নিয়মীয়া বার্তা, ২৫ জুনঃ জালুকবাৰীস্থিত অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ সমীপৰ তথা অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ প্রশিক্ষণ বিদ্যালয়ৰ সন্মুখৰ এটা কুঁৱাৰ পৰা এটা দুষ্প্রাপ্য জহামাল উদ্ধাৰ কৰা হয়৷ প্রাপ্ত তথ্য মতে, নিশা খাদ্যৰ সন্ধানত আহি পাহাৰৰ দাঁতিৰ এঘৰ বাসিন্দাৰ কুঁৱাত পৰে জহামালটো৷
পুৱা গৃহস্থই পানী তুলিবলৈ আহি কুঁৱাৰ ভিতৰত নাহৰফুটুকী পৰা বুলি চিঞৰ–বাখৰ লগায়৷ কুঁৱাত পৰা নাহৰফুটুকীটো চাবলৈ বহু লোকৰ সমাগম হোৱাৰ লগতে কোনো লোকে বন বিভাগক অৱগত কৰে৷ পাছত বন বিভাগে এছ ডি আৰ এফৰ সহযোগত কুঁৱাৰ পৰা উঠাই অনা প্রাণীটো দুষ্প্রাপ্য জহামাল বুলি চিনাক্ত কৰা হয়৷