নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা,  ১২ মাৰ্চঃ অসম আৰু অসমীয়াৰ হ’কে আপোচবিহীন সংগ্ৰাম চলাই যোৱাৰ স্বাৰ্থত ১৯৭৮ চনৰ ১২ মাৰ্চত জন্ম লাভ কৰা অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৪সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পাঠশালাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷ পৰিষদৰ বজালী জিলা সমিতিৰ উদ্যোগত পাঠশালা‌ৰ কলেজ ৰোডস্থিত কাৰ্যালয়ত পালন কৰা অনুষ্ঠানত পুৱাৰ ভাগত পতাকা উত্তোলন কৰে পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদে৷ শ্বহীদ বেদীত ধুপ আৰু চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰন সম্পাদক বিজন বায়ন আৰু যুটীয়া সম্পাদক মৃদুল তালুকদাৰে৷ ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মন্টু কুমাৰ শৰ্মা আৰু কাৰ্যনিৰ্বাহ সদস্য নিপল ডেকাই৷ পৰিষদৰ বজালী জিলা সমিতিৰ সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাসে আঁত ধৰা অনুষ্ঠানটিত বজালী জিলাৰ উপদেষ্টা অমূল্য চৌধুৰী আৰু টিকেন দাসকে ধৰি কেবাগৰাকীও লোকক সম্বৰ্ধনা জনোৱা হয়। দুপৰীয়া ফলমূল বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰাৰ‌ পিছতে অসমত পূৰ্ণ স্বায়ত্ব শাসন,দ্বি- নাগৰিকত্ব আৰু অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ প্ৰতিগৰাকী সদস্যই অসমৰ জাতীয় জীৱন, অসমৰ সমাজ জীৱন আৰু ভাষা, কলা কৃষ্টি, সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত সংকল্প গ্ৰহণ কৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like