নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গো–সুৰক্ষা আইনৰ ঘোষণা নীতিগত দিশত চৰকাৰৰ প্রথমটো বৃহৎ পদক্ষেপ

 

নিয়মীয়া বাৰ্তা ১০ জুনঃ ১৯৫০ চন৷ চর্দাৰ বল্লভভাই পেটেলৰ মৃত্যুৰ কিছু মাহ পিছৰ কথা৷ কেন্দ্রীয় মন্ত্রীসভাৰ পৰা পদত্যাগ কৰি দিল্লীতে বহি আছে শ্যামাপ্রসাদ মুখার্জী৷ এদিন তেওঁ নাগপুৰত থকা আৰ এছ এছপ্রধান এম এছ গোলৱলকাৰলৈ বার্তা পঠিয়ালে যে এটা জৰুৰী আলোচনা আছে৷ দিন–তাৰিখ ঠিক হ’ল৷ দিল্লীৰ পৰা এহেজাৰ কিলোমিটাৰ পথ অতিক্রমি মুখার্জী উপস্থিত হ’ল নাগপুৰত৷ ইটা–শিলেৰে বন্ধোৱা এটা পুৰণি কিন্তু গাম্ভীর্য থকা বাংলোত মুখামুখিকৈ বহিল গোলৱলকাৰ–মুখার্জী৷ এই ঘৰটোত ইয়াৰ আগতে বাস কৰিছিল ছাভাৰকাৰে৷ সৌজন্য বিনিময়ৰ পিছত শ্যামাপ্রসাদ মুখার্জীয়ে মূল কথাৰ পাতনি মেলিলে৷ সবিশেষ আলোচনাৰ সাৰাংশ এয়াই আছিল যে স্বাধীন ভাৰতৰ প্রথমটো নির্বাচন সমাগত৷ শ্যামাপ্রসাদ মুখার্জীয়ে এটা নতুন দল গঠন কৰিব বিচাৰে৷ ইয়াৰ বাবে গোলৱলকাৰৰ সহায় লাগে৷ সকলো কথা মনোযোগেৰে শুনাৰ পিছত গোলৱলকাৰেও এটাই উত্তৰ দিলে– আৰ এছ এছ কেতিয়াও কোনো ৰাজনৈতিক দলৰ নেগুৰ হ’ব নোৱাৰে৷ মুখার্জী বিমুখ হ’ল যদিও হতাশ নহ’ল৷ তেওঁ ভালদৰেই জানিছিল যে আৰ এছ এছৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত তেওঁলোকক এতিয়া পলিটিকেল লিগেচীৰ বহুত প্রয়োজন হৈ পৰিছে৷ গোলৱলকাৰৰ লগত চিঠিপত্রৰ আদান–প্রদান চলি থাকিল৷ অৱশেষত ৰাজনৈতিক দল গঠনত গোলৱলকাৰে সন্মতি দিলে৷

মুখার্জীয়ে বিচাৰিলে সংঘৰ কেইজনমান ব্যক্তিকো দলৰ দায়িত্ব দিয়া হওক৷ অনুৰোধ ৰক্ষা কৰি গোলৱলকাৰে ক’লে– মই আপোনাক পাঁচটা সোণৰ টুকুৰা দিম৷ সেইমর্মে সংঘৰ মজিয়াৰ পৰা পাঁচজন বিশেষ প্রতিনিধিক নতুন দলৰ দায়িত্ব ল’বলৈ প্রেৰণ কৰা হ’ল৷ তেওঁলোক আছিল– দীনদয়াল উপাধ্যায়, সুন্দৰ সিং ভাণ্ডাৰী, নানাজী দেশমুখ, বাপুচাহাব চোহিনী আৰু বলৰাজ মেধক৷ দেশৰ বিভিন্ন স্থানৰ পৰা সমৱেত হোৱা প্রায় ৪০০ প্রতিনিধিৰ উপস্থিতিত ১৯৫১ চনৰ ২১ অক্টোবৰত গঠন কৰা হ’ল ভাৰতীয় জনসংঘ৷ শ্যামাপ্রসাদ মুখার্জী সভাপতি৷ আৰ এছ এছৰ পৰা অহা দীনদয়াল উপাধ্যায়ক নিযুক্তি দিয়া হ’ল সাধাৰণ সম্পাদক হিচাপে৷ দল গঠনৰ চাৰি দিন পিছৰে পৰা ১৯৫১ চনৰ সাধাৰণ নির্বাচনৰ ভোটদান আৰম্ভ হ’ল৷ প্রায়বোৰ সমষ্টিতে দুজন প্রার্থীৰ মাজত মুখামুখি প্রতিদ্বন্দ্বিতা৷ শ্যামাপ্রসাদ মুখার্জীয়ে গো–হত্যাৰ বিৰোধিতাক মূল নির্বাচনী ইছ্যু কৰি ব্যাপক প্রচাৰ চলালে৷ গো–বেল্ট হিচাপে পৰিচিত উত্তৰ প্রদেশত তেওঁক এজন ভাল হিন্দী বক্তাৰ দৰকাৰ হ’ল৷ এই দায়িত্ব পালে তেতিয়াৰ ২৭ বছৰীয়া যুৱক অটল বিহাৰী বাজপেয়ীয়ে৷ সেইবাৰৰ নির্বাচনত জনসংঘই লাভ কৰিলে মাত্র তিনিখন আসন৷ ১৯৫১ৰ অসম বিধানসভাৰ নির্বাচনত জনসংঘই তিনিখন আসনত প্রতিদ্বন্দ্বিতা কৰি লাভ কৰিছিল মাত্র ৭,১৯১টা ভোট৷ তেনেকৈয়ে ভাৰতবর্ষত আৰম্ভ হ’ল হিন্দুত্ববাদী ৰাজনীতিৰ এটা নতুন অধ্যায়৷ প্রথমটো নির্বাচনৰ পৰাই গো–হত্যা বন্ধ কৰাটো আছিল দলটোৰ প্রধান এজেণ্ডা৷
সময় বাগৰিল৷ জৰুৰীকালীন সময়ৰ পিছত ‘ভাৰতীয় জনসংঘ’ নতুন ৰূপত ‘ভাৰতীয় জনতা পার্টী’ নামেৰে নতুনকৈ গঠন হ’ল৷ বাজপেয়ী–আদৱানিৰ পৰা মোদী–শ্বাহলৈ দলটোৱে এক দীঘলীয়া পৰিক্রমা অতিক্রম কৰিলে৷ গো–সুৰক্ষা আজিও দলটোৰ এক প্রধান নীতিগত বিষয়৷ যিদৰে কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰা, নির্যাতিত হিন্দুৰ সুৰক্ষাক বিজেপিয়ে টপ প্রায়’ৰিটী হিচাপে গণ্য কৰি আহিছে, তেনেদৰে গো–সুৰক্ষাও দলটোৰ জন্মলগ্ণৰ এজেণ্ডা৷ এইকেইটা ইছ্যু লৈয়েই কেন্দ্রত বিজেপিয়ে দুবাৰকৈ চৰকাৰ গঠন কৰিলে৷ এসময়ত ৭,১৯১টা ভোট লাভ কৰা অসমতো বিজেপি দুবাৰকৈ শাসনলৈ আহিল৷ দ্বিতীয়বাৰ শাসনলৈ অহাৰ পিছতে কেন্দ্রত বিজেপিয়ে দুটা বিষয়ত অতি কঠোৰ সিদ্ধান্ত ল’লে৷ ব্যাপক বিৰোধিতাৰ পিছতো নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰিলে৷ জম্মু–কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰিলে৷ এই বিষয়সমূহক লৈ অনেক বিতর্কৰ অৱকাশ আছে৷

কিন্তু আৰ এছ এছৰ দীর্ঘদিনীয়া এজেণ্ডা অতি সাহসেৰে অমিত শ্বাহে ৰূপায়ণ কৰি দেখুৱালে৷ যিটো কাম আগৰ কার্যকালত ৰাজনাথ সিঙে কৰিব পৰা নাছিল৷ একে সময়তে বিজেপিশাসিত বিভিন্ন ৰাজ্যত গো–সুৰক্ষাক লৈ ইতিমধ্যে বিধেয়ক গৃহীতও হৈছে৷ অথচ অসমত বিজেপি শাসনত থকাৰ পিছতো গো–ধনৰ অবাধ সৰবৰাহ চলি থাকিল৷ অসমৰ মাজেৰে বাংলাদেশলৈ গৰু চালানক লৈ গঢ়ি উঠিল বৃহৎ ছিণ্ডিকেট৷ উল্লেখৰ নিষ্প্রয়োজন যে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবেই এই ছিণ্ডিকেট সুকলমে চলি আহিছিল৷ যাৰ বাবে বিগত নির্বাচনৰ সময়ত বিজেপি নেতৃত্ব বিৰোধীৰ কঠোৰ সমালোচনাৰ সন্মুখীনো হৈছিল৷ ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলে বিজেপিক প্রত্যক্ষ আক্রমণ কৰি কৈছিল যে অসমত বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা বাংলাদেশলৈ গৰুৰ সৰবৰাহ ২১১ শতাংশ বৃদ্ধি পাইছে৷ আনকি মানেকা গান্ধীয়ে এই বিষয়ত অসম চৰকাৰলৈ চিঠি লিখি সকীয়াবলগীয়া হৈছে৷ বিৰোধীৰ নিৰন্তৰ আক্রমণ, সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিয়ে বিজেপি দল আৰু চৰকাৰক কেৱল বদনামীয়ে কৰা নাছিল, দলটো যে আদর্শৰ মূল পথৰ পৰা বিচ্যুত হৈছে, তাকো প্রতিপন্ন কৰিছিল বাৰে বাৰে৷
নির্বাচন পাৰ হ’ল৷ এইবাৰ অসমত ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হ’ল৷ চৰকাৰৰ নেতৃত্ব লৈয়ে তেওঁ গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি ঘোষণা কৰিলে৷ কাছাৰৰ পৰা বৰপেটা–ধুবুৰীলৈ অহর্নিশে অভিযান চলি আছে৷ জালত পৰিছে ইজনৰ পিছত সিজন গো–সৰবৰাহকাৰী, গো–মাফিয়া৷ তাতেই ক্ষান্ত নাথাকিল মুখ্যমন্ত্রীগৰাকী৷ প্রথমখন বিধানসভা অধিৱেশনতে ঘোষণা কৰা হ’ল যে অসমত এইবাৰ বলৱৎ কৰা হ’ব নতুন আৰু কঠোৰ গো–সুৰক্ষা আইন৷ যোৱা ২২ মে’ত ৰাজ্যপাল জগদীশ মুখীয়ে বিধানসভাত এই ঘোষণা কৰাৰ লগতে পৰৱর্তী অধিৱেশনতে নতুন আইন অনা হ’ব বুলি স্পষ্টকৈ সদৰী কৰিলে৷ ইয়াৰ আগলৈ অসমত পশুধনৰ সুৰক্ষাৰ বাবে বলৱৎ হৈ আছিল– আছাম কেটল প্রিভেনচন এক্ট–১৯৫০৷ কিন্তু গৰুৰ চালানক বাধা দিয়াত এই আইন বিশেষ সফল হ’ব পৰা নাছিল৷

পুৰণি আইনখনৰ সীমাবদ্ধতাও অনেক৷ বিগত কার্যকালত বিজেপি চৰকাৰখনে ছেগা–চোৰোকাকৈ গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই গৈছিল যদিও তাক আইনৰ আওতালৈ অনাৰ প্রয়াস কৰা নাছিল৷ কিন্তু ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রীৰ দায়িত্ব লৈয়ে এইক্ষেত্রত এটা দৃঢ় পদক্ষেপ ল’লে৷ তেওঁ আইন প্রণয়ন কৰি গৰুক সুৰক্ষা দিয়াৰ কথা প্রথমবাৰৰ বাবে বিধানসভাৰ মজিয়াত ঘোষণা কৰিছে৷ চৰকাৰৰ এই ঘোষণাৰ পক্ষে–বিপক্ষে অনেক যুক্তি থাকিব পাৰে, কিন্তু এটা কথা এতিয়াই স্পষ্ট হৈ পৰিছে– সংঘৰ ক’ৰ এজেণ্ডা পূৰণ কৰিবলৈ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে কেতবোৰ কঠিন আৰু দৃঢ় পদক্ষেপ ল’বলৈ সাজু হৈছে৷ দলৰ নীতিগত বিষয়সমূহৰ ক্ষেত্রত তেওঁ আগলৈ যে আৰু কঠোৰ হ’ব, তাৰ পূর্বাভাষ এতিয়াই পোৱা গৈছে৷ দায়িত্ব লোৱাৰ এমাহৰ ভিতৰত গৰুৰ চোৰাং ব্যৱসায় বন্ধ কৰা, গো–সুৰক্ষাৰ বাবে আইন প্রণয়নৰ পদক্ষেপ লৈ ড০ হিমন্ত বিশ্ব শর্মাই বিজেপিৰ জন্মলগ্ণৰ উদ্দেশ্যত তেওঁৰ স্থিতি আৰু সমর্থন মুকলিকৈ ব্যক্ত কৰিছে৷ শ্যামাপ্রসাদ মুখার্জী, দীনদয়াল উপাধ্যায়ে নির্ধাৰণ কৰি দিয়া পথতে যে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰ অগ্রসৰ হ’ব, যোৱা এটা মাহত সেয়া দ্বিধাহীনভাৱে মুখ্যমন্ত্রীগৰাকীয়ে নিজৰ কথা আৰু কামৰ মাজেৰে ঘোষণা কৰিছে৷ গো–সুৰক্ষা আইন– নতুন চৰকাৰৰ নীতিগত দিশত প্রথমটো বৃহৎ পদক্ষেপ৷

অৰূপ কলিতা

You might also like