নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰৰ ভিতৰত পূৰণ কৰা হ’ব শিক্ষা বিভাগৰ সকলো খালী পদঃ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ মহাবিদ্যালয়সমূহত খালী হৈ থকা পদ শীঘ্রেই পূৰণ কৰা হ’ব৷ ১,০০০ শিক্ষক পদ পূৰণৰ বাবে আৰম্ভ হৈছে প্রক্রিয়া৷  এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে কলেজ শিক্ষকৰ খালী পদ পূৰণৰ ক্ষেত্রত বিভাগে বিশেষ তৎপৰতা আৰম্ভ কৰি অহা ১০ দিনৰ ভিতৰতে ১৫০গৰাকী কলেজ শিক্ষকক নিযুক্তি দিয়াৰ কাম প্রায় সম্পূর্ণ কৰিছে৷ সমান্তৰালভাৱে উচ্চতৰ মাধ্যমিকৰ খালী শিক্ষকৰ পদ পূৰণৰ বাবেও ইতিমধ্যে প্রকাশ কৰা হৈছে বিজ্ঞাপন৷

অহা এবছৰৰ ভিতৰত সকলো খালী পদ পূৰণ কৰা হ’ব৷ উল্লেখ্য যে ৰাষ্ট্রীয় শিক্ষা নীতি কার্যকৰী কৰাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে প্রাৰম্ভিক প্রস্তুতি৷ সেইমর্মে ৰাজ্যত বিভিন্ন সংগঠনৰ সৈতে শিক্ষা বিভাগে আলোচনাৰ জৰিয়তে ৰাষ্ট্রীয় শিক্ষা নীতি কার্যকৰী কৰাৰ ক্ষেত্রত গ্রহণ কৰিছে পৰামর্শ৷ ইতিমধ্যে সদৌ অসম ছাত্র সন্থাৰ সৈতে আলোচনা কৰাৰ পাছত আজি কাহিলিপাৰাস্থিত সর্বশিক্ষা অভিযান মিছন সঞ্চালকালয়ৰ কার্যালয়ত জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সৈতে এক আলোচনাত মিলিত হয় শিক্ষামন্ত্রী আৰু শিক্ষা বিভাগ৷ এই বৈঠকতে জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ৰাষ্ট্রীয় শিক্ষা নীতি কার্যকৰী কৰাৰ ক্ষেত্রত এলানি বিশেষ পদক্ষেপ গ্রহণৰ বাবে শিক্ষামন্ত্রীগৰাকীক আহ্বান জনায়৷

পৰিষদে শিক্ষামন্ত্রীগৰাকীক ১৮টা দাবী সম্বলিত এখন স্মাৰক–পত্রও প্রদান কৰে৷ এই স্মাৰক–পত্রত জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ৰাজ্যৰ সকলো স্তৰৰ বিশ্ববিদ্যালয়সমূহ উপাচার্যক লৈ এখন শৈক্ষিক চিন্তা কোষ গঠনৰ আহ্বান জনায়৷ তদুপৰি বিজ্ঞান শিক্ষাৰ প্রসাৰতাৰ প্রতি গুৰুত্ব দিয়াৰ বাবে প্রতি পাঁচ কিলোমিটাৰৰ ব্যৱধানত একোখনকৈ বিজ্ঞান শিক্ষা থকা মহাবিদ্যালয় স্থাপন, প্রতিখন প্রাথমিক বিদ্যালয়ত শ্রেণীয়ে প্রতি একোজন শিক্ষক থকাৰ ব্যৱস্থা, বিদ্যালয়সমূহত পৰিদর্শকৰ দ্বাৰা পৰিদর্শনৰ ব্যৱস্থা, চৰকাৰী–বেচৰকাৰী সকলো বিদ্যালয়ত দশম শ্রেণীলৈ অসমীয়া বিষয়টো বাধ্যতামূলক, শিক্ষকসকলক নির্বাচন সম্পর্কীয়, লোকপিয়ল, এন আৰ চিত নিয়োজিত কৰাৰ পৰা বিৰত ৰখা আদিকে কৰি কেইবাটাও দাবী উত্থাপন কৰা হয়৷

এই সন্দর্ভত শিক্ষামন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে জাতীয় সংগঠনসমূহে দাখিল কৰা দাবীসমূহ বিস্তৃতভাৱে পর্যবেক্ষণ কৰা হ’ব৷ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত মুখ্যতঃ দুটা পর্যায়ত বিভক্ত কৰাৰ বাবে কাম আৰম্ভ হৈছে৷ ইয়াৰে প্রথমটো হ’ল প্রাথমিক পর্যায়৷ এই প্রাথমিক পর্যায়ত প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ থাকিব৷ আনহাতে দ্বিতীয়টো হ’ল মাধ্যমিক পর্যায়৷ এই পর্যায়ত নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ থাকিব৷

শিক্ষামন্ত্রীগৰাকীয়ে শেহতীয়াকৈ বিদ্যালয় একত্রীকৰণ সন্দর্ভতো স্পষ্ট কৰে যে একত্রীকৰণৰ ক্ষেত্রত মুখ্যতঃ দুটা চর্তৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ সেয়া হ’ল যিসমূহ বিদ্যালয়ত পর্যাপ্ত ছাত্র–ছাত্রী নাই আৰু ফলাফল আশানুৰূপ নহয়, তেনে বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে একত্রীকৰণ কৰা হৈছে৷ একেদৰে কনিষ্ঠ মহাবিদ্যালয়সমূহত্ নৱম আৰু দশম শ্রেণী অন্তর্ভুক্ত কৰিও একত্রীকৰণ কৰা হৈছে৷

ইফালে, একাংশ কনিষ্ঠ মহাবিদ্যালয়ে শিক্ষা সংসদ আৰু শিক্ষা সঞ্চালকালয়ৰ অনুমতি নোহোৱাকৈ নামভর্তি কৰি থকাক লৈ শিক্ষামন্ত্রীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে একোখন কনিষ্ঠ মহাবিদ্যালয় প্রতিষ্ঠা কৰিবলৈ শিক্ষা বিভাগৰ অনুমতিৰ প্রয়োজন জৰুৰী৷ কিন্তু যিসমূহ কনিষ্ঠ মহাবিদ্যালয়ে অনুমতি নোপোৱাকৈয়ে নতুন শিক্ষা বর্ষৰ বাবে শিক্ষার্থীৰ নামভর্তি কৰি আছে, তেনে কনিষ্ঠ মহাবিদ্যালয়সমূহে অনুমতিৰ বাবে আবেদন কৰিব লাগিব৷ ইতিমধ্যে বিভাগে অনুমতি নোলোৱা কনিষ্ঠ মহাবিদ্যালয়ৰ এক তালিকা প্রস্তুত কৰিছে৷ অনুমতি নোলোৱা এনেধৰণৰ বিদ্যালয়ে অনুমতিৰ আবেদন দাখিল কৰিলেই নামভর্তি কৰিব পাৰিব৷

You might also like