নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ অসম সন্তান আদিল হুছেইনে আন্তঃৰাষ্ট্রীয় পর্যায়ত আন এক সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে৷ বার্লিনত অনুষ্ঠিত ‘ইণ্ডো–জার্মান’ ফিল্ম উইকত সর্বশ্রেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰিছে হুছেইনে৷ ইতিমধ্যে কেইবাটাও আন্তঃৰাষ্ট্রীয় সন্মানেৰে সন্মানিত অভিনেতাজনক ‘পৰীক্ষা’ নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে ‘ইণ্ডো–জার্মান’ ফিল্ম উইকত শ্রেষ্ঠ অভিনেতাৰ সন্মান প্রদান কৰা হয়৷ বৃহস্পতিবাৰে এক টুইটযোগে এই কথা সদৰী কৰি অভিনেতাজনে কয়– ‘পৰীক্ষা ছবিত কৰা বচ্চি পাছোৱানৰ ভূমিকাৰ বাবে সর্বশ্রেষ্ঠ অভিনেতাৰ সন্মান বার্লিনৰ ‘ইণ্ডো–জার্মান’ ফিল্ম উইকত মোক প্রদান কৰাত অতিশয় আনন্দিত হৈছোঁ৷ এই সন্মানৰ বাবে কৃতজ্ঞতা প্রকাশ কৰিছোঁ৷ এই সন্মান পৰিচালক প্রকাশ ঝা আৰু এই ছবিৰ সৈতে জড়িত সকলো কলা–কুশলীৰ নামত উছর্গা কৰিছোঁ৷’
উল্লেখ্য যে এটা বাস্তৱ ঘটনাৰ ওপৰত ভিত্তি কৰি এই ছবিখন নির্মাণ কৰিছে খ্যাতনামা চলচ্চিত্র নির্মাতা প্রকাশ ঝাই৷ বিহাৰৰ এগৰাকী ৰিক্সাচালকে নিজৰ সন্তানক চহৰখনৰ সর্বশ্রেষ্ঠ ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱাবৰ বাবে কৰা ইচ্ছা আৰু ইয়াৰ বাবে কৰা সংগ্রামক লৈ ‘পৰীক্ষা’ নামৰ ছবিখন নির্মাণ কৰা হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আদিল হুছেইনে অভিনয় কৰা দিল্লী ক্রাইম নামৰ ‘ড্রামা ছিৰিজ’ত আন্তঃৰাষ্ট্রীয় এমি সন্মানৰ বাবে মনোনীত হৈছে৷ অনুসন্ধানমূলক কাহিনীৰে নির্মাণ কৰা দিল্লী ক্রাইম সর্বশ্রেষ্ঠ ‘ড্রামা ছিৰিজ’ সন্মানৰ বাবে মনোনীত হৈছে৷