ৰাজ্যত নতুনকৈ ৮৮ গৰাকী লোকৰ দেহত ক’ৰোনা; আক্ৰান্তৰ সংখ্যা ৬৩৭০ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ৰাজ্যত নতুনকৈ ৮৮ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ২৩ গৰাকী কামৰূপ(ম)ৰ, ২০ গৰাকী শোণিতপুৰৰ, ১০ গৰাকী তিনিচুকীয়াৰ, ৮ গৰাকী বাক্সাৰ, ৭ গৰাকী কৰিমগঞ্জৰ, ৫ গৰাকী ডিব্ৰুগড়ৰ, ৪ গৰাকী ধুবুৰীৰ, ৩ গৰাকী কোকৰাঝাৰৰ, ৩ গৰাকী কামৰূপৰ, দুগৰাকী বিশ্বনাথৰ, দুগৰাকী নলবাৰীৰ, এগৰাকী ধেমাজিৰ ৷
- অসমত বৰ্তমানলৈ কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা – ৬৩৭০ জন ৷
- ৰাজ্যত সম্প্ৰতি ২৪০০ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
- সুস্থ হোৱা ৰোগীৰ সংখ্যা – ৩৯৫৮
- বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা – ৯