শীঘ্রে ফেচবুক পেজ–ৱেব প’র্টেল সন্দর্ভত বিশেষ ব্যৱস্থা চৰকাৰৰ
নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ ফেচ্বুক পেজ আৰু ৱেব পর্টেল সম্পর্কত শীঘ্রেই বিশেষ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি ইংগিত দিছে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই৷ সদৌ অসম সাংবাদিক সন্থাৰ এটা সঁজাতী দলে মঙলবাৰে বিভাগীয় মন্ত্রীগৰাকীক সাক্ষাৎ কৰা সময়ত তেওঁ এই ইংগিত দিয়ে৷ আনহাতে, অসমৰ সাংবাদিকৰ কল্যাণৰ হকে পদক্ষেপ গ্রহণ কৰা হ’ব বুলিও আশ্বাস দিয়ে মন্ত্রী হাজৰিকাই৷ অসমত এতিয়াও বহু সৎ সাংবাদিক থকাৰ কথা উল্লেখ কৰি একাংশ সাংবাদিকৰ কিছু কর্ম–কাণ্ডই সাংবাদিকসকলক অস্বস্তিত পেলাইছে বুলিও মন্ত্ব্য কৰে মন্ত্রীগৰাকীয়ে৷ সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা
এটা বিবৃতি অনুসৰি, অসমৰ সাংবাদিকসকলৰ জীৱন– জীৱিকাৰ নিশ্চিত নিৰাপত্তা সন্দর্ভত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাৰ লগত আলোচনা কৰাৰ লগতে সাংবাদিকৰ পেন্সন, বিশেষ সাহায্য আৰু ‘এক্রিডিটেচন কার্ড’ সম্পর্কতো আলোচনা কৰা হয়৷ সাংবাদিকৰ আর্থিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মন্ত্রীসভাত বিশেষভাৱে আলোচনা কৰিবলৈও মন্ত্রী হাজৰিকাক আহ্বান জনায় সাংবাদিক সংগঠনটোৱে৷
সাংবাদিক নিগ্রহৰ ঘটনা ৰোধ কৰা সম্পর্কতো তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রীগৰাকীৰ লগত সন্থাই আলোচনা কৰে বুলি জানিবলৈ দিছে৷ বিভাগীয় মন্ত্রীগৰাকীক সন্থাৰ ফালৰ পৰা এখন স্মাৰক–পত্র প্রদান কৰা হয় বুলিও জানিবলৈ দিছে সম্পাদক নকুল তালুকদাৰে৷ সঁজাতী দলটোত সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰৰ লগতে সভাপতি পংকজ কুমাৰ নাথ, কার্যকৰী সভাপতি ধ্রুৱজোতি শর্মা, বিত্তীয় সম্পাদক মিণ্টু হেমৰম, সদস্য মইদুল ইছলামেও অংশ লয়৷ আনহাতে, তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাকো সঁজাতী দলটোৱে সাক্ষাৎ কৰে৷