নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণক লৈ বিতর্কিত মন্তব্য কৰি গ্রেপ্তাৰ হোৱা ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে জামিন বিচাৰি দ্বাৰস্থ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ নগাঁও আদালতত জামিন নাকচ হোৱাৰ পাছত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈও কোনো সাময়িক সকাহ লাভ নকৰিলে ধৃত বিধায়কজনে ৷ ইয়াৰ পৰিৱর্তে তেওঁ দাখিল কৰা ৯৪০/২০২০ নম্বৰৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰি মঙলবাৰে ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ আদালতে অহা ৮ মে’ত কেছ ডায়েৰী দাখিল কৰিবলৈ নির্দেশ দিছে আৰক্ষীক ৷ অর্থাৎ সম্প্রতি কাৰাগাৰতে থাকিব লাগিব এইজন বিতর্কিত বিধায়কে ৷
উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণে সমগ্র বিশ্বতে সংহাৰী ৰূপ লোৱাৰ সময়তে এক অডিঅ’ বার্তাযোগে বিতর্কত সোমাই পৰিছিল ইছলাম ৷ ৰাজ্যত কোৱাৰেণ্টাইন শিবিৰত ৰখা ইছলাম ধর্মাৱলম্বী লোকসকলক হত্যা কৰাৰ ষড়যন্ত্র কৰা হৈছে বুলি তেওঁ অডিঅ’ বার্তাযোগে প্রচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ পাছতে তেওঁৰ বিৰুদ্ধে নগাঁও আৰক্ষী থানাত ৮৭৭/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছিল ৷ এই গোচৰৰ ভিত্তিতে তেওঁক যোৱা ৭ এপ্রিলত গ্রেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে ৷ ইয়াৰ পাছত তেওঁক চি আই ডিয়েও আন এটা গোচৰত গ্রেপ্তাৰ কৰে৷ সম্প্রতি গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে বিধায়ক ইছলাম ৷