নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতর্কৰ অন্তঃ ২৬ নৱেম্বৰত নৱগ্রহত হ’ব গগৈৰ শেষকৃত্য

পৰৱর্তী সময়ত মহানগৰীৰ সুচল স্থানত নির্মাণ কৰা হ’ব সমাধি ক্ষেত্রঃ ৰিপুণ বৰা

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ অৱশেষত নৱগ্রহ শ্মশানতে অসমৰ সুদীর্ঘ কালৰ প্রাক্তন মুখ্যমন্ত্রী সদ্যপ্রয়াত তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত ল’লে প্রদেশ কংগ্রেছে৷ মঙলবাৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ সভাপতি বৰাই কয় যে তেওঁৰ লগতে প্রদেশ কংগ্রেছৰ বিষয়ববীয়া, বিৰোধী দলপতি দেৱব্রত শইকীয়া, উপ–দলপতি ৰকিবুল হুছেইন, দলৰ সাংসদ আৰু বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হৈ দলৰ শীর্ষ নেতৃত্বই প্রয়াত তৰুণ গগৈৰ শেষকৃত্য নৱগ্রহ শ্মশানতে সম্পন্ন কৰাৰ সিদ্ধান্ত লয়৷ দলৰ তৰফৰ পৰা ইতিমধ্যে এই সিদ্ধান্ত চৰকাৰক অৱগত কৰিছে৷ প্রদেশ কংগ্রেছে প্রয়াত গগৈৰ শেষকৃত্য গুৱাহাটী মহানগৰীতে সম্পন্ন কৰিব বিচাৰিছিল৷ অৱশ্যে মহানগৰীৰ ভিতৰত অন্ত্যেষ্টিক্রিয়াৰ বাবে মাটি নোপোৱাত চৰকাৰে আমিনগাঁও ইনড’ৰ ষ্টেডিয়ামৰ কাষতে ১ বিঘা মাটি গগৈৰ সমাধিস্থলৰ বাবে দিয়াৰ কথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁলোকক জনায়৷ তদুপৰি সোণাপুৰত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিলে তাতো মাটি দিয়াৰ প্রস্তাৱ দিয়ে৷ কিন্তু কংগ্রেছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে গগৈৰ শেষকৃত্য সম্পন্ন কৰিব বিচাৰে৷ সেয়ে সকলো দিশ বিবেচনা কৰি দলে নৱগ্রহ শ্মশানতে গগৈৰ শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত লয়৷ নৱগ্রহত শেষকৃত্য সম্পন্ন হোৱাৰ পাছত তাৰ পৰা অনা অস্থিৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কোনো স্থানত অনাগত দিনত স্মৃতি সৌধ আৰু সংগ্রহালয় নির্মাণ কৰা হ’ব বুলি সভাপতি বৰাই জানিবলৈ দিয়ে৷ সভাপতি বৰাই প্রকাশ কৰা অনুসৰি অহা ২৬ নৱেম্বৰৰ পুৱা ৯মান বজাত শংকৰদেৱ কলাক্ষেত্রৰ পৰা প্রয়াত গগৈৰ নশ্বৰ দেহ নৱগ্রহ শ্মশান অভিমুখে অনা হ’ব৷ সেই অন্তিম যাত্রাৰ সময়ত কলাক্ষেত্রৰ পৰা প্রথমতে এটা নামঘৰ, এটা মন্দিৰ, এটা গির্জা আৰু এটা মছজিদ পৰিদর্শন কৰাই নৱগ্রহ শ্মশানত উপস্থিত হ’ব৷ দুপৰীয়া ১২মান বজাত নৱগ্রহ শ্মশানত উপস্থিত হ’ব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷

উল্লেখ্য যে প্রদেশ কংগ্রেছে প্রথম অৱস্থাত গগৈৰ অন্ত্যেষ্টিক্রিয়া গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কোনো সুকীয়া স্থানত সম্পন্ন কৰিব বিচাৰিছিল৷ এইক্ষেত্রত কংগ্রেছৰ তৰফৰ পৰা মহানগৰীৰ চচল অঞ্চল দেখুওৱা হৈছিল৷ কিন্তু চচল অঞ্চল জলাশয়ৰ মাটি হোৱা বাবে প্রশাসনে সেই স্থানত অনুমতি দিব পৰা নাযায় বুলি জনায়৷ ইয়াকে লৈ মঙলবাৰে দিনৰ ভাগত যথেষ্ট অচলাৱস্থা সৃষ্টি হয়৷ এই সম্পর্কত ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সংবাদ মাধ্যমৰ আগত কয় যে প্রদেশ কংগ্রেছে উল্লেখ কৰা চচলৰ মাটি জলাশয়ৰ মাটি৷ তৰুণ গগৈ মুখ্যমন্ত্রী হৈ থকা অৱস্থাতে অসম চৰকাৰে এখন আইনযোগে জলাশয়ৰ মাটি আন কামত ব্যৱহাৰ নিষিদ্ধ কৰি থৈছে৷ আইন অনুসৰি চচলৰ মাটিত গগৈৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাত বাধা আছে৷ কালি নিশা তেওঁ গগৈৰ সমাধি সম্পর্কত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে কামৰূপ মেট্র’ৰ উপায়ুক্তক মাটি বিচাৰিবলৈ অনুৰোধ কৰে৷ কিন্তু প্রশাসনে এতিয়ালৈ মহানগৰীৰ ভিতৰত মাটি বিচাৰি পোৱা নাই৷ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধিৰ ক্ষেত্রতো চৰকাৰে বহুত মাটি বিচাৰিছিল৷ সেই সময়তো চৰকাৰে মাটি বিচাৰি পোৱা নাছিল৷ অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয়ে বিশাল হূদয়ৰ পৰিচয় দি জালুকবাৰীত মহান শিল্পীগৰাকীৰ সমাধিৰ বাবে মাটি এৰি দিয়াত সমস্যাৰ অৱসান ঘটে৷ এতিয়া কংগ্রেছ আৰু গগৈৰ পৰিয়ালে আমিনগাঁও বা সোণাপুৰৰ ফালে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিব বিচাৰিলে আমি মাটি বিচাৰিব পাৰোঁ৷ আমিনগাঁৱত তেনে ব্যৱস্থা কৰিলে ময়ো ভাল পাম৷ তদুপৰি আমিনগাঁৱত আজি যি উন্নয়ন হৈছে, সেই উন্নয়নত প্রয়াত গগৈৰ যথেষ্ট অৱদান আছে৷ মন্ত্রী ড০ শর্মাই আৰু কয় যে যোৱা তিনি–চাৰি দিনত গগৈৰ পৰিয়ালৰ সৈতে তেওঁৰ যি আলোচনা হৈ আছে, গগৈৰ সমাধি সম্পর্কত পৰিয়ালৰ লোকে তেওঁক একো কোৱা নাই৷ আজি নিশাৰ ভাগত গগৈৰ সমাধি স্থান সম্পর্কত প্রদেশ কংগ্রেছৰ নেতৃত্বৰে তেওঁ মত বিনিময় কৰিব বুলি জানিবলৈ দি ড০ শর্মাই কয় যে যদিহে তেওঁলোক আমিনগাঁও বা সোণাপুৰৰ ফালে গগৈৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাত সন্মতি প্রকাশ কৰে, তেতিয়াহ’লে সেই স্থানত মাটি বিচৰাৰ কাম আৰম্ভ কৰিব৷ ইপিনে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই গগৈৰ সমাধিৰ বাবে আজিলৈকে প্রশাসনে মাটি উলিয়াব নোৱাৰাটো দুর্ভাগ্যজনক আখ্যা দি কয় যে কামৰূপৰ উপায়ুক্তই আজি তেওঁক গগৈৰ অন্ত্যেষ্টিক্রিয়াৰ বাবে গুৱাহাটীত মাটি বিচাৰি পোৱা নাই বুলি জনাইছে৷ আজি গধূলিৰ ভিতৰত চৰকাৰে মাটি দিব নোৱাৰিলে প্রদেশ কংগ্রেছৰ দিছপুৰত থকা মানৱেন্দ্র শর্মা কমপ্লেক্সতে গগৈক সমাধিস্থ কৰা হ’ব৷ সভাপতি বৰাই কৃতজ্ঞতাৰ চিনস্বৰূপে গগৈৰ সমাধিস্থলৰ বাবে চৰকাৰক মহানুভৱতা প্রদর্শন কৰিবলৈ আহ্বান জনায়৷ এনেধৰণৰ বাদানুবাদ চলি থকাৰ পাছত অৱশেষত প্রদেশ কংগ্রেছৰ নেতৃত্বই গগৈৰ অন্ত্যেষ্টিক্রিয়া নৱগ্রহ শ্মশানত সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱাত সমগ্র বিষয়টোক লৈ সৃষ্টি হোৱা অচলাৱস্থাৰ অৱসান ঘটিল৷

You might also like