একাংগী ব্যাধিৰে যুঁজি সফল ব্যৱসায়ী হোৱাৰ সংগ্ৰাম যোৰহাটৰ অমৃত ভৰদ্বাজৰ
নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ একাংগী বেমাৰৰ বাবে তেওঁ দেহৰ সোঁফাল লৰাব নোৱাৰে।সোঁ-হাত আৰু সোঁ-ভৰিকে ধৰি দেহৰ এচোৱা অসাৰ তেওঁৰ। কিন্তু শাৰীৰিক প্ৰতিবন্ধকতায়ো ৰুদ্ধ কৰিব পৰা নাই মনৰ উদ্যম। তেওঁ হল পশ্চিম যোৰহাটৰে এগৰাকী সফল ব্যৱসায়ী অমৃত ভৰদ্বাজ। ঢাপকটাস্হিত আত্মাৰ্থ ব্যঞ্জনৰ গৰাকীৰূপে পৰিচিত যদিও তেওঁৰ পৰিচয় এগৰাকী সমাজ সচেতন ব্যক্তিৰূপেহে।
জন্মগতভাৱে কোনো ৰোগ নথকা এইগৰাকী ব্যক্তিৰ জীৱনটো সলনি হয় জীৱনৰ এক জটিল পৰিক্ৰমাত। ২০১১ চনৰ এপ্ৰিল মাহৰ ১১ তাৰিখ ,অভিশপ্ত দিনটোৱে সকলো সপোন ভাঙি চূৰমাৰ কৰি পেলালে অমৃতৰ। উক্ত দিনা পুলিবৰ প্ৰগতি মটৰ্চৰ সন্মুখত হোৱা এক আকস্মিক পথ দুৰ্ঘটনাত দৈৱক্ৰমে প্ৰাণ বাছিল যদিও শৰীৰৰ এফাল অসাৰ হৈ পৰে তেওঁৰ। অমৃত ভৰদ্বাজৰ পিতৃ আছিল প্ৰয়াত গণশিল্পী জীৱন শৰ্মা, আছিল একাধাৰে লেখক তথা কবি। গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত গণশিল্পীৰ সন্মান দিয়া হৈছিল জীৱন শৰ্মাক।
কিন্তু আকস্মিক দুৰ্ঘটনাই কৰা দুৰাৱস্হাক লৈ উদ্বিগ্ন হৈ পৰে পৰিয়ালটো। পত্নী, একমাত্র পুত্ৰ অনিকৰ লগতেই পৰিয়ালটোলৈ আহে সীমাহীন অনিশ্চয়তা। কিন্তু পৰিয়াল পোহপাল দিব লগাৰ তাড়নাই প্ৰবল আত্মবিশ্বাসী কৰি তোলে তেওঁক। মনৰ উদ্যমে জীপাল কৰি তুলিব বিচাৰিলে জীৱন। চিকিৎসা চলি থাকিল, কিন্তু ইয়াৰ মাজতো কিবা এটা কৰাৰ মনৰ হেঁপাহতে ঢাপকটাৰ পথৰ কাষতে এখন দোকান দিলে। অৱশেষত চাহ-তামুল বিক্ৰী কৰি পোৱা পইচাৰে পৰিয়াল পোহপাল দিবলৈ সক্ষম হ’ল শাৰীৰিকভাবে অক্ষম কিন্তু কৰ্মসংস্থাপনত বিশ্বাসী অমৃত ভৰদ্বাজ।
কিন্তু আকৌ সমস্যাৰ সৃষ্টি হ’ল। ফৰলেন পথ বনোৱাৰ বাবে পথৰ কাষৰ দোকানখন আঁতৰাব লগা হ’ল। তাৰ পাছতে পুনৰ জীৱন সংগ্ৰাম। অলপ দিনৰ বিৰতিৰ মূৰত বিপ্লৱী কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা অমৃত ভৰদ্বাজৰ বাসগৃহলৈ আহি আশাৰ ৰেঙনি দিলে। শিল্পীজনে নিজে খুলি থৈ গ’লহি ‘আত্মাৰ্থ ব্যঞ্জন’।
সেয়া লকডাউনৰ আগৰ কথা । লকডাউনৰ ফলত ব্যৱসায় বন্ধ হৈছিল যদিও বৰ্তমান পুৱাৰে পৰা সকলো গ্ৰাহককে ৰুটী ,পুৰি-ভাজি, ভাতৰ পৰা প্ৰায় সকলো খাদ্যবস্তু বনাই পৰিৱেশন কৰি আছে পত্নীসহ নিজে, বিশেষকৈ থলুৱা খাদ্যৰসিকৰ বাবে প্ৰথম পছন্দ হৈছে আত্মাৰ্থ ব্যঞ্জন, আনকো দিছে সংস্হাপন। কিন্তু গ্ৰাহকৰ ভিৰ বৃদ্ধি পোৱা দোকানখন ভালকৈ নিৰ্মাণ কৰিবলৈ অৰ্থৰ প্ৰয়োজন।
দৰাচলতে পশ্চিম যোৰহাটৰ বহুতৰ বাবে আজি আদৰ্শ উদ্যমী ব্যৱসায়ী অমৃত ভৰদ্বাজ। পূৰ্বৰ চৰকাৰকে ধৰি আজিকোপতি কোনো জনপ্ৰতিনিধিৰ দৃষ্টিগোচৰ নহ’ল এইজন শাৰীৰিক প্ৰতিবন্ধকলৈ। তথাপি নিৰন্তৰে প্ৰয়াস কৰি আহিছে আৰু সফলো হৈছে আপোচবিহীন অমৃত ভৰদ্বাজ।
স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে জড়িত তথা কৰ্মসংস্কৃতিৰ আদৰ্শ, প্ৰয়াত জীৱন শৰ্মাৰ সুযোগ্য পুত্ৰ অমৃত ভৰদ্বাজ তথা তেওঁৰ পৰিয়ালবৰ্গলৈ দৰদ উপজিবনে কোনোবা সুহৃদৰ !