নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪২ দিনত জব্দ ১২৫ কোটিতকৈ অধিক টকাৰ নিষিদ্ধ সামগ্রী

ড্রাগ্ছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত অভিযান

নিয়মীয়া বাৰ্তা ২৬ জুনঃ  নতুন প্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া নিষিদ্ধ ড্রাগ্ছ সাম্রাজ্যত কঁপনি তুলি অসম আৰক্ষীয়ে চলাই থকা অভিযানে ব্যাপক সাফল্য লাভ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত যোৱা ১০ মে’ৰ পৰা বৰবিহ ড্রাগ্ছৰ বিৰুদ্ধে আৰম্ভ হোৱা অভিযানত ইতিমধ্যে বৃহৎ পৰিমাণৰ ড্রাগ্ছ জব্দ হোৱাই নহয়, আৰক্ষীৰ জালত পৰিছে কেইবাজনো ড্রাগ্ছ মাফিয়া, সৰবৰাহকাৰী৷ উল্লেখ্য যে কাইলৈ সমগ্র বিশ্বতে পালন কৰা হ’ব ড্রাগ্ছ সেৱন, সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্রীয় দিৱস৷ মুখ্যতঃ ড্রাগ্ছ প্রতিৰোধৰ লক্ষ্যৰে প্রতিখন দেশে চলাই অহা সংগ্রামক মূল লক্ষ্য হিচাপে লৈ পালিত হ’ব লগা এই দিৱসৰ জৰিয়তে পুনৰ বৰবিহ নিষিদ্ধ ড্রাগ্ছ বন্ধ কৰাৰ বাবে ঐক্যবদ্ধ সংগ্রামৰ পোষকতা কৰা হৈছে৷ মন কৰিবলগীয়া দিশটো হ’ল যে আন্তঃৰাষ্ট্রীয় এই দিৱসৰ প্রাক্ক্ষণত ৰাজ্যজুৰি চলা ড্রাগ্ছবিৰোধী অভিযানে যে সাফল্য লাভ কৰিছে, সেয়া স্পষ্ট হৈ পৰিছে বিগত ৪২ দিনত আৰক্ষীয়ে জব্দ কৰা নিষিদ্ধ সামগ্রী৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে শেহতীয়াকৈ প্রকাশ কৰা অনুসৰি ১০ মে’ৰ পৰা ২২ জুনলৈ অসম আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে ১২৫ কোটি ৫৬ লাখ ৭৬ হাজাৰ ৬৭৫ টকা মূল্যৰ ড্রাগ্ছ সামগ্রী৷ আৰক্ষীয়ে জব্দ কৰা এই নিষিদ্ধ সামগ্রীৰ ভিতৰত আছে ১৬.২৯০ কিলোগ্রাম হেৰ’ইন৷ আন্তর্জাতিক বজাৰত প্রতিকিলো হেৰ’ইনৰ মূল্য ২ কোটি টকা৷ সেই হিচাপত ৩২ কোটি ৫৮ লাখ টকাৰ হেৰ’ইন জব্দ হৈছে৷ আনহাতে, যোৱা সময়ছোৱাত আৰক্ষীয়ে জব্দ কৰিছে ৬,৬৮৭.২৫৩ কিলোগ্রাম গাঞ্জা, যাৰ বজাৰ মূল্য হৈছে প্রতিকিলোত ৭৫ হাজাৰ টকা৷ সেই হিচাপত জব্দ হৈছে ৫০ কোটি ১৫ লাখ ৪৩ হাজাৰ ৯৭৫ টকাৰ গাঞ্জা৷ একেদৰে জব্দ কৰা হৈছে ৯.৫৩৯ কিলোগ্রাম অ’পিয়াম৷ প্রতিকিলো অ’পিয়ামৰ আন্তর্জাতিক বজাৰ মূল্য ৫ লাখ টকা৷ এনে অৱস্থাত আৰক্ষীয়ে জব্দ কৰা মুঠ অ’পিয়ামৰ মূল্য হৈছে ৪ কোটি ৭৬ লাখ ৯,৫০০ টকা৷ এনে সামগ্রীৰ লগতে আৰক্ষীয়ে ৪২ দিনত জব্দ কৰিছে ৫৭,৫৯১টা কফ ছিৰাপৰ বটল, ১.৯২৯২ কিলোগ্রাম মৰফিন, ৬,৪২,৪৪৭টা নিচাযুক্ত টেবলেট, ৩৬৯ কিলোগ্রাম প’পি ষ্ট্র, ক্রিষ্টেল চাইবু ৩ কিলোগ্রাম, নগদ ৭৯,৯১,০৬০ টকা, ১৩,৬৩০ বিদেশী টকা, ফেক ইণ্ডিয়ান কাৰেন্সী নোট (এফ আই চি এন) ৬,৮০০ টকা৷

উল্লেখ্য যে আৰক্ষীয়ে জব্দ কৰা প্রতিটো কফ ছিৰাপৰ বটলৰ দাম ৭০০ টকা৷ এনে অৱস্থাত আৰক্ষীয়ে জব্দ কৰা ৫০ হাজাৰতকৈ অধিক কফ ছিৰাপৰ বটলৰ মূল্য হৈছে ৪ কোটি ৩১ লাখ ৩,৭০০ টকা৷ আনহাতে, জব্দ কৰা নিচাযুক্ত টেবলেটৰ মূল্য হৈছে ৩২ কোটি ১২ লাখ, ২৩,৫০০ টকা৷ আনহাতে, ক্রিষ্টেল চাইবুৰ মূল্য হৈছে ৪৫ কোটি টকা৷ পৰিতাপৰ বিষয়টো হ’ল যে আৰক্ষীৰ অভিযানত যোৱা ৪২টা দিনত এনে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্রী জব্দ হোৱাৰ লগতে গ্রেপ্তাৰ হৈছে ১,১৪২জন ড্রাগ্ছ সৰবৰাহকাৰী৷ আনহাতে, এই সন্দর্ভত ৬৫৯টা গোটৰ ৰুজু কৰা হৈছে৷ মন কৰিবলগীয়া যে ড্রাগ্ছৰ বিৰুদ্ধে চলোৱা এই অভিযানত সর্বাধিক সাফল্য লাভ কৰিছে ড্রাগ্ছৰ হাব ৰূপে পৰিগণিত হোৱা কার্বি আংলং জিলাত৷ যোৱা এসপ্তাহৰ ভিতৰতে জিলাখনত ১৯ কোটি টকাৰ ড্রাগ্ছ জব্দ হৈছে৷ শেহতীয়াকৈ মণিপুৰৰ পৰা সৰবৰাহ কৰি অনা ১২ কোটি টকা মূল্যৰ ড্রাগ্ছ জব্দ কৰাত বিশেষ ভূমিকা লৈছিল অসম আৰক্ষীৰ বৰছিং বে’ নামৰ এজন হোমগার্ডে৷ প্রায় ১২ কোটি টকাৰ ছিন্থেটিক ড্রাগ্ছ এই অভিযানত উদ্ধাৰ হোৱাৰ কিছুদিন পূর্বেই আৰক্ষীয়ে আন এক অভিযানত দিদি নামেৰে এগৰাকী মহিলাক গ্রেপ্তাৰ কৰাৰ লগতে সাত কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছিল৷
শালবাৰীত ড্রাগ্ছসহ চাৰি সৰবৰাহকাৰী গ্রেপ্তাৰ
নিয়মীয়া বার্তা, আনন্দ বজাৰ, জালাহঃ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ আৰক্ষীয়ে কালি নিশা এক অভিযান চলাই চাৰি ড্রাগ্ছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হয়৷ শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া সমীৰণ বৈশ্য আৰু চিমলা থানাৰ ভাৰপ্রাপ্ত বিষয়া বিজয় দৈমাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কুমাৰীকাটা আৰু দৰঙামেলাত ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই আলিমুদ্দিন ৰহমান, থলুংগা বসুমতাৰী, সঞ্জয় মুছাহাৰী আৰু মানসপ্রতিম সত্যেন্দ্র নামৰ চাৰিজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে সৰবৰাহকাৰীকেইজন্ পৰা বৃহৎ পৰিমাণৰ ব্রাউন ছুগাৰ আৰু হেৰ’ইনভর্তি কনটেইনাৰ জব্দ কৰে৷ উল্লেখ্য যে ধৃত থুলুংগা বসুমতাৰী তামুলপুৰ বিধানসভা সমষ্টিত বি পি এফৰ প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা কৰা তথা বর্তমানৰ বিজেপি নেতা ৰণজান খুংগুৰ বসুমতাৰী ওৰফে ৰাম দাসৰ পুত্র৷
কোকৰাঝাৰত হেৰ’ইন জব্দ
ষ্টাফ ৰিপ’টাৰ, কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষীয়ে আজি ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে তিনিজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ এই যুৱককেইজন হ’ল– কোকৰাঝাৰ চহৰৰ টেঙাপাৰাৰ গৌজানথাও নার্জাৰী (২২), হাব্রুবাৰীৰ ফৰেষ্ট কলনীৰ কেনেডী ব্রহ্ম (২৩) আৰু বাগানশালীৰ সাগৰ দৈমাৰী (২২)৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে ১০টা কনটেইনাৰভর্তি হেৰ’ইন, নগদ ১৫ হাজাৰ টকা, দুটা ছিৰিঞ্জ উদ্ধাৰ কৰিছে৷
কার্বি আংলঙত ২.৫ কোটি টকাৰ অ’পিয়াম জব্দ
ষ্টাফ ৰিপ’টাৰ, গুৱাহাটীঃ কার্বি আংলং আৰক্ষীয়ে মাঞ্জা তিনিআলিত আজি নিশা ২৪.৮৬ কুইণ্টল অ’পিয়াম জব্দ কৰিবলৈ সক্ষম হয়৷ গোপন সুত্রৰ তথ্যৰ ভিত্তিত আৰ জে–১৯ জি বি–৯৮২৫ নম্বৰৰ বাৰচকীয়া ট্রাক এখনৰ পৰা ১০২টা পেকেটত কঢ়িয়াই অনা নিচাযুক্ত সামগ্রীখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ এই সামগ্রীখিনিৰ বজাৰ মূল্য হ’ব প্রায় ২.৫ কোটি টকা৷ ট্রাকখনৰ চালক চন্দ্রপ্রকাশ আৰু কৃষ্ণৰাম নামৰ দুজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ধৃত সৰবৰাহকাৰী দুজনৰ ঘৰ ৰাজস্থানত৷

You might also like