নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিক বুঢ়া আঙুলি দেখুৱাই অসমত ক্রমাৎ শক্তিশালী হৈ উঠিছিল নিযুক্তি ছিণ্ডিকেট চক্র৷ পঞ্চায়ত–গ্রামোন্নয় পৰা আৰম্ভ কৰি শেহতীয়াকৈ অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়ালৈ সকলোতে বিয়পি আছিল ছিণ্ডিকেট বাহিনীৰ হাতোৰা৷ মূলতঃ কেইটামান ঠিকাদাৰী প্রতিষ্ঠানৰ দ্বাৰা পৰিচালিত এই ছিণ্ডিকেটৰ পৃষ্ঠপোষকতা আগবঢ়াইছিল শাসকীয় শিবিৰৰ কেইবাগৰাকীও প্রভাৱশালী নেতাই৷ আৰক্ষীৰ উপ–পৰিদর্শক পদৰ প্রশ্ণকাকত ফাদিলৰ তদন্ত আগবঢ়াৰ লগে লগে ছিণ্ডিকেট চক্রৰ মুখাও খোল খাব ধৰিছে৷ প্রশ্ণকাকত ফাদিলৰ কলংকিত ঘটনাত বিজেপি নেতা দিবন ডেকা জড়িত থকাটো স্পষ্ট হৈ পৰাৰ পাছত এইবাৰ উক্ত কেলেংকাৰিত সাঙোৰ খাইছে অসম গণ পৰিষদৰ এগৰাকী যুৱ নেতাৰ নাম৷ বিগত লোকসভা নির্বাচনৰ আগে আগে অসমৰ এটা জাতীয় সংগঠন ত্যাগ কৰি অগপত যোগ দিছিল এইগৰাকী নেতাই৷ তেওঁ শাসনাধিষ্ঠিত চৰকাৰৰ এজন প্রভাৱশালী মন্ত্রীৰ ঘনিষ্ঠ আত্মীয়ও৷ বিজেপি নেতা দিবন ডেকাৰ দৰেই অগপৰ এইগৰাকী যুৱ নেতায়ো বক্র পথেৰে বহু যুৱকক অসম আৰক্ষীৰ উপ–পৰিদর্শক পদত নিযুক্তি দিয়াৰ যো–জা চলাইছিল৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰেই এইবাৰ ধনৰ বিনিময়ত নিযুক্তি প্রদানত সফল নহ’ল ছিণ্ডিকেট বাহিনী৷ ধৰা পৰিল আৰক্ষীৰ নিযুক্তি কেলেংকাৰিত৷ শাসকীয় দলৰ নেতাৰ পৃষ্ঠপোষকতা পাই ছিণ্ডিকেট চক্রটো বেপৰোৱা হৈ পৰে আৰু লজ–ভাৰাঘৰত স্থাপন কৰি লয় পৰীক্ষা কেন্দ্র৷ চাকৰিৰ নামত মুকলি বজাৰ স্থাপনৰ পাছতে নিযুক্তিৰ ক’লা বজাৰখন উন্মোচিত হৈ পৰে৷ সমান্তৰালভাৱে নিযুক্তি কেলেংকাৰিৰ পৃষ্ঠপোষকতা কৰা অগপ–বিজেপি নেতাৰ পৰিচয়ো পোহৰলৈ আহে৷ কিন্তু লক্ষণীয় কথাটো হ’ল, বিজেপি চৰকাৰৰ আমোলত সংঘটিত হৈ অহা এই বৃহৎ নিযুক্তি কেলেংকাৰিৰ আঁত ধৰিছিল কেইবাটাও অতি বিতর্কিত ঠিকাদাৰী প্রতিষ্ঠানে৷ এই প্রতিষ্ঠানকেইটাই আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি পৰীক্ষাৰ ঠিকা লাভ কৰে৷ সেই বাবে আৰম্ভণিৰ পৰাই সমগ্র প্রক্রিয়াটো সন্দেহৰ আৱর্তত সোমাই পৰিছিল৷ কিন্তু গৃহ বিভাগে বিষয়টোত যথোচিত গুৰুত্ব প্রদান নকৰা বাবেই পৰীক্ষাত অৱতীর্ণ হোৱা ৬৬ হাজাৰ নিবনুৱা পৰীক্ষা কেন্দ্রৰ পৰা বিমুখ হৈ উভতিবলগীয়া হ’ল৷
উল্লেখ্য যে অসমত সর্বানন্দ সোণোৱালৰ কার্যকালত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত সংঘটিত হৈছিল প্রথমটো মুকলি দুর্নীতি৷ বিভাগটোৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব যদিও বহিঃৰাজ্যৰ এটা প্রতিষ্ঠানে লাভ কৰিছিল, অসমত কার্যতঃ পৰীক্ষা অনুষ্ঠিত কৰিছিল প্রাঞ্জল বৰুৱা নামৰ বিতর্কিত ব্যক্তিজনৰ প্রতিষ্ঠানে৷ এইগৰাকী প্রাঞ্জল বৰুৱাৰ ঘনিষ্ঠ সহযোগী হ’ল বিজেপি নেতা দিবন ডেকা৷ যাৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত বিজেপি নেতা–পালিনেতাৰ অনেক অঙহী–বঙহীয়ে নিযুক্তি লাভ কৰাৰ লগতে দিবন ডেকাৰ পত্নীয়েও চাকৰি লাভ কৰে৷ একেটা প্রতিষ্ঠানে বন বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰে যদিও অনেক বেমেজালিৰ বাবে আজিপর্যন্ত উক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহ’ল৷ উল্লেখ কৰি থোৱাটো ভাল হ’ব যে অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে আৰক্ষীৰ ভেৰিফিকেচন নোহোৱাকৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগতে নিযুক্তি প্রদান কৰা হৈছিল৷ ইয়াৰ পৰৱর্তী পর্যায়ত জলসিঞ্চন বিভাগত নিযুক্তি পৰীক্ষাৰ ঠিকা দিয়া হয় প্রাঞ্জল বৰুৱাৰ লগত সু–সম্পর্ক ৰক্ষা কৰি অহা প্রসেনজিৎ খাউণ্ড আৰু সভাপণ্ডিত উপাধিৰ ব্যক্তি দুগৰাকীৰ প্রতিষ্ঠানক৷ খাউণ্ডৰ প্রকৃত ঘৰ হৈছে নগাঁও জিলাৰ কলিয়াবৰত৷ বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছতে খাউণ্ড–সভাপণ্ডিতৰ কোম্পানীয়ে নিযুক্তি পৰীক্ষাৰ ঠিকাত নামি পৰে৷ নগাঁৱৰ অগপ নেতাগৰাকী খাউণ্ডৰ জৰিয়তেই নিযুক্তি প্রক্রিয়াসমূহৰ লগত জড়িত হৈ পৰে৷ খাউণ্ড–সভাপণ্ডিতৰ প্রতিষ্ঠানে অনুষ্ঠিত কৰা জলসিঞ্চন বিভাগৰ পৰীক্ষাও সম্প্রতি ন্যায়ালয়ৰ বিচাৰাধীন৷ এইবাৰ অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ নিযুক্তিৰ ঠিকা খাউণ্ড–সভাপণ্ডিতে লাভ কৰা নাছিল যদিও প্রাঞ্জল বৰুৱাৰ জৰিয়তে তেওঁলোকে নিযুক্তি প্রক্রিয়াটোৰ লগত সাঙোৰ খাই পৰে৷ সেইমর্মে ঠিকাদাৰী প্রতিষ্ঠানকেইটাৰ স্বত্বাধিকাৰীসকলৰ লগতে অগপ–বিজেপিৰ নেতাকেইজনেও নিযুক্তিৰ প্রতিশ্রুতিৰে নিবনুৱাসকলৰ পৰা ধন সংগ্রহ আৰম্ভ কৰে৷ অসমৰ ভিন্ন প্রান্তত ঠিকাদাৰী প্রতিষ্ঠানৰ এজেণ্টে সোঁৱে–বাঁৱে ধন সংগ্রহ কৰাৰ উপৰি উজনি অসমত ফুকন উপাধিৰ এজন বিজেপি নেতায়ো বহু নিবনুৱাৰ পৰা উৎকোচ সংগ্রহ কৰাৰ অভিযোগ উঠিছে৷ ইয়াৰ পাছত তেওঁলোকে নিযুক্তিৰ পথ মসৃণ কৰিবলৈ আগতীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়৷ গণেশগুৰিৰ থেংক ইউ লজৰ সমান্তৰালভাৱে সুন্দৰপুৰৰ এটা ভাৰাঘৰতো আগতীয়াকৈ উপ–পৰিদর্শক পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল৷ য’ত প্রায় ১০০গৰাকী প্রার্থী পৰীক্ষাত অৱতীর্ণ হোৱা বুলি জানিব পৰা গৈছে৷ ফাদিল হোৱা প্রশ্ণকাকতেৰে সুন্দৰপুৰত পৰীক্ষা অনুষ্ঠিত হৈছিল অগপ নেতাগৰাকীৰ তত্ত্বাৱধানত৷ এইদৰে শাসকীয় নেতাৰ পৃষ্ঠপোষকতাত ঠিকাদাৰী প্রতিষ্ঠানৰ জৰিয়তে চলি অহা নিযুক্তি ছিণ্ডিকেটৰ এয়াই প্রথমটো ঘটনা নহয়৷ অগপ–বিজেপি নেতাৰ সহযোগত বৰুৱা–খাউণ্ড–সভাপ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিযুক্তিৰ সময়ৰ পৰাই এই ছিণ্ডিকেট চলাই আহিছে৷ সেই সময়ত ৰাজ্য চৰকাৰে চকুমুদা কুলিৰ ভাও নোলোৱা হ’লে আজিৰ অবাঞ্ছিত পৰিস্থিতিৰ নিশ্চয় সন্মুখীন হ’বলগীয়া নহ’লহেঁতেন৷