নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিদিনীয়া সন্ত্রাসৰ অন্তত ট্রেংকুলাইজ

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ কাজিৰঙাৰ পৰা মাজুলী হৈ আহি ঢকুৱাখনাত প্রৱেশ কৰা এটা গঁড়ে বিগত তিনি দিন ধৰি বিভিন্ন অঞ্চলত মানুহ আক্রমণ কৰি হত্যা কৰাৰ লগতে শস্যভূমিত চলাহ আছিল সন্ত্রাস৷ অৱশেষত আজি ঢকুৱাখনাৰ ঘিলামৰা থানাৰ অন্তর্গত মাজ পাতৃচুকৰ বৰকলীয়া পথাৰত পুৱাৰে পৰা বিভিন্ন কৌশল অৱলম্বন কৰি বন বিভাগৰ লোকে গঁড়টোক ট্রেংকুলাহজ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে শুকুৰবাৰে পুৱাহ ঢকুৱাখনা থানাৰ অন্তর্গত অভয়াপুৰ মাজগাঁৱত পথাৰৰ পৰা ডাঙৰি আনিবলৈ যোৱা সুনীল দলে (৪৮) নামৰ এজন লোকক খুন্দিয়াহ হত্যা কৰিছিল৷ তাৰ পৰা নিশা গঁড়টো আহি শনিবাৰে পুৱাহ ঢকুৱাখনা নগৰৰ সমীপৰ কোঁৱৰবাৰী দলনিৰ পথাৰত সোমাহ পকা ধান খাই তহিলং কৰে৷ তাৰ পৰা বন বিভাগৰ লোকে খেদাৰ চেষ্টা কৰি দিনটো ব্যর্থ হয়৷

ইফালে নিশা অৱস্থান সলনি কৰি আজি পুৱাহ গড়টোৱে ঢ়কুৱাখনা মহকুমাৰ ঘিলামৰা থানাৰ অন্তর্গত মাজ পাতৃচুকৰ বৰকলীয়া পথাৰত উপস্থিত হয়হি৷ পুৱাহ পথাৰত গৰু এৰাল দিবলৈ যোৱা লোকক খেদা আৰম্ভ কৰে৷ পাছত বন বিভাগৰ লোক, ঢকুৱাখনা মহকুমা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ লোক আহি দুঘণ্টা ধৰি অভিযান চলাহ অৱশেষত সফলভাৱে গঁড়টোক ট্রেংকুলাইজ কৰিবলৈ সক্ষম হয়৷কাজিৰঙাৰ পৰা অহা ট্রেংকুলাহজ বিশেষজ্ঞ আৰু চিকিৎসকে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰি গঁড়টোক ধৰি–বান্ধি গড়ালত ভৰাহ লৈ যায় নিৰাপদে৷ বন বিভাগৰ উচ্চপদস্থ বিষয়াহ জনোৱা মতে, গঁড়টোক গুৱাহাটীৰ চিৰিয়াখানাত নি সংস্থাপিত কৰা হ’ব৷

You might also like