নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰৰ হিংসাৰ আঁৰত ৬ ব্যক্তি; পিএফআই–চিএফআইৰ সদস্যসহ হিংসাত্মক ঘটনাত জড়িত এজন কলেজ শিক্ষকো

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ দৰং জিলাৰ ধলপুৰত যোৱা ২৩ ছেপ্টেম্বৰত সংঘটিত সংঘাতৰ ঘটনাৰ আঁৰত আছিল ৬ ব্যক্তি৷ আমছু, পপুলাৰ ফ্রণ্ট অব্ ইণ্ডিয়া (পি এফ আই), কেম্পাছ ফ্রণ্ট অব্ ইণ্ডিয়া (চি এফ আই)ৰ পাঁচ সদস্য আৰু এজন কলেজ প্রবক্তাকে ধৰি ৬ ব্যক্তিৰ ষড়যন্ত্রতেই গৰুখুঁটি কাণ্ড সংঘটিত হোৱাৰ তথ্য চোৰাংচোৱাই আহৰণ কৰিছে৷ চোৰাংচোৱা বিভাগৰ এক সূত্রই এই কথা প্রকাশ কৰে৷

উক্ত ঘটনাৰ ষড়যন্ত্রকাৰী হিচাপে চোৰাংচোৱাই চিহ্ণিত কৰা ব্যক্তিকেইজন হৈছে দৰঙৰ আমছু নেতা আইনুদ্দিন, আব্দুৰ ৰহমান বিশ্বাস, ইতিহাদ (আই টি ই এইচ এ ডি) ফ্রণ্টৰ নুৰ ইছলাম, জিয়াৰুল হক, পি এফ আইৰ ছৰিফুল ইছলাম আৰু খাৰুপেটীয়া কলেজৰ প্রবক্তা নাজিৰ হুছেইন সৰকাৰ৷ চোৰাংচোৱা সূত্রটোৱে আৰু জানিবলৈ দিয়া মতে, আমছুৱে উচ্ছেদ অভিযান বন্ধৰ নামত অঞ্চলটোৰ গৰিব–দুখীয়া লোকসকলৰ পৰা বিগত সময়ছোৱাত ২৮ লাখ টকা সংগ্রহ কৰিছিল৷

ইপিনে ধলপুৰৰ গৰুখুঁটিত হিংসাত্মক ঘটনাৰ আঁৰত পি এফ আই, চি এফ আই সদস্য আৰু এজন কলেজৰ প্রবক্তা জড়িত থকাৰ বিষয়ে শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি সেই অঞ্চলৰ গৰিব, দুখীয়া বেদখলকাৰীসকলক উচ্ছেদৰ পৰা ৰক্ষা কৰাৰ নামত যোৱা তিনি মাহৰ ভিতৰত ২৮ লাখ টকা সংগ্রহ কৰা হৈছিল৷ তেওঁলোকে চৰকাৰক উচ্ছেদ চলোৱাৰ পৰা বিৰত ৰখাৰ নামত সেই ধন আদায় লৈছিল৷ কিন্তু চৰকাৰে উচ্ছেদ অভিযান চলোৱাত ৬ ব্যক্তিয়ে ষড়যন্ত্র কৰি সেই দিনা সংঘর্ষৰ ঘটনাটো সংঘটিত কৰে৷ ষড়যন্ত্রকাৰীসকল ভিতৰত এজন কলেজৰ শিক্ষকো জড়িত আছে৷ তদুপৰি ঘটনাৰ দিনা গোসাঁইগাঁও, কোকৰাঝাৰৰ পৰা অঞ্চলটোলৈ খাদ্য–সামগ্রী বিতৰণৰ বাবে পি এফ আইৰ দল এটা আহে৷ সেই দলটোৱে এটা সময়ত গৰুখুঁটিত উপস্থিত হৈ ৰাইজক উচটনি দিয়ে৷ ৬০টা বেদখলকাৰী পৰিয়ালৰ বিৰুদ্ধে সেই দিনা প্রশাসনৰ উচ্ছেদ অভিযান চলিছিল৷ কিন্তু তাত উচ্ছেদৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে সমৱেত হৈছিল ১০ হাজাৰ লোক৷ চৰকাৰে ইতিমধ্যে সেই দিনাৰ ঘটনাৰ বাবে ন্যায়িক তদন্ত ঘোষণা কৰিছে৷ ন্যায়িক তদন্তৰ অন্তত এই সম্পর্কত বহু বিস্ফোৰক তথ্য প্রকাশ পোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই ব্যক্ত কৰে৷

পি এফ আইৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ‘কা’ আন্দোলনৰ সময়ত পি এফ আইৰ ৰাজ্যিক সভাপতিজন গ্রেপ্তাৰ হৈছিল৷ তিনি মাহ জে’লত থকাৰ পাছত তেওঁ জামিনত মুক্ত হৈ আহে৷ তেতিয়াই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেন্দ্রক অসমত পি এফ আইক নিষিদ্ধ কৰাৰ বাবে দাবী জনাই তেওঁলোকৰ কাম–কাজ সম্পর্কত ড’ছিয়াৰ দিয়া হৈছিল৷ এতিয়া ৰাজ্য চৰকাৰে পুনৰ কেন্দ্রক অসমত পি এফ আইক সম্পূর্ণৰূপে নিষিদ্ধ কৰাৰ বাবে প্রস্তাৱ দিব৷ উচ্ছেদ অভিযানৰ পূর্বে আমছুৰ সৈতেও গুৱাহাটীত দুবাৰকৈ তেওঁ আলোচনাত মিলিত হৈছিল৷ কংগ্রেছ বিধায়িনী দলৰ সৈতেও তেওঁ যেতিয়া উচ্ছেদ সম্পর্কে আলোচনা কৰিছিল, সেই সময়ত বিধায়িনী দলটোৱে অসম চৰকাৰে প্রথমবাৰৰ বাবে উচ্ছেদিত লোকসকলক সংস্থাপনৰ বাবে গ্রহণ কৰা পদক্ষেপক আদৰণি জনাইছিল৷ প্রকৃত ভূমিহীন লোক যাৰ অসমৰ কোনো স্থানত মাটি নাই, তেওঁলোকক দুই একৰকৈ মাটি দিয়াৰ সিদ্ধান্ত লৈছিল৷ কিন্তু উক্ত অঞ্চলটো খেতিৰ বাবে উপযোগী হোৱা বাবে বহু লোকে তাত খেতি কৰিবলৈ আহিছিল৷ দলগাঁও, বাঘবৰকে ধৰি বিভিন্ন স্থানৰ পৰা সেইসকল লোক অহা৷ বহুতেই তাত বসবাস কৰা লোকসকল বান–খহনীয়াত ক্ষতিগ্রস্ত হৈ অহা লোক বুলি ক’ব খোজে৷ কিন্তু বান–খহনীয়াত ক্ষতিগ্রস্ত লোকসকলে নিজ জিলাতেই নাথাকি ৩০০ কিলোমিটাৰ আঁতৰলৈ কিয় আহিল বুলিও তেওঁ প্রশ্ন কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে উক্ত অঞ্চলত ১৯৮৩ চনত দুষৃকতিকাৰীয়ে ৭/৮গৰাকী লোকক হত্যা কৰিছিল৷ প্রত্যেক দুই–তিনি বছৰৰ মূৰে মূৰে তাত তেনে ঘটনা সংঘটিত হৈ থাকে৷ সেই দিনাৰ ঘটনা সম্পর্কত চি আই ডিৰ তদন্ত চলি থকাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কোনে সেই দিনাখন উক্ত স্থানত ১০ হাজাৰ লোকৰ সমাগম ঘটাইছিল, সেয়া স্পষ্ট ৰূপত তদন্তৰ অন্তত ওলাই পৰিব৷

ইফালে গৰুখুঁটিৰ ঘটনাৰ বাবে পি এফ আই, চি এফ আয়ে আন্দোলন কৰি সমগ্র বিষয়টোক সাম্প্রদায়িক ৰূপ দিব বিচৰা কার্যৰ সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজিও পি এফ আই, চি এফ আয়ে বাক্সাৰ শালবাৰীত আন্দোলন কৰি আছে৷ তেওঁলোকে বিষয়টোক সাম্প্রদায়িক ৰূপ দিব বিচাৰিছে৷ কিন্তু বিষয়টো সাম্প্রদায়িক ইছ্যু নাছিল৷ সেই দিনা উপস্থিত ২৭ আৰক্ষীৰ ভিতৰত ২–৩জনক বাদ দি সকলো মুছলমান আছিল৷ ১০ হাজাৰ মানুহে ২৭ আৰক্ষীক ঘেৰাও কৰিছিল৷ আচলতে মূল ইছ্যুটো আছিল এজন মানুহৰ হাতত ২০০ বিঘা মাটি আছে৷ এই ঘটনাটো সম্পর্কত ৰাষ্ট্রীয় সংবাদ মাধ্যমকো তেওঁ সমগ্র ঘটনাৰ ভিডিঅ’ চাই সংবাদ পৰিৱেশনৰ আহ্বান জনায়৷

You might also like