উত্তৰ–পূব বিৰোধী নতুন অধ্যাদেশৰ প্রস্তুতি; ইআইএৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ আহ্বান আছুৰ
নিয়মীয়া বার্তা, ২৬ জুলাইঃ উত্তৰ–পূর্বাঞ্চলৰ জৈৱ–বৈচিত্র্যৰ লগতে প্রাকৃতিক সম্পদৰ প্রতি ভাবুকি কঢ়িয়াই আনিব পৰাকৈ কেন্দ্রীয় চৰকাৰে প্রস্তুত কৰা পৰিৱেশ প্রভাৱ নিৰূপণ অধিসূচনা (ইআইএ) ২০২০ৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম ছাত্র সন্থা (আছু)৷ ইতিমধ্যে জনসাধাৰণৰ মতামত গ্রহণৰ পর্যায়ত থকা এই অধিসূচনাখনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ সকলোকে আহ্বান জনাইছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই৷
টুইটাৰ যোগে ড০ ভট্টাচার্যই অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ স্বার্থবিৰোধী এই ইআইএ প্রত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে৷ একেদৰে অহা ১১ আগষ্টৰ ভিতৰত এই অধিসূচনাখনৰ বিৰুদ্ধে মতামত প্রকাশ কৰি সকলোকে প্রতিবাদ সাব্যস্ত কৰিবলৈও তেওঁ আহ্বান জনায়৷ সংবাদ মাধ্যমৰ আগত অধিসূচনাখন সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ড০ ভট্টাচার্যই কয়, ‘পৰিৱেশ আইন উলংঘা কৰিলেও এই অধিসূচনাৰ বাবে কোনেও মাত মাতিব নোৱাৰিব৷ এয়া ৰাইজৰ কণ্ঠ স্তব্ধ কৰাৰ এক ব্যৱস্থা৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সম্পদ লুণ্ঠনৰ বাবে কৰা এই ব্লু–প্রিণ্ট কেতিয়াও মানি নলওঁ৷ বলপূর্বকভাৱে এই অধিসূচনা জাৰি কৰিলে সমগ্র উত্তৰ–পূবজুৰি ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদ হ’ব’৷ একে সময়তে তেওঁ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহকো এই অধিসূচনাখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে নতুন অধিসূচনাখনৰ জৰিয়তে কেন্দ্রীয় চৰকাৰে কেতবোৰ গুৰুত্বপূর্ণ কার্যত হস্তক্ষেপ কৰিব বিচাৰিছে৷ এই নতুন অধিসূচনা বলৱৎ হ’লে আন্তঃৰাষ্ট্রীয় সীমান্তৰ পৰা ১০০ কিলোমিটাৰৰ ভিতৰত বৃহৎ প্রকল্প স্থাপনৰ ক্ষেত্রত ৰাইজে কোনো ধৰণৰ আপত্তি কৰিব নোৱাৰিব৷ সেইদৰে কয়লা খনন, আন্তঃগাঁথনি উন্নয়ন, তাপবিদ্যুৎ, নিউক্লিয়াৰ আৰু জলবিদ্যুৎ প্রকল্প ৰিয়েল ইষ্টেট, উদ্যোগ প্রকল্পসমূহো সামৰিব এই অধিসূচনাই৷ জলসিঞ্চন প্রকল্পৰ আধুনিকীকৰণত মাত মাতিব নোৱাৰিব ৰাইজে৷
আনহাতে নতুন অধিসূচনা বলৱৎ হ’লে ৰাষ্ট্রীয় ঘাইপথ বহলকৰণ আৰু সম্প্রসাৰণত আপত্তি দর্শাব নোৱাৰিব জনতাই৷ ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু সুৰক্ষাজনিত প্রকল্পত ৰাইজৰ মতামত হৈ পৰিব অর্থহীন৷ ৰাষ্ট্রীয় স্বার্থজড়িত প্রকল্পৰ ক্ষেত্রত ৰাজহুৱা শুনানি অনুষ্ঠিত নহ’ব৷ সবাতোকৈ ভয়ংকৰ কথা এই যে বনাঞ্চলসমূহত কয়লা খনন আৰু তৈলখাদৰ দৰে প্রকল্প বাধাহীন হৈ পৰিব৷ পৰিৱেশ ৰক্ষাৰ ক্ষেত্রত জনতাৰ প্রতিবাদক বাধা দিব পৰাকৈ স্বতন্ত্র ক্ষমতাৰ অধিকাৰ চৰকাৰক এই অধিসূচনাই প্রদান কৰিব৷ ইতিমধ্যে ৰাইজৰ মতামত প্রদানৰ পর্যায়ত থকা এই বিধেয়কখনক লৈ দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ এই নতুন অধিসূচনাখনৰ জৰিয়তে আটাইতকৈ ক্ষতিগ্রস্ত হ’বলগীয়া লোকসকলক সজাগ কৰাৰ ক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷ বহু পৰিৱেশবিদে এই মহামাৰীৰ সময়ত কেন্দ্রীয় চৰকাৰে নতুন অধিসূচনাখন জাৰি কৰিবলৈ চলোৱা যো–জাক সমালোচনা কৰিছে৷ তেওঁলোকৰ মতে, বর্তমান দেশৰ জনসাধাৰণে ক’ভিড–১৯ৰ পৰা নিজকে বচাবলৈ আৰু স্বাস্থ্য সম্পর্কীয় বিধিসমূহ মানি চলাৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব প্রদান কৰিবলগীয়া হৈছে৷