কেন্দ্রৰ ৰাজহ ঘাটি অনুদানঃ চতুর্থ কিস্তিত অসমলৈ ৫৩১.৩৩ কোটি
নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ দেশৰ ১৭খন ৰাজ্যলৈ ৰাজহ ঘাটি অনুদানৰ চতুর্থ কিস্তিৰ ধন ৯,৮৭১ কোটি টকা মুকলি কৰি দিছে৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ে মুকলি কৰি দিয়া ১৭ ৰাজ্যৰ ৯,৮৭১ কোটি টকাৰ ভিতৰত অসমে লাভ কৰিছে ৫৩১.৩৩ কোটি টকা৷ চতুর্থ কিস্তিৰ ৫৩১.৩৩ কোটি টকাক লৈ মুঠ ২,১২৫.৩৩ কোটি টকা লাভ কৰিলে অসমে৷
অসমৰ উপৰি ৰাজহ ঘাটি অনুদান (পি ডি আৰ ডি) লাভ কৰিছে অন্ধ্রপ্রদেশ, হাৰিয়ানা, হিমাচল প্রদেশ, কর্ণাটক, কেৰালা, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাব, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্রিপুৰা, উত্তৰাখণ্ড আৰু পশ্চিমবংগই৷
বিত্ত মন্ত্রালয়ে চতুর্থ কিস্তিৰ ৰাজহ ঘাটিৰ অনুদান ৯,৮৭১ কোটি টকাক লৈ মুঠ ৩৯,৪৮৪ কোটি টকা মুকলি কৰিছে৷ উল্লেখ্য যে বিত্তীয় বর্ষ ২০২১–২২ বর্ষৰ ৰাজহ ঘাটিৰ ধন পর্যায়ক্রমে মুকলি কৰি দি আছে৷ সংবিধানৰ অনুচ্ছেদ ২৭৫ৰ অধীনত ৰাজ্যসমূহক পোষ্ট ডিভুলুচন ৰিভিনিউ ডিফিচিট গ্রাণ্ট কেন্দ্রই যোগান ধৰে৷
পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদনমর্মেই ১৭ ৰাজ্যক মাহিলি কিস্তিৰ ৰাজহ ঘাটি অনুদান মুকলি কৰি দিছে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে৷
মন কৰিবলগীয়া যে পঞ্চদশ বিত্তীয় আয়োগে ২০২১–২২ বিত্তীয় বর্ষত পি ডি আৰ ডি জিৰ মুঠ ধন ১,১৮,৪৫২ কোটি টকাত অনুমোদন জনাইছে৷ সেইমর্মে বিত্ত মন্ত্রালয়, ব্যয় বিভাগে কিস্তিৰ ৰূপত ধনখিনি ৰাজ্যসমূহলৈ মুকলি কৰি দি আছে৷