নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হর্ছ ট্রেডিঙৰ অজুহাতত দলীয় প্রার্থীক নিজৰ পক্ষলৈ অনাৰ কৌশল মুখ্যমন্ত্রিত্বৰ সপোন দেখা ৰিপুণ বৰাৰ

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ বিজেপিৰ হর্ছ ট্রেডিঙৰ পৰা ৰক্ষা কৰাৰ অজুহাতত যোৱা ২২ এপ্রিলৰ পৰা কংগ্রেছৰ প্রার্থীসকলে গুৱাহাটীৰ সমীপৱর্তী সোণাপুৰৰ বিলাসী দিচাং ৰিজ’টত চাৰিটা দিন স্ব–নির্বাসনত থাকি আৰামী জীৱন কটাই দেওবাৰে নিজ নিজ সমষ্টি অভিমুখে ৰাওনা হয়৷ উল্লেখ্য যে পূর্বতে কংগ্রেছ প্রার্থীসকলে অহা ২৬ এপ্রিললৈ ৰিজ’টখনত কটোৱাৰ কথা আছিল৷ সেই অনুসৰি ৰিজ’টখনৰ ৭০টা বিলাসী কোঠা কংগ্রেছে বুকিঙো কৰে৷ কিন্তু ক’ৰোনা পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ সময়ত কংগ্রেছৰ প্রার্থীসকলে জনসাধাৰণৰ কাষত থাকি দুর্যোগৰ সময়ত জনসাধাৰণক সহায় আৰু সাহস দিয়াৰ পৰিৱর্তে বিলাসী ৰিজ’টত থকাৰ বিষয়টোক লৈ প্রচাৰ মাধ্যমত তীব্র সমালোচনাৰ সৃষ্টি হয়৷ কংগ্রেছৰ প্রার্থীসকলৰ এনে আচৰণে জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰাৰ শংকা কৰি অৱশেষত আজি তেওঁলোকে দিচাং ৰিজ’ট এৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোক অহা ২৬ এপ্রিললৈ ৰিজ’টখনত থকাৰ কথা আছিল যদিও আজি সকলোৱে সমষ্টি অভিমুখে ৰাওনা হ’ব৷

যোৱা চাৰিটা দিনত তেওঁলোকে বিজেপিৰ হর্ছ ট্রেডিঙৰ পৰা প্রার্থীসকলক কেনেদৰে প্রতিৰোধ কৰিব সেই সম্পর্কত সজাগ–সচেতন কৰি তোলাৰ উপৰি ক’ভিড পৰিস্থিতিক লৈ কেনেদৰে মুখামুখি হ’ব, ভোটগণনাৰ সময়ত যাতে মেনুপুলেট নহয়, সেই সংক্রান্তত প্রার্থীসকলৰ ষ্ট্রেটেজী কেনে ধৰণৰ হ’ব আৰু ২ মে’ৰ পিছত কংগ্রেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’লে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ কেনেদৰে মোকাবিলা কৰিব, সেই সম্পর্কত পর্যালোচনা কৰে বুলি তেওঁ জানিবলৈ দিয়ে৷

ইপিনে, কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বিজেপিৰ হর্ছ ট্রেডিঙৰ অজুহাত দেখুৱাই দলীয় প্রার্থীসকলক নিজ পক্ষলৈ অনাৰ বাবেহে তেওঁৰ বিশেষ উদ্যোগতে সোণাপুৰৰ ৰিজ’টখনত প্রার্থীসকলক ৰখাৰ ব্যৱস্থা কৰে৷ সূত্রটোৰ মতে এইবাৰ নির্বাচনৰ সময়ত দলীয় টিকট দিয়াৰ ক্ষেত্রত সাংসদ প্রদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে বিশেষ প্রাধান্য বিস্তাৰ কৰে৷ যাৰ বাবে একে সময়তে কংগ্রেছৰ পৰৱর্তী মুখ্যমন্ত্রীৰ প্রার্থিত্বৰ ক্ষেত্রত ৰিপুণ বৰাৰ সমান্তৰালভাৱে প্রদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, দেৱব্রত শইকীয়াৰ নামো চর্চাত আছে৷ ইয়াৰ মাজতে দলীয় প্রার্থীসকলক নিজৰ পক্ষলৈ অনাৰ বাবেই যোৱা চাৰিটা দিন তেওঁলোকক সোণাপুৰৰ দিচাং ৰিজ’টত ৰাখি অন্তৰংগতাৰে আটাইৰে সৈতে মিলিত হৈ মন জয়ৰ চেষ্টা চলায়৷ মুখ্যমন্ত্রী হোৱাৰ সপোন দেখা ৰিপুণ বৰাৰ এই ৰাজনীতি তথা ৰাজনৈতিক কৌশল যে কিছু সফল হৈছে সেয়া আজি ৰিজ’ট এৰা বহু প্রার্থীৰ ভাষ্যতেই প্রকাশ পাইছে৷

পশ্চিম গুৱাহাটী সমষ্টিৰ কংগ্রেছ প্রার্থী মীৰা বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি, ৰিজ’টত মুখ্যমন্ত্রী কোন হ’ব তাক লৈ কোনো আলোচনা হোৱা নাই যদিও ৰিপুণ বৰাই অগ্রাধিকাৰ পাব বুলি কয়৷ বৰঠাকুৰৰ মতে ৰিপুণ বৰাই দলৰ বাবে যথেষ্ট কাম কৰিছে৷ সেয়ে মুখ্যমন্ত্রীৰ ক্ষেত্রত বৰাই প্রথম অগ্রাধিকাৰ লাভ কৰিব৷ ইফালে, অসমৰ জনসাধাৰণ ক’ভিডক লৈ সন্ত্রস্ত হৈ থকাৰ সময়তে দিচাং ৰিজ’টত একাংশ কংগ্রেছ প্রার্থীয়ে ছুইমিং পুলত গৈ সাঁতোৰাৰ বিষয়টোৱে কংগ্রেছৰ ভিতৰচ’ৰাতো তীব্র জোকাৰণিৰ সৃষ্টি কৰিছে৷ এই সম্পর্কত দিছপুৰ সমষ্টিৰ মহাজোঁটৰ প্রার্থী মনজিৎ মহন্তই সাংবাদিকৰ আগত কয় যে চাৰি–পাঁচজন প্রার্থীয়ে ছুইমিং পুললৈ যোৱাটো সঁচা৷ দলৰ নেতৃত্বই ইতিমধ্যে তেওঁলোকক মাতি নি লগে লগে সকীয়নি দি সাৱধানবাণী শুনাইছে৷ সেই ঘটনা অত্যন্ত দুর্ভাগ্যজনক বুলি অভিহিত কৰে৷

You might also like