নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’লে আপত্তি ক’ত বুলি অদ্ভুট যুক্তি দিলে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ। শিৱসাগৰৰ প্ৰেছক্লাবত অনুষ্ঠিত এখন সভাত এই মন্তব্য সাংসদগৰাকীৰ। তেওঁ লগতে কয় যে বৰ্তমান চৰকাৰ স্বাস্থ্য-বিত্ত-নিবনুৱা-মূল্যবৃদ্ধি একো সমস্যা নহয়। তেওঁলোকৰ মাথোঁ এটাই সমস্যা আজমল।
বদৰুদ্দিন আজমলক চৈয়দ আব্দুল মালিকৰে তুলনা কৰি অজিত কুমাৰ ভূঞাই কয় যে যদিহে ছৈয়দ আব্দুল মালিক, ইমৰাণ শ্বাহ অসম সাহিত্য সভাৰ সভাপতি হ’ব পাৰে তেন্তে আজমল কিয় অসমৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰে?
তেওঁ লগতে কয় যে ২০২১ৰ নিৰ্বাচনত যদি বিজেপিক পৰাস্ত কৰিব লাগে তেন্তে বাকী দলসমূহ ঐক্যবদ্ধ হ’ব লাগিব। সকলো কা বিৰোধী শক্তি একলগ হ’ব লাগিব। একলগে নহ’লে বিজেপি লাভৱান হোৱাটো খাটাং। গতিকে সকলো একলগ হ’লেহে বিজেপিৰ দৰে শক্তিশালী দলক প্ৰতিহত কৰিব পাৰিম।