নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতদিনীয়া অনলাইন যোগাসন শিবিৰৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ২৬ মেঃ যোগাসন হৈছে শৰীৰক সুস্থ কৰি ৰখাৰ উত্তম উপায়৷ ক’ভিড পৰিস্থিতিৰ মাজতে যোগাসনৰ জৰিয়তে মানসিক আৰু শাৰীৰিক সুস্থিৰতা বজাই ৰখাৰ লগতে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় সাতদিনীয়া অনলাইন যোগাসন শিবিৰ৷ হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কার্যালয়ত এই যোগাসন শিবিৰৰ শুভাৰম্ভ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, বনমন্ত্রী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থকা এই যোগাসন শিবিৰত সকলোৱে যোগাসনত ভাগ লয়৷ বিজেপিৰ জ্যেষ্ঠ নেতা তথা হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ তত্ত্বাৱধান আৰু পৰিচালনাত হোৱা এই যোগাসন অনুষ্ঠান অনলাইনযোগে দলৰ বিভিন্ন মর্চাৰ নেতৃত্বত তথা ৩৯খন সাংগঠনিক জিলাৰ কার্যকর্তাসকলে ভাগ লয়৷ এই যোগাসন শিবিৰ সমগ্র অসমতে সাতদিনীয়াকৈ অনুষ্ঠিত হ’ব বুলি দলৰ মুখ্য মুখপাত্র ৰূপম গোস্বামীয়ে জানিবলৈ দিছে৷

You might also like