উচ্চতৰ মাধ্যমিকৰ টেটৰ সংশোধিত ফলাফল ঘোষণা
নিয়মীয়া বাৰ্তা, ২৩ মেঃ উচ্চতৰ মাধ্যমিক শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা (টেট)ৰ ফলাফলসমূহ শনিবাৰে ঘোষণা কৰা হয়৷ মাধ্যমিক শিক্ষা পৰিষদ, অসমে অনুষ্ঠিত কৰা এই পৰীক্ষাৰ ফলাফল শনিবাৰে পুৱা ১১ বজাত ছেবা আৰু অসম সর্বশিক্ষা অভিযানৰ ৱেবছাইটত উপলব্ধ হয়৷ ঘোষিত ফলাফল অনুসৰি মুঠ ২,৮৯৩গৰাকী প্রার্থী উচ্চতৰ মাধ্যমিক টেটত উত্তীর্ণ গৈছে৷ পৰীক্ষার্থীৰ সংখ্যা আছিল ২১,১৫৬গৰাকী৷
উল্লেখ্য যে বিগত ১০ জানুৱাৰীত ছেবাই উচ্চতৰ মাধ্যমিকৰ টেট অনুষ্ঠিত কৰিছিল আৰু ১০ ফেব্রুৱাৰীত ফলাফল ঘোষণা কৰে৷ কিন্তু ফলাফলক লৈ বিভিন্ন বিসংগতিৰ অভিযোগ উত্থাপন হয়৷ ইয়াৰ পাছত ছেবাই কেইবাখনো বিশ্ববিদ্যালয়ৰ দ্বাৰা ফলাফলসমূহ পুনৰীক্ষণ কৰাই শনিবাৰে সংশোধিত ফলাফল ঘোষণা কৰে৷ পূর্বৰ তুলনাত এইবাৰ অধিসকংখ্যক প্রার্থী উত্তীর্ণ হৈছে৷ ফেব্রুৱাৰী মাহত ঘোষিত ফলাফলত ১,৯৩৮গৰাকী প্রার্থীহে উত্তীর্ণ হৈছিল৷