পৰীক্ষাৰ মাচুল ৰেহাই দিয়াৰ দাবী এবিভিপিৰ
নিয়মীয়া বার্তা, ৪ জুনঃ মহামাৰী ক’ৰোনাই আতংকিত কৰি ৰখাৰ সময়তে ৰাজ্যৰ শিক্ষার্থীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে বুধবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক এখন স্মাৰক–পত্র প্রদান কৰে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ (এবিভিপি)ৰ অসম ৰাজ্যিক শাখাই৷
ৰাজ্যিক সম্পাদক ৰাকেশ দাসৰ নেতৃত্বত যোৱা এটা সঁজাতী দলে প্রদান কৰা এই স্মাৰক–পত্রৰ জৰিয়তে সাম্প্রতিক আর্থিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সকলোধৰণৰ পৰীক্ষাৰ মাচুল ৰেহাই দিবলৈ দাবী উত্থাপন কৰে৷
আঠদফীয়া এই স্মাৰক–পত্রৰ জৰিয়তে এবিভিপিয়ে পৰিস্থিতি নিয়ন্ত্রণ নোহোৱা পর্যন্ত গতানুগতিক পাঠদান প্রক্রিয়া আৰু পৰীক্ষা অনুষ্ঠিত নকৰিবলৈও আহ্বান জনায়৷ তদুপৰি পাঠদান আৰম্ভ হোৱাৰ অতি কমেও এমাহ পিছতহে পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ লগতে অনলাইন শ্রেণীকোঠাৰ ব্যৱস্থা কৰিব নোৱৰা কোঠাসমূহত কম্পিউটাৰ স্থাপন কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে৷ তদুপৰি বর্তমান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৫০ শতাংশ ঘৰুৱা কাম আৰু ৫০ শতাংশ পাঠ্যক্রমৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এবিভিপিয়ে দাবী জনাইছে ৰাজ্য চৰকাৰক৷ মাল্টিপ’ল চইচ প্রশ্ণ পদ্ধতি অনুসৰণ কৰি প্রশ্ণকাকত প্রস্তুত, ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল ৰেহাই দিয়া, কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা শিক্ষানুষ্ঠানসমূহ ছেনিটাইজ কৰাৰ দাবী উত্থাপন কৰিছে ছাত্র সংগঠনটোৱে৷ স্মাৰক–পত্র প্রদানৰ সময়ত গুৱাহাটী শাখাৰ সম্পাদক হূষীকেশ ডেকা আৰু গুৱাহাটী কলেজৰ সাংস্কৃতিক সম্পাদিকা মেৰিন গোস্বামী উপস্থিত থাকে৷