বিজেপিত যোগদান ১০০০ গৰাকী প্ৰাক্তন আছু সদস্যৰ
নিয়মীয়া বাৰ্তা, ১২ নবেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ ১০০০গৰাকী প্ৰাক্তন সদস্যই যোগদান কৰে বিজেপিত। কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত যোগদান কৰে বিজেপিত।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিভিন্ন জিলাৰ বহু লোকে আজি বিজেপিত যোগ দিছে। আমি নিশ্চয় আশাবাদী। এই ১০০০ সদস্যই যদি ১০জনকৈও সদস্য বৃদ্ধি কৰিব পাৰে তেন্তে ১০ হাজাৰজন হ’ব আৰু আগন্তুক ১৫দিনত পুনৰ বিজেপিৰ সদস্যৰ সংখ্য়া বৃদ্ধি পাব।