কাগজ কলক লৈ হাতে হাত ধৰি ৰিপুণ বৰা–আজমলৰ প্রতিবাদ
নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ সমাগত বিধানসভা নির্বাচনত কংগ্রেছ–এ আই ইউ ডি এফে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সিদ্ধান্ত ইতিমধ্যে গ্রহণ কৰিছে৷ দুয়ো দলৰ মিত্রতাৰ এক অনন্য নজিৰ আজি সংসদ ভৱনতো প্রতিফলিত হ’ল৷ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ্ দাবীত দুয়ো দলে সাব্যস্ত কৰিলে উত্তাল প্রতিবাদ৷ সংসদ ভৱনৰ চৌহদত থকা গান্ধী মূর্তিৰ সন্মুখত হাতে হাতে বেনাৰ আৰু শ্লোগানেৰে কেন্দ্রৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্রেছ–এ আই ইউ ডি এফৰ বিষোদগাৰৰ সুৰত সুৰ মিলালে ৰাজ্যসভাৰ নৱনির্বাচিত নির্দলীয় সাংসদ অজিত কুমাৰ ভূঞাই৷ প্রতিবাদী এই কার্যসূচীত হাতে হাত ধৰি অংশ ল’লে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা, ৰাণী নৰহ, লোকসভাৰ কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, আব্দুল খালেক আৰু সদ্যনির্বাচিত অজিত কুমাৰ ভূঞা৷ পাছত সাংবাদিকৰ আগত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ বক্তব্য– ৰাজ্যৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত বিৰোধী দল হিচাপে কংগ্রেছ আৰু এ আই ইউ ডি এফে আজি সংসদ ভৱন প্রাংগণত ঐক্যবদ্ধভাৱে ধর্ণা কার্যসূচী ৰূপায়ণ কৰিলোঁ৷ নির্দলীয় সাংসদ হিচাপে অজিত কুমাৰ ভূঞায়ো আমাক এইক্ষেত্রত নৈতিক সমর্থন আগবঢ়াই ধর্ণা কার্যসূচীত অংশগ্রহণ কৰিছে৷ কাগজ কল দুটাৰ লগতে ইয়াৰ লগত জড়িত প্রায় ২ লাখ লোকৰ জীৱন–জীৱিকাও ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ৷ কালি ৰাজ্যসভাত শূন্যকালত উত্থাপন কৰা বিষয়টো আজি পুনৰ উত্থাপন কৰি বৰাই কয় যে চৰকাৰে চীনৰ পৰা হাজাৰ হাজাৰ কোটি টকাৰ কাগজ আমদানি কৰিব পাৰে, কিন্তু বন্ধ হৈ থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব নোৱাৰে৷ প্রধানমন্ত্রীৰ আত্মনির্ভৰ ভাৰতৰ এয়াই প্রকৃত ছবি বুলি বৰাই কটাক্ষ কৰে৷ লক্ষণীয়ভাৱে কংগ্রেছ আৰু এ আই ইউ ডি এফে আজি একমুখে কাগজ কল দুটাৰ শ্রমিক–কর্মচাৰীসক্ বকেয়া দৰমহা মোকলাই দিয়াৰ দাবী উত্থাপন কৰে৷ যিকোনো মূল্যত কাগজ কল দুটা কার্যক্ষম কৰি তোলাৰ বাবে তেওঁলোক প্রধানমন্ত্রীৰ কার্যালয়ৰ প্রত্যক্ষ হস্তক্ষেপৰো দাবী জনায়৷