নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৫ দিনত প্রতিগৰাকী লোকক দিয়া হ’ব ভেকচিন

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২৫ জুনঃ আগন্তুক ৪৫ দিনৰ ভিতৰত ৰাজ্যৰ প্রতিগৰাকী লোকক প্রদান কৰা হ’ব ভেকচিন৷ আজি এই কথা ঘোষণা কৰিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি ২১ জুনৰ পৰা ৰাজ্যত প্রতিদিনে তিনি লাখ লোকক ভেকচিন প্রদানৰ বাবে চৰকাৰে যি লক্ষ্য লৈছে, সেই লক্ষ্যত উপনীত হ’বলৈ চৰকাৰ সক্ষম হৈছে৷ উল্লেখ্য যে বর্ধিত টিকাকৰণ অভিযানৰ জৰিয়তে প্রতিদিনে তিনি লক্ষাধিক লোকক প্রদান কৰি অহা হৈছে ভেকচিন৷ সেই অনুসৰি যোৱা তিনি দিনত ৯ লাখ ২৭ হাজাৰ লোকক ভেকচিন প্রদান কৰিবলৈ সক্ষম হৈছে স্বাস্থ্য বিভাগে৷ এতিয়ালৈ মুঠ ৬০ লাখ ৯২ হাজাৰ ভেকচিন প্রদান কৰা হৈছে৷ অৱশ্যে ৰাজ্যত এতিয়াও দুই কোটি লোকে ভেকচিন ল’বলৈ বাকী আছে৷ আজি আমবাৰীস্থিত অগপৰ কার্যালয়ত এক অনুষ্ঠানত ভাগ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত স্বাস্থ্যমন্ত্রী মহন্তই এই সন্দর্ভত কয় যে কেন্দ্রীয় চৰকাৰে আগবঢ়োৱা সহযোগিতা তথা আৱশ্যক হোৱা ভেকচিন প্রেৰণ কৰাৰ বাবে বর্ধিত টিকাকৰণ অভিযান যথেষ্ট সফল হৈছে৷ প্রতিখন জিলাত যাতে পর্যাপ্ত ভেকচিন প্রেৰণ কৰিব পাৰি, সেই দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷

ইফালে সম্ভাব্য ক’ৰোনাৰ ডেল্টা প্লাছ ভেৰিয়েণ্টক লৈ সমগ্র দেশতে যি শংকাৰ সৃষ্টি হৈছে, সেই বিষয়টোক স্বাস্থ্য বিভাগে গুৰুত্ব প্রদান কৰা বুলি আজি স্বাস্থ্যমন্ত্রীগৰাকীয়্ জানিবলৈ দিয়ে৷ ডেল্টা প্লাছ ভেৰিয়েণ্টত এতিয়ালৈ ৰাজ্যৰ কোনো লোক আক্রান্ত হোৱা নাই বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রী মহন্তই কয় যে এনে সম্ভাৱনাক লৈ স্বাস্থ্য বিভাগে সকলো দিশ পর্যালেচনা কৰি আছে৷ উল্লেখ্য যে দেশত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৰ সংক্রমণৰ আঁৰত আছে ক’ৰোনাৰ ডেল্টা প্রজাতি৷ বি.১.৬১৭.২ নামেৰে পৰিচিত এই প্রজাতিৰ ক’ৰোনা ভাইৰাছ পৰিৱর্তন হৈ ডেল্টা প্লাছ হৈছে৷ সম্প্রতি ডেল্টা প্লাছৰো ৰূপ পৰিৱর্তন হৈ কে৪১৭ নামেৰে আন এক ভাইৰাছৰ উৎপত্তি হৈছে৷ ডেল্টা প্লাছৰ এই নতুন ৰূপেই দেখাত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰীয়াই৷

ইতিমধ্যে স্বাস্থ্য মন্ত্রালয়ে ডেল্টা প্লাছ ভেৰিয়েণ্টক লৈ শংকা প্রকাশ কৰি প্রতিখন ৰাজ্যক সতর্ক হৈ থাকিবলৈ নির্দেশ দিছে৷ স্বাস্থ্য বিভাগৰ এই নির্দেশৰ পাছতেই বিষয়টোক লৈ ইতিমধ্যে পর্যালোচনা আৰম্ভ হৈছে৷ আজি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এই সন্দর্ভত কয় যে সম্ভাব্য যিকোনো পৰিস্থিতিৰ বাবে স্বাস্থ্য বিভাগ সাজু৷ ৰাজ্যত ক’ৰোনাৰ নীতি–নিয়ম পৰিস্থিতি উন্নত হ’লে শিথিল কৰিলেও সাধাৰণ ৰাইজে ক’ৰোনাৰ বিধিসমূহ মানি চলিলে ডেল্টা প্লাছ ভেৰিয়েণ্টক লৈ বিশেষ শংকা কৰিবলগীয়া নাথাকিব৷ আনহাতে, গুৱাহাটীৰ ক’ভিড পৰিস্থিতি পূর্বতকৈ উন্নত হোৱাৰ কথা উল্লেখ কৰি মন্ত্রী মহন্তই কয় যে পূর্বতকৈ পৰিস্থিতি কিছু স্বাভাৱিক হোৱা বাবে গুৱাহাটীৰ তিনিখন হাস্পতাল ক’ভিডমুক্ত কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ এই তিনিখন হাস্পতাল ক্রমে শিঙিমাৰী আদর্শ চিকিৎসালয়, মহেন্দ্র মোহন চৌধুৰী হাস্পতাল আৰু আয়ুর্বেদিক হাস্পতাল৷ এই তিনিখন হাস্পতালত এতিয়াৰে পৰা ক’ভিড ৰোগী নাথাকিব৷ ইয়াৰ পৰিৱর্তে ক’ৰোনাত আক্রান্ত নতুন ৰোগীসকলক সৰুসজাইত স্থাপন কৰা ডি আৰ ডি অ’ হাস্পতালত ভর্তি কৰোৱা হ’ব৷

You might also like