নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ বছৰীয়া কণমানি শিশু ধর্ষণ–হত্যাকাৰীক ফাঁচিৰ আদেশ

বিশ্বনাথৰ ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান

নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ এটি পাঁচবছৰীয়া কণমানি শিশুক বলাৎকাৰ কৰি হত্যা কৰা এটা গোচৰত কঠোৰ স্থিতি গ্রহণ কৰিছে বিশ্বনাথৰ সত্র ন্যায়াধীশৰ আদালতে৷ কণমানিটোক বলাৎকাৰ কৰি হত্যা কৰা মংগল পাইক নামৰ লোকজনক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে অতিৰিক্ত জিলা সত্র ন্যায়াধীশৰ আদালতে৷ ন্যায়াধীশ দীপাংকৰ বৰাৰ আদালতে ভাৰতীয় দণ্ডবিধি আৰু পছকো আইনৰ বিভিন্ন ধাৰাৰ অধীনত লম্পট পাইকক দোষী সাব্যস্ত কৰি ফাঁচিৰ নির্দেশ দিয়ে৷ দুবছৰ বিচাৰ প্রক্রিয়াৰ অন্তত বিশ্বনাথৰ দিকৰাই চাহ বাগিচাত সংঘটিত এই নির্মম হত্যাকাণ্ডৰ দোষীক কঠোৰ শাস্তি প্রদান কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ৷ ইয়াৰ জৰিয়তে ন্যায়ালয়ে শিশুটিৰ পিতৃ–মাতৃক ন্যায় প্রদান কৰিলে বুলিও স্থানীয় অঞ্চলত চর্চা চলিছে৷

উল্লেখ্য যে ২০১৮ চনৰ ১৭ ডিচেম্বৰত মংগল পাইক নামৰ লোকজনে এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত কৰিছিল৷ শোণিতপুৰৰ লখৰা বুঢ়াগাঁৱৰ মংগল পাইক নামৰ যুৱকজনে বিশ্বনাথৰ দিকৰাই চাহ বাগিচালৈ আত্মীয়ৰ ঘৰলৈ আলহী খাবলৈ আহিছিল৷ সেই সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ বিস্কুটৰ প্রলোভন দি পাঁচবছৰীয়া এটি কন্যা শিশুক ধর্ষণ কৰি হত্যা কৰে৷ শিশুটিয়ে মাক–দেউতাকৰ আগত এই কথা প্রকাশ কৰাৰ ভয়তে মংগলে শিশুটিক নির্মমভাৱে হত্যা কৰি খেৰ, জাবৰ আদিৰে মৃতদেহ ঢ়াকি থ’বলৈ চেষ্টা কৰিছিল৷ পৰৱর্তী সময়ত আৰক্ষীয়ে পাইকক গ্রেপ্তাৰ কৰি সোধা–পোছা কৰাত শিশুটিক হত্যা কৰি লুকুৱাই থোৱাৰ কথা স্বীকাৰ কৰে৷ পৰৱর্তী সময়ত এই লোমহর্ষক হত্যাকাণ্ড সন্দর্ভত চতিয়া আৰক্ষী থানাত ২০৬/১৮ নম্বৰৰ এটা গোচৰ ৰুজু হয়৷ এই গোচৰৰ ভিত্তিতে পৰৱর্তী সময়ত মংগল পাইকৰ বিৰুদ্ধে দাখিল কৰা হয় অভিযোগনামা৷ এই গোচৰটোত ১৬জন লোকৰ সাক্ষ্য গ্রহণ কৰা হৈছিল৷ আৰক্ষীয়ে দাখিল কৰা বিভিন্ন নথি–পত্র আৰু সাক্ষ্য–প্রমাণৰ ভিত্তিত আজি অতিৰিক্ত জিলা সত্র ন্যায়াধীশৰ আদালতে ভাৰতীয় দণ্ডবিধিৰ ৩৬৪/৩৭৬ (এ)/৩০২/২০১ ধাৰাৰ লগতে পছকো আইনৰ ৬ ধাৰাৰ অধীনত মংগল পাইকক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰে দণ্ডিত কৰে৷ স্বাভাৱিকতে আদালতৰ এই ৰায়দানে শিশুটিৰ পৰিয়ালটোক সন্তুষ্টি প্রদান কৰিছে৷ মামা বুলি সন্বোধন কৰা মংগলে শিশুটিক অতি নির্মমভাৱে হত্যা কৰি প্রদর্শন কৰা নির্দয়তাৰ উচিত প্রতিফল পালে বুলিও বিভিন্নজনে প্রকাশ কৰিছে৷ বিশেষকৈ অতি ক্ষিপ্রতাৰে বিচাৰ প্রক্রিয়া সম্পন্ন কৰি দোষীক শাস্তি প্রদান কৰা কার্যই বলাৎকাৰ আৰু হত্যাৰ দৰে অপৰাধ নিয়ন্ত্রণৰ ক্ষেত্রত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব বুলিও ভিন্নজনে মত প্রকাশ কৰিছে৷ গুচৰীয়া পক্ষৰ হৈ আদালতত যুক্তি প্রদর্শন কৰে অধিবক্তা জাহ্ণৱী কলিতাই৷

You might also like