নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ লাহৰীঘাট সমষ্টিত শাসক–বিৰোধী প্রতিটো ৰাজনৈতিক দলেই বিশাল সভা পাতি ৰণডংকাহে বজাইছে৷ কালি সমষ্টিটোৰ তিনিচুকীয়াত এ আই ইউ ডি এফৰ বিশাল সমাৱেশ অনুষ্ঠিত হোৱাৰ পিছত আজি আকৌ আঞ্চলিক দল অসম গণ পৰিষদে সমষ্টিটোৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ খেলপথাৰত অনুষ্ঠিত কৰে জাতীয় ঐক্য সমাৰোহ৷সমাৰোহখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কৃষিমন্ত্রী তথা অগপৰ সভাপতি অতুল বৰা আৰু জলসম্পদ মন্ত্রী তথা দলটোৰ কার্যকৰী সভাপতি কেশৱ মহন্ত৷ অগপৰ জাতীয় ঐক্য সমাৰোহখনত সভাপতি বৰাই কয় যে অসম গণ পৰিষদ দল হৈছে অসমৰ ৰাইজৰ তেজেৰে গঠিত দল আৰু ই এটা ধর্মনিৰপেক্ষ দল৷ লাহৰীঘাটৰ বিধায়ক নজৰুল ইছলামক তীব্র সমালোচনা কৰি মন্ত্রী বৰাই কয় যে ইমানদিনে লাহৰীঘাট সমষ্টিত এখন চৰকাৰী কলেজ নাছিল৷ এইবাৰ হৈছে আমাৰ চৰকাৰৰ দিনত৷ কংগ্রেছৰ ইমান দিনৰ কার্যকালত এখন চৰকাৰী কলেজ পাবলৈ সক্ষম হোৱা নাছিল৷ কৃষি উন্নয়নৰ বাবে ড্রেক্টৰ, পাৱাৰটিলাৰ দিয়া হৈছে৷ কৃষি ক্ষেত্রখনত বিপ্লৱৰ সূচনা হৈছে৷ যোৱা দিনত কৰা ভুল লাহৰীঘাটবাসীক পুনৰ নকৰিবলৈ আহ্বান জনায়৷ মন্ত্রীগৰাকীয়ে ‘মোৰ মনত ভেদ ভাব নাই অ’ আল্লাহ’ শীর্ষক জিকিৰ পৰিৱেশন কৰি কয়– এই দর্শন আমি বিশ্বাস কৰোঁ৷ আনহাতে এ আই ইউ ডি এফ আৰু কংগ্রেছে একো দিব নোৱাৰে৷ নতুন দলৰ সন্দর্ভতো অতুল বৰাৰ কটাক্ষ– গছত কঁঠাল ওঁঠত তেল নৌপাওঁতেই চেলবেল৷ মন্ত্রীগৰাকীয়ে কয় যে কংগ্রেছ আৰু এ আই ইউ ডি এফে মনে মনে কৰি থকা প্রেম এতিয়া মুকলিকৈ হৈছে৷
কংগ্রেছৰ বাবে আজমল ন–কইনা৷ কিন্তু ন–কইনাক কংগ্রেছে শিকাই–বুজাই ল’ব লাগিছিল৷ কাৰ আগত ক’ত কি কথা ক’ব লাগে শিকাই ল’ব লাগিছিল৷ তাকে নকৰাত আজমলে বিতর্কত সোমাব লগা হ’ল৷ সভাত মন্ত্রী কেশৱ মহন্তই কয় যে অসমৰ ৰাজনীতি, ভাৰতবর্ষৰ ৰাজনীতিত কংগ্রেছ, এ আই ইউ ডি এফে যিমানেই বন্ধুত্ব নকৰক, অসমৰ ৰাজনীতিত পুনৰ এবাৰ অসম গণ পৰিষদ দল থকা এটা মিত্রজোঁটৰ চৰকাৰ হ’ব৷বর্তমান বিজেপি নেতৃত্বাধীন অগপ মিত্রজোঁটৰ চৰকাৰখন ২০২১ত পুনৰ হোৱাটো নিশ্চিত৷ কোনো ৰাজনীতিয়ে ইয়াক আঁতৰাব নোৱাৰে৷ মন্ত্রী মহন্তই কয় যে যোৱা পাঁচ বছৰে তেওঁ লাহৰীঘাটৰ মথাউৰিয়ে মথাউৰিয়ে ঘূৰিছে৷ নৈপৰীয়া ৰাইজে বিপুল সহযোগ কৰিছে গৰাখহনীয়া প্রতিৰোধৰ কামত৷ বিধায়ক নজৰুল বয়স্ক লোক বাবে সন্মান কৰোঁ, কিন্তু তেওঁ ব্যর্থ হৈছে বুলি মন্ত্রী মহন্তই মন্তব্য কৰে৷ তেওঁ কয় যে নির্বাচন আহিছে বাবে এতিয়া সকলো আহিছে৷ যোৱা পাঁচ বছৰত আমি নির্বাচন নহাকৈয়ে লাহৰীঘাটলৈ বহুবাৰ আহিছোঁ, আমাৰ মুখ্যমন্ত্রী আহিছে, মথাউৰি হৈছে, খহনীয়া ৰোধ হৈছে৷ সংখ্যালঘুৰ অগপৰ লগত কেতিয়াও সংঘাত হোৱা নাই বুলি জলসম্পদ মন্ত্রীগৰাকীয়ে ভাষণত ব্যক্ত কৰে৷ আনফালে আগন্তুক চৰকাৰত সংখ্যালঘু লোকসকলক থাকিবলৈ আহ্বান জনাই লাহৰীঘাট সমষ্টিৰ পৰা এগৰাকী বিধায়ক নির্বাচিত কৰিবলৈ লাহৰীঘাটবাসী ৰাইজক মন্ত্রী মহন্তই অনুৰোধ জনায়৷ সমাৰোহখনত মন্ত্রী দুগৰাকীৰ লগতে উপস্থিত থাকে কেন্দ্রীয় সংখ্যালঘু পৰিষদৰ সভাপতি আবুবক্কৰ ছিদ্দিক, কেন্দ্রীয় মহিলা পৰিষদৰ উপ–সভানেত্রী মামণি বৰা, মৰিগাঁও জিলা অগপৰ সভাপতি শান্তনু শর্মা, হোজাই জিলা অগপৰ সভাপতি ৰেজাউল কৰিম, লাহৰীঘাট সমষ্টিৰ মহিলা পৰিষদৰ সভানেত্রী শকুন্তলা বৰদলৈকে ধৰি জিলা পর্যায়ৰ কেইবাগৰাকী বিষয়ববীয়া৷ সমষ্টিটোৰ সাত সহস্রাধিক লোক উপস্থিত থকা সমাৰোহখনৰ আৰম্ভণিতে আদৰণী ভাষণ পাঠ কৰে লাহৰীঘাট বিধান পৰিষদৰ সভাপতি তথা আগন্তুক নির্বাচনৰ সমষ্টিটোৰ প্রার্থিত্বপ্রত্যাশী গুলজাৰ হুছেইনে৷ উল্লেখ্য যে সমাৰোহখনত কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু ছাজন নায়কে গীত পৰিৱেশন কৰে আৰু গীতৰ তালে তালে শিশু, মহিলা সকলোৱে নাচি–বাগি উৎফুল্ল হৈ পৰে৷