নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেহত ক’ৰোনা লৈ সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰা ৩ আক্ৰান্ত লোকক আটক

নিয়মীয়া বাৰ্তা,২০ মে’: মঙলবাৰে নিশা সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন কৰিছিল ৩ ক’ৰোনাত আক্ৰান্ত লোকে। যাৰ পাছতে আৰক্ষীয়ে লোক কেইজনক বিচাৰি আৰম্ভ কৰিছিল অভিযান ।

অৱশেষত সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন কৰা এই ৩ ক’ৰোনাত আক্ৰান্ত লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন কৰা এই ধৃত ৩ ক’ৰোনাত আক্ৰান্ত লোক হৈছে ক্ৰমে নলবাৰীৰ হামিদুল আহমেদ , শ্বাজাহাল আলী আৰু হোজাইৰ মহ· ছাইদুল আলম ।

আনহাতে এই ৰোগী কেইজনৰ পলায়নক লৈ উদিগ্ন হৈ পৰা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোক কেইজনক কৰায়ত্ত কৰাৰ পাছতে সংবাদ মাধ্যমৰ জৰিয়তে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে ।

স্বাস্থ্যমন্ত্ৰীয়ে কয় যে- “নলবাৰীৰ হামিদুল আহমেদ , শ্বাজাহাল আলী আৰু হোজাইৰ মহ· ছাইদুল আলম নামৰ কোভিড-১৯ত আক্ৰান্ত ৰোগী তিনিগৰাকীয়ে সৰুসজাইৰ পৃথকীকৰণ কেন্দ্ৰৰ পৰা পলায়ন কৰি আমাক উদ্বিগ্ন কৰাৰ লগতে যথেষ্ট চাপত পেলাইছিল ৷ নলবাৰী আৰক্ষী আৰু হোজাই আৰক্ষীক অশেষ ধন্যবাদ । তেওঁলোকে তৎপৰতাৰে ৰোগী তিনিজনক আটক কৰিবলৈ সমৰ্থ হৈছে ৷”

লগতে এই ধৃত লোক কেইজনৰ বিৰুদ্ধে এনে কাণ্ড সংঘটিত কৰাৰ অপৰাধত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে ।

You might also like