নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী এইম্ছত জিলিকিল অসমকন্যাঃ নেত্র চিকিৎসাৰ শ্রেষ্ঠ স্নাতকোত্তৰ সন্মান অনন্যা গোস্বামীলৈ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ সর্বভাৰতীয় পর্যায়ত পুনৰ জিলিকি উঠিছে অসমৰ এগৰাকী সু–চিকিৎসক৷ নতুন দিল্লীস্থিত সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছৰ) নেত্র চিকিৎসাৰ শ্রেষ্ঠ স্নাতকোত্তৰ শিক্ষার্থীৰ সন্মান লাভ কৰিছে অসম কন্যা ডাঃ অনন্যা গোস্বামীয়ে৷ এই সাফল্যৰ বাবে প্রতিষ্ঠানখনে তেওঁক ডাঃ বোধৰাজ ছভাৰৱাল সোণৰ পদক প্রদান কৰিছে৷ যোৱা ২৫ ছেপ্টেম্বৰত এইমছৰ ৬৬সংখ্যক প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত ডাঃ গোস্বামীক এই সন্মান প্রদান কৰা হয়৷

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মান্দব্যই চিকিৎসকগৰাকীক এই সোণৰ পদক প্রদান কৰাৰ লগতে সন্মানিত কৰে৷ ৰাজ্যৰ খ্যাতনামা চিকিৎসক দম্পতী ডাঃ শুভ্রকিংকৰ গোস্বামী আৰু ডাঃ বিজুলী গোস্বামীৰ কন্যা অনন্যা গোস্বামী৷ সর্বভাৰতীয় পর্যায়ত ডাঃ গোস্বামীয়ে কঢ়িয়াই অনা সন্মানে গৌৰৱান্বিত কৰিছে সমগ্র ৰাজ্যবাসীক৷

You might also like