নিয়মীয়া বাৰ্তা ১০ জুনঃ পৰম্পৰাগত পদ্ধতিৰে মৎস্য উৎপাদনৰ বিপৰীতে অত্যাধুনিক পদ্ধতিৰে মাছ পুহি ইয়াৰ জৰিয়তেই স্বাৱলম্বী হোৱাৰ প্রচেষ্টাত ব্রতী হৈছে নগাঁও জিলাৰ কলিয়াবৰৰ দুই উদ্যমী শিক্ষিত যুৱকে৷ এতিয়াৰে পৰা মাছ পুহিবৰ বাবে প্রয়োজন নহ’ব বহু বিঘা মাটিৰ প্রকাণ্ড প্রকাণ্ড পুখুৰী৷ পৰম্পৰাগতভাৱে পঞ্চাশ বিঘা মাটিত পোহা মাছ এতিয়া মাত্র এবিঘা মাটিতে পুহিব পৰা যাব৷ তেনে এক ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰিছে কলিয়াবৰৰ শিক্ষিত দুই যুৱক শৈলেন্দ্র গোস্বামী আৰু ধর্মেন্দ্র উপাধ্যায়ে৷ যিটো সময়ত এটা সাধাৰণ চাকৰিৰ বাবে হাজাৰ হাজাৰ উচ্চ শিক্ষিত যুৱক–যুৱতীয়ে হাহাকাৰ কৰি ফুৰিছে, সেই সময়ত কলিয়াবৰ শিক্ষিত এই দুই যুৱকে চাকৰিৰ পাছে পাছে নুঘূৰি মৎস্য পালনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে আগবাঢ়ি অহাটো এক আশাপ্রদ কথা হিচাপে চিহ্ণিত হৈছে৷ এই যুৱক দুজনে ভিয়েটনামৰ পৰা কাৱৈ মাছৰ প্রজাতি আনি কলিয়াবৰৰ উলুৱনীত পৰীক্ষামূলকভাৱে পালন কৰিছিল৷ এইদৰে বৈজ্ঞানিক পদ্ধতিৰে মাছ পালন কৰি লাভৱান হোৱাৰ পিছত যুৱক দুজনে এবিঘা মাটিতেই মাছ উৎপাদনৰ বাবে সাজু হৈছে৷ অসম চৰকাৰৰ মীন বিভাগৰ জৰিয়তে পঞ্চাশ লাখ টকাৰ এক অভিলাষী আঁচনি গ্রহণ কৰি এবিঘা মাটিত ৮টাকৈ কংক্রিট পুখুৰী তৈয়াৰ কৰি তাত বিভিন্ন প্রজাতিৰ মাছ পুহিবৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ এই পুখুৰীত বহিঃৰাষ্ট্রৰ বিভিন্ন প্রজাতিৰ মাছৰ লগতে স্থানীয় প্রজাতিৰ মাছ পোহাৰো পদক্ষেপ গ্রহণ কৰিছে এই দুই যুৱকে৷ তলাবন্ধৰ বাবে প্রায় দুমাহৰো অধিক কাল পুখুৰী নির্মাণৰ কাম স্থবিৰ হৈ পৰিছিল যদিও সেই কাম পুনৰ আৰম্ভ কৰি এতিয়া সম্পূর্ণ কৰি তুলিছে৷ কলিয়াবৰৰ এই দুই শিক্ষিত যুৱকে লোৱা এই ব্যতিক্রমী পদক্ষেপে মাছ উৎপাদনৰ ক্ষেত্রত এক বিপ্লৱ গঢ়ি তোলাৰ সম্ভাৱনাৰ অৱকাশ আছে৷ যুৱক দুজনৰ এই পদক্ষেপ নিবনুৱা যুৱকৰ বাবে এক আদর্শ হিচাপে থিয় দিছে৷ যুৱক দুজনৰ এনে পদক্ষেপক সকলো লোকেই আদৰণি জনাইছে৷ উল্লেখ্য যে আজি বিয়লি ৩ বজাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মৎস্য উৎপাদনৰ এই অভিলাষী আঁচনিখনৰ শুভাৰম্ভ কৰিব৷ এই অনুষ্ঠানত জলসম্পদ মন্ত্রী কেশৱ মহন্তকে ধৰি জিলা প্রশাসন আৰু মীন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্রহণ কৰিব৷