আমিনগাঁৱত অমিত শ্বাহক সাক্ষাৎ অজন্তা নেওগৰ, শীঘ্রে বিজেপিত যোগদান
নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰঃ এমাহৰো অধিক দিন ধৰি ৰাজনৈতিক মহলত চলা ব্যাপক চর্চা, জল্পনা–কল্পনাৰ অৱসান ঘটাই কালি বিজেপিত যোগদানৰ সিদ্ধান্ত চূড়ান্ত কৰিলে জ্যেষ্ঠ কংগ্রেছ নেত্রী, প্রাক্তন মন্ত্রী তথা গোলাঘাট বিধানসভা সমষ্টিৰ সদ্যপদত্যাগী বিধায়িকা অজন্তা নেওগে৷ কালি আমিনগাঁৱৰ লোকনির্মাণ বিভাগৰ পৰিদর্শন বঙলাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাতৰ পাছতেই অজন্তা নেওগে প্রথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ অচিৰেই বিজেপিত যোগদান কৰিব৷
এই বিষয়ত সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য প্রকাশ কৰাৰ পৰা বিৰত থকাৰ পাছত কালি তেওঁ কয়– মই সোনকালেই বিস্তৃতভাৱে সকলো কথা ক’ম৷ মন কৰিবলগীয়া এয়ে যে জ্যেষ্ঠ কংগ্রেছ নেত্রী অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি চর্চা চলি থকাৰ মাজতে যোৱা ১৭ ডিচেম্বৰৰ সন্ধিয়াৰ ভাগত তেওঁ মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷
অথচ সেই দিনা কংগ্রেছ বিধায়িনী দলে প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈক শ্রদ্ধাঞ্জলি জ্ঞাপনৰ বাবে অসম বিধানসভাৰ চেণ্ড্রেল হলত এক অনুষ্ঠানৰ আয়োজন কৰিছিল৷ সেই অনুষ্ঠানত আমন্ত্রণ পায়ো কোনো কাৰণ নজনোৱাকৈ অনুপস্থিত থকা নেওগে সেই দিনাই সন্ধিয়াৰ ভাগত মুখ্যমন্ত্রী সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ শর্মাৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ পাছতেই বিষয়টোৱে নতুন গতি লাভ কৰে আৰু কংগ্রেছ মহলত ৰহস্য সৃষ্টি হয়৷
বিষয়টোৱে অধিক ৰহস্যৰ আৱর্তলৈ গতি কৰে নেওগৰ মৌন ভূমিকাই৷ এনে প্রেক্ষাপটত প্রদেশ কংগ্রেছে এক নির্দেশযোগে অজন্তা নেওগক গোলাঘাট জিলা কংগ্রেছৰ সভাপতিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ে৷ পৰৱর্তী পর্যায়ত প্রদেশ কংগ্রেছে তেওঁক বিষয়টো স্পষ্ট কৰিবলৈ আহ্বান জনায় আৰু ২৪ ডিচেম্বৰত এখন পত্রযোগে ২৫ ডিচেম্বৰৰ ভিতৰত সেই বিষয়ে প্রকাশ কৰিবলৈ নির্দেশ দিয়ে৷
কিন্তু নেওগে প্রদেশ কংগ্রেছক উত্তৰ দিয়াৰ পৰিৱর্তে ২৫ ডিচেম্বৰৰ দিনা কংগ্রেছ ত্যাগ কৰাৰ লগতে বিধায়ক পদো ইস্তফা দিয়ে৷ আনহাতে, ২৫ ডিচেম্বৰত কংগ্রেছে অজন্তা নেওগক দলৰ প্রাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰে৷ এই ৰাজনৈতিক ঘটনাক্রমৰ মাজতে পূর্বৰে পৰা চলি অহা চর্চা আৰু জল্পনা–কল্পনা অনুসৰি অসম ভ্রমণত থকা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক কালি সন্ধিয়া নেওগে সাক্ষাৎ কৰে৷
ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা আৰু তেজপুৰৰ সাংসদ পল্লৱলোচন দাসৰ সৈতে একেখন বাহনত উঠি আমিনগাঁৱৰ লোকনির্মাণ বিভাগৰ পৰিদর্শন বঙলাত অজন্তা নেওগ উপস্থিত হৈ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ সৈতে আলোচনাত মিলিত হয়৷ অজন্তা নেওগৰ দৰে লক্ষীপুৰ সমষ্টিৰ কংগ্রেছ বিধায়ক ৰাজদীপ গোৱালায়ো কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক একে সময়তে সাক্ষাৎ কৰে৷ সেই সাক্ষাতৰ পাছতেই অজন্তা নেওগে অচিৰেই বিজেপিত যোগদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷
বিজেপিৰ এক সূত্রৰ পৰা জানিব পৰা মতে, কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে অজন্তা নেওগৰ উপৰি ৰাজদীপ গোৱালাকো বিজেপিত যোগদানৰ ক্ষেত্রত সেউজ সংকেত দিছে৷ বৈঠকখনত অমিত শ্বাহে দুয়োগৰাকী কংগ্রেছৰ পৰা আহিবলগীয়া নেতাক নিজ নিজ সমষ্টি তথা জিলাত দলক অধিক শক্তিশালী কৰাৰ কামত আত্মনিয়োগ কৰাৰ বাবে এতিয়াৰে পৰা আত্মনিয়োগ কৰিবলৈ পৰামর্শ দিয়ে৷
কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে দুয়োগৰাকী কংগ্রেছ নেতাৰ সৈতে ৰাজ্যৰ সাম্প্রতিক ৰাজনৈতিক পৰিস্থিতি সম্পর্কতো বিভিন্ন ইছ্যুক লৈ আলোচনাত মিলিত হৈ পৰিস্থিতিৰ কিছু পর্যালোচনাও কৰে বুলি সূত্রটোৱে প্রকাশ কৰে৷