নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামাৰে আলোচনাৰ প্রস্তাৱ প্রদেশ কংগ্রেছৰ সভাপতিৰ

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ বিজেপিক উৎখাতৰ লক্ষ্যৰে যোৱা বিধানসভা নির্বাচনৰ সময়ত গঠিত মহাজোঁটৰ অন্যতম অংশীদাৰ দল বি পি এফৰে মিত্রতা ছেদ কৰিব বিচৰা নাই কংগ্রেছে৷ বৰং যোৱা বিধানসভা নির্বাচনত একেলগে যুঁজাৰ দৰে আসন্ন উপ–নির্বাচনতো সম্পূর্ণ বুজাবুজিৰে একেলগে যুঁজিব বিচাৰে৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীৰে আলোচনাত মিলিত হোৱাৰো প্রস্তাৱ দিছে৷

প্রদেশ কংগ্রেছৰ সভাপতি বৰাই শনিবাৰে সেই বিষয়ে জানিবলৈ দি কয় যে নির্বাচনৰ ফলাফল ঘোষণাৰ পাছত বি পি এফৰ একাংশ নেতাই মহাজোঁটে যিহেতু চৰকাৰ গঠন কৰিব নোৱাৰিলে, সেয়ে মহাজোঁটত থকাৰ দৰকাৰ নাই বুলি মন্তব্য কৰিছে৷ কিন্তু এই বিষয়ক লৈ বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী সম্পূর্ণ মৌন হৈ আছে৷ তেওঁ প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব লাভৰ পাছত হাগ্রামা মহিলাৰীৰ সৈতে আলোচনা কৰিবৰ বাবে ম’বাইল ফোনযোগে যোগাযোগ কৰে যদিও ফোনৰ ছুইচ অফ হৈ থকা বাবে যোগাযোগ সম্ভৱ হৈ উঠা নাই৷

বি পি এফৰ উপ–সভাপতি চন্দন ব্রহ্ম, সাধাৰণ সম্পাদক তথা মুখপাত্র প্রবীণ বড়োৰ জৰিয়তে মহিলাৰীৰে তেওঁ আলোচনাত বহিব বিচাৰে বুলি জনাইছে৷ মহিলাৰী যদি গুৱাহাটীলৈ আহিব নিবিচাৰে, তেওঁ নিজেই কোকৰাঝাৰ বা য’তেই মাতি পঠিয়ায়, তালৈকে যোৱাৰ বাবে সাজু আছে বুলি জনাইছে৷

তিনি মাহ আগতে একেলগে নির্বাচন খেলাৰ পাছত এতিয়া উপ–নির্বাচনত বেলেগে বেলেগে নির্বাচন খেলাটো তেওঁ বিচৰা নাই৷ সেইদৰে অখিল গগৈয়ে সকলো বিৰোধী ঐক্যবদ্ধ হৈ উপ–নির্বাচনত অৱতীর্ণ হ’বলৈ জনোৱা আহ্বানৰ প্রসংগত সভাপতি বৰাই কয় যে কালি অখিল গগৈৰ হৈ ৰাইজৰ দলৰ তিনিজনীয়া প্রতিনিধি দল এটা ৰাজীৱ ভৱনলৈ আহি তেওঁলোকৰ প্রাৰম্ভিক সদিচ্ছা প্রকাশ কৰিছে৷

কংগ্রেছে তেওঁলোকৰ প্রস্তাৱ আন্তৰিকতাৰে গ্রহণ কৰিছে৷ চুবুৰীয়া ৰাজ্যৰে সীমা সমস্যাকে ধৰি ৰাজ্যখনৰ জ্বলন্ত সমস্যাৰ ক্ষেত্রত সকলোৰে সৈতে কংগ্রেছে বিধানসভাৰ ভিতৰে–বাহিৰে যৌথভাৱে সংগ্রামৰ বাবে সাজু আছে৷ কিন্তু অখিল গগৈক লৈ বদৰুদ্দিন আজমলক বাদ দিব, তেনে কথা তেওঁ ক’ব নোৱাৰে বুলি স্পষ্ট কৰি দি সেই বিষয়ে মহাজোঁটৰ বৈঠকেহে সিদ্ধান্ত ল’ব বুলি কয়৷ ৰাইজৰ দলৰে কংগ্রেছৰ মিত্রতা হ’লেও আসন্ন উপ–নির্বাচনত তেওঁলোকক সমষ্টি এৰি দিয়াৰ সম্ভাৱনা নথকাৰ ইংগিত দি সভাপতি বৰাই কয় যে আসন এৰি দিলেই যে মিত্রতা হ’ব তেনে নহয়৷ শত্রু চিনাক্তকৰণ আৰু কৌশল নিৰূপণহে মিত্রতাৰ মূল বিষয়৷ তদুপৰি দল শক্তিশালী কৰাত কেতিয়াবা কেতিয়াবা মতবিৰোধ হ’ব বুলিও সভাপতি বৰাই তাৎপর্যপূর্ণ মন্তব্য কৰে৷

ইপিনে বি টি আৰ অঞ্চলত কংগ্রেছৰ সংগঠন তৃণমূল পর্যায়ৰ পৰা শক্তিশালী কৰাৰ বাবে প্রদেশ কংগ্রেছে আজি সাংসদ গৌৰৱ গগৈক অধ্যক্ষ, বিধায়ক যাদৱ স্বর্গীয়াৰী, আব্দুছ চোবহান আলী সৰকাৰ, দলীয় নেতা বিষ্টি বসুমতাৰী, শংকৰ প্রসাদ ৰায়, জুৱেল টুডু, ক্লেংডুন ইংতিক সদস্য আৰু ভাস্কৰ দাহালক আহ্বায়ক হিচাপে লৈ এখন কমিটী গঠন কৰি দিয়ে৷

আনহাতে কংগ্রেছক বাদ দি বিজেপিৰ বিকল্প চিন্তা কৰাটো ভুল বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে এই কথা তেওঁ যোৱা বিধানসভা নির্বাচনৰ আগৰে পৰা কৈ আহিছে৷ এসময়ত কংগ্রেছৰ পৰা আঁতৰি যোৱা সাৰদ পাৱাৰেও শেহতীয়াকৈ সেই কথা প্রকাশ কৰিছে৷

You might also like