নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৮ বর্ষৰ অসামৰিক আৰু সংলগ্ণ সেৱাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল যদিও বিতর্কৰ যৱনিকা পৰা নাই৷ কাৰণ, এই পৰীক্ষা প্রক্রিয়াটোত আৰম্ভণিৰ পৰাই সংঘটিত হৈ আহিছিল অনেক অক্ষমণীয় বেমেজালি৷ ‘এনছাৰ কী’ত থকা ভুলৰ পৰা মূল্যায়নৰ বিসংগতিলৈ এশ এবুৰি অভিযোগ উত্থাপন হৈছিল অসামৰিক সেৱাৰ শেহতীয়া পৰীক্ষাৰ ক্ষেত্রত৷ কেইবাগৰাকীও প্রার্থীয়ে পৰীক্ষাৰ আসোঁৱাহসমূহ উদঙাই ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল৷ কিন্তু আদালতৰ অনুমতিসাপেক্ষে আয়োগে অলপতে চূড়ান্ত ফলাফল ঘোষণা কৰে৷ উত্তীর্ণ প্রার্থীসকলক প্রবেচনাৰ বিষয়া হিচাপে নিযুক্তিও দিয়া হৈছে৷ তাতো উদ্ভৱ হ’ল গুৰুতৰ বিতর্কৰ৷ কিয়নো প্রাৰম্ভিক পৰীক্ষাত অনুত্তীর্ণ ৬গৰাকী প্রার্থী সাক্ষাৎকাৰত উত্তীর্ণ হ’ল৷ পৰীক্ষা ব্যৱস্থাৰ সুৰঙাৰ বাবেই এই প্রার্থীসকলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ’ল৷ বিষয়টো এতিয়াও ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷ শেহতীয়া শুনানিত অসম লোকসেৱা আয়োগে এই প্রার্থীকেইগৰাকীৰ নিযুক্তিৰ সপক্ষে শপতনামা দাখিল কৰি কয় যে যিহেতু মূল ফলাফলৰ লগত প্রাৰম্ভিক পৰীক্ষাৰ নম্বৰ যোগ কৰা নহয়, গতিকে এই প্রার্থীকেইজনৰ নিযুক্তিয়ে পৰীক্ষাক প্রভাৱিত নকৰে৷ অসম লোকসেৱা আয়োগৰ এনে শপতনামাই সংস্থাটোৰ ভূমিকা অধিক ৰহস্যৰ আৱর্তলৈ ঠেলি দিছে৷ যদিহে প্রাৰম্ভিক পৰীক্ষাৰ নম্বৰ যোগ নকৰা বাবেই অনুত্তীর্ণ প্রার্থীয়েও নিযুক্তি লাভ কৰে, তেনেহ’লে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ অর্থইবা কি? তদুপৰি, ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা প্রার্থীসকলে হঠাৎ গোচৰ প্রত্যাহাৰ কৰাক লৈও নতুন ৰহস্যৰ উদ্ভৱ হৈছে৷