, ৪,০৭৭জনৰ প্রাণহানি
ক’ভিড–১৯ মহামাৰীত সংক্রমিত লোকৰ সংখ্যাই দৈনিক চাৰি লাখ অতিক্রম কৰিছিল যদিও শেহতীয়াকৈ বিভিন্ন ৰাজ্যত লকডাউন কঠোৰভাৱে বলৱৎ কৰাৰ ফলত সংক্রমণৰ হাৰ অৱনমিত হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৩,১১,১৭০গৰাকী লোক ক’ভিড মহামাৰীত আক্রান্ত হৈছে৷ আক্রান্তৰ হাৰ পূর্বৰ তুলনাত যথেষ্ট অৱনমিত হৈছে যদিও মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যা বিভিন্ন ৰাজ্যত বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ক’ভিড মহামাৰীত নতুনকৈ মৃত্যু হৈছে ৪,০৭৭গৰাকী লোকৰ৷ ইফালে, মহাৰাষ্ট্রত ২৪ ঘণ্টাত ক’ভিড–১৯ত ৩৪,৩৮৯গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণহানি হৈছে ৯৭৪গৰাকীৰ৷ তামিলনাডু, গুজৰাট, কেৰালা, অন্ধ্রপ্রদেশ, কর্ণাটক আদি ৰাজ্যত ক’ভিড মহামাৰীৰ সংক্রমণৰ সংহাৰ এতিয়াও অব্যাহত আছে৷
গ্রামাঞ্চলত ক’ভিড পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্রৰ নতুন নির্দেশনা
ক’ভিড–১৯ মহামাৰীৰ প্রাণঘাতী তাণ্ডৱ অব্যাহত থকাৰ সময়তে কেন্দ্রীয় চৰকাৰে গ্রামাঞ্চল তথা চহৰৰ উপকণ্ঠীয় অঞ্চলসমূহত ক’ভিড প্রতিৰোধী ব্যৱস্থা গ্রহণৰ নতুন নির্দেশাৱলী জাৰি কৰিছে৷ প্রতিটো স্বাস্থ্য কেন্দ্র তথা উপ–স্বাস্থ্য কেন্দ্রতো ৰেপিড এণ্টিজেন টেষ্ট (আৰএটি) কিট ৰখাটো উচিত বুলি আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ঘোষণা কৰিছে৷ স্মর্তব্য যে গ্রামাঞ্চলত ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ ঘটনা বৃদ্ধি পাইছে৷ গতিকে সংক্রমণ প্রতিৰোধ কৰিবলৈ গ্রামাঞ্চল আৰু মফচলীয় চহৰবোৰত কমপক্ষেও ৩০খন বিছনাযুক্ত ক’ভিড সেৱা কেন্দ্র স্থাপন কৰাৰ পৰামর্শ আগবঢ়াইছে কেন্দ্রীয় চৰকাৰে৷ লক্ষণবিহীন ক’ভিড সংক্রমিত লোকসকলৰ লগতে সাধাৰণভাৱে ক’ভিড লক্ষণযুক্ত আক্রান্ত লোকসকলক হোম আইছ’লেচনৰ ব্যৱস্থা নাথাকিলে এনে সেৱা কেন্দ্রত ৰখা প্রয়োজন বুলি উল্লেখ কৰা হৈছে৷

নতুন এই এছ’পি তথা ক’ভিড প্রতিৰোধী নির্দেশাৱলী অনুসৰি গ্রামাঞ্চলৰ উপৰি জনজাতীয় অঞ্চলসমূহতো প্রাথমিক স্বাস্থ্য সেৱা আন্তঃগাঁথনি ক’ভিড প্রতিৰোধী ব্যৱস্থাৰে সমৃদ্ধ হোৱা উচিত বুলি ঘোষণা কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ ক’ভিড সেৱা কেন্দ্রসমূহে কোনো লোকক ক’ভিডত আক্রান্ত হোৱা বুলি নিশ্চিত কৰিলে তেওঁলোকক আছুতীয়াকৈ ৰখাৰ সকলো ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ নতুন এই এছ’পি তথা নির্দেশাৱলী অনুসৰি প্রতিখন গাঁৱত ইনফ্লুয়েঞ্জা সদৃশ অসুস্থতা আৰু শ্বাস–প্রশ্বাসজনিত অসুস্থতাৰ বিষয়ত নিৰীক্ষণৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ আশাকর্মীসকলে গ্রামীণ স্বাস্থ্য বিধান আৰু নিউট্রিচন কমিটী (ভিএইচএছএনচি)ৰ সহায়ত এই কাম কৰিব লাগিব বুলিও উল্লেখ কৰা হৈছে নির্দেশাৱলীত৷ লক্ষণীয়ভাৱে লক্ষণযুক্ত ৰোগীৰ ক্ষেত্রত সমূহীয়া স্বাস্থ্য কেন্দ্রৰ বিষয়াৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্রহণ কৰাৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ যদি কোনো ক’ভিড আক্রান্ত গুৰুতৰভাৱে অসুস্থ হয় বা অক্সিজেনৰ পর্যায় হ্রাস পায়, তেন্তে উন্নত চিকিৎসা কেন্দ্রলৈ প্রেৰণ কৰিব লাগিব তেনে ৰোগীক৷ আইচিএমআৰৰ নির্দেশাৱলী অনুসৰি ক’ভিড পৰীক্ষাৰ ক্ষেত্রত চহৰ অঞ্চলৰ দৰে গ্রামাঞ্চলতো অনুৰূপ ব্যৱস্থা গ্রহণ কৰিব লাগিব ৰাজ্য চৰকাৰসমূহে৷ চিএইচ’ আৰু এএনএমসকলক ৰেপিড এণ্টিজেন টেষ্ট কৰিব পৰাকৈ প্রশিক্ষণ দিয়াৰ কথাও উল্লেখ কৰা হৈছে৷ লক্ষণীয়ভাৱে ৮০–৮৫ শতাংশ ক’ভিড–১৯ আক্রান্ত লক্ষণবিহীন বা সামান্য লক্ষণযুক্ত ৰোগীসকলক হাস্পতালত ভর্তি নকৰি ঘৰতে আছুতীয়াকৈ ৰাখিব লাগিব বা ক’ভিড সেৱা আইছ’লেচন কেন্দ্রত ৰাখিব লাগিব বুলি এছ’পিত উল্লেখ কৰা হৈছে৷
দিল্লী–হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যত বৃদ্ধি লকডাউন
ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ সংহাৰ কিছু স্তিমিত হৈছে যদিও বিভিন্ন ৰাজ্যত প্রাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীত শেহতীয়াকৈ মহামাৰীৰ সংক্রমণৰ হাৰ অৱনমিত হৈছে যদিও কালিৰ দিনটোত নতুনকৈ ৬,৫০০জন লোক আক্রান্ত হৈছে৷ ক’ভিড মহামাৰীৰ সংক্রমণৰ পৰা পৰিত্রাণ পাবলৈ দিল্লী চৰকাৰে পুনৰ লকডাউন বৃদ্ধি কৰিছে ৰাজ্যখনত৷ পুনৰ এসপ্তাহৰ বাবে ৰাজ্যখনত কালি লকডাউন ঘোষণা কৰে মুখ্যমন্ত্রী কেজৰিৱালে৷ আগন্তুক ২৪ মে’লৈকে এই লকডাউন অব্যাহত থাকিব ৰাজ্যখনত৷ সেইদৰে হাৰিয়ানা চৰকাৰেও আগন্তুক ২৪ মে’লৈ বৃদ্ধি কৰিছে লকডাউন৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী অনিল বিজে আজি উল্লেখ কৰিছে যে ক’ভিড মহামাৰীৰ সংহাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ এন পৰিস্থিতিত মহামাৰীৰ সংক্রমণত কঠোৰ প্রতিৰোধ লগোৱাৰ গত্যন্তৰ নাই৷ গতিকে ক’ভিড মহামাৰী সংক্রমণ প্রতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে আগন্তুক ২৪ মে’লৈকে কঠোৰ লকডাউন বৃদ্ধি কৰিছে ৰাজ্যখনত৷ সেইদৰে পঞ্জাব, মহাৰাষ্ট্রৰ বিভিন্ন চহৰ তথা অন্যান্য কেইবাখনো ৰাজ্যত ক’ভিড প্রতিৰোধী লকডাউন পুনৰ বৃদ্ধি কৰা হৈছে পর্যায়ক্রমে৷

You might also like