বিশিষ্ট অর্থনীতিবিদঃ ক’ভিড–১৯ত দিল্লীত অলকেশ বৰুৱাৰ মৃত্যু
নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ ক’ভিডে প্রাণ কাঢ়িলে দেশৰ এগৰাকী বিশিষ্ট অর্থনীতিবিদ, শিক্ষাবিদ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক, অসম সন্তান ড০ অলকেশ বৰুৱাৰ৷ অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱাৰ ভাতৃ ড০ অলকেশ বৰুৱাৰ দেহত চাৰি দিন পূর্বে মাৰাত্মক ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰিছিল৷ তেতিয়াৰ পৰা তেওঁক নতুন দিল্লীৰ বসন্তকুঞ্জত থকা নিজ বাসগৃহতে অক্সিজেন দি ৰখা হৈছিল৷ আজি পুৱা বিশিষ্ট অর্থনীতিবিদগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷
উল্লেখ্য যে ড০ অলকেশ বৰুৱাৰ জন্ম হৈছিল নলবাৰী জিলাত ১৯৫০ চনত৷ ১৯৬৮ চনত নলবাৰীৰ গর্ডন হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত নামভর্তি কৰে কটন কলেজত৷ কটন কলেজৰ পৰা ১৯৭১ চনত স্নাতক ডিগ্রী লাভ কৰাৰ পাছত ১৯৭৩ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতি বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্রহণ কৰে৷ পৰৱর্তী সময়ত গৱেষণাৰ বাবে ভর্তি হয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত৷ পি এইচ ডিৰ বাবে গৱেষণা চলি থকাৰ মাজতে ভাৰতীয় ৰিজার্ভ বেংকৰ এক সন্মানীয় স্ক’লাৰশ্বীপো লাভ কৰিবলৈ সক্ষম হয়৷ পি এইচ ডি সমাপ্ত কৰাৰ পাছতে ১৯৭৯ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অর্থনীতি বিভাগৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে৷
শিক্ষকতা আৰম্ভ কৰিয়েই ড০ অলকেশ বৰুৱাই নিজৰ প্রতিভাৰ চানেকি দাঙি দৰিবলৈ সক্ষম হয়৷ ১৯৮৩ চনত কমনৱেল্থ স্ক’লাৰশ্বীপ, ১৯৯৫ চনত ফুলব্রাইট স্ক’লাৰশ্বীপ আৰু ২০০৬ চনত ডি এফ জি স্ক’লাৰশ্বীপ লাভ কৰি ৱাৰিক ইউনিভার্ছিটী, মিছিগান ইউনিভার্ছিটী আৰু জ’নাছ গুটেনবার্গ ইউনিভার্ছিটীৰ দৰে বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানত গৱেষণাৰ সুযোগ লাভ কৰিছিল৷ অধ্যাপনাৰ সমান্তৰালভাৱে তেওঁ নিজে লিখা ‘গ্ল’বেল অর্ডাৰঃ ৰিচেণ্ট ছেঞ্জেছ এণ্ড ৰেছপনছেছ’, আৰ এম ষ্টের্নৰ সৈতে যুটীয়াভাৱে ৰচনা কৰা ‘দ্য ডব্লিউ টি অ’ এণ্ড ইণ্ডিয়াঃ ইছ্যুছ এণ্ড নিগ’চিয়েটিং ষ্ট্রেটেজিছ’ আৰু সম্পাদনা কৰা গ্রন্থ ‘ডেভেলপমেণ্ট ইছ্যুঃ ইন এ হিষ্টৰ’টিকেল পাৰচপেকটিভ’য়ে শৈক্ষিক জগতৰ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ অৱসৰৰ সময়ত তেওঁ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ডীন হিচাপে কার্যনির্বাহ কৰিছিল৷ এইগৰাকী বিশিষ্ট অর্থনীতিবিদ, শিক্ষাবিদৰ মৃত্যুত তেওঁৰ গৃহ জিলা নলবাৰীত শোকৰ ছাঁ পৰাৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও গভীৰ শোক প্রকাশ কৰিছে৷