নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেপ্তাৰ ম’ষ্ট ৱাণ্টেড গো–মাফিয়া আদম আলী

হাতীগাঁৱত ধুবুৰী আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ   ম’ষ্ট ৱাণ্টেড কুখ্যাত গৰু ব্যৱসায়ী আদম আলীক দেওবাৰে গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ শর্মাৰ মহানগৰীৰ গীতানগৰত তৃষ্ণা গ্ল’বেল প্রাইভেট লিমিটেড নামৰ কোম্পানীটোত চি আই ডিৰ এটা দলে দেওবাৰে অভিযান চলায়৷ গীতানগৰৰ ৫নং হূদয়ৰঞ্জন পথত থকা উক্ত কোম্পানীটোৰ সঞ্চালক হ’ল দালাল সৰোজ শর্মা৷ ধৃত সৰোজ শর্মাক লগত লৈ চি আই ডিৰ দলটোৱে অভিযান চলাই নগদ ৪,২০,৫০০ টকা, স্বাক্ষৰ থকা ৯খন ব্লেংক চেক, ২টা লেপটপ আৰু এ এছ–০১ ডি এন–২৪৯০ নম্বৰৰ এখন ডাষ্টাৰ গাড়ী জব্দ কৰে৷ চি আই ডিৰ দলটোৱে উক্ত কোম্পানীটোৰ কার্যালয় ছীল কৰাৰ লগতে ওচৰতে থকা ফৰষ্টেছ এক্সপার্ট ইণ্ডিয়া প্রাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটোতো অভিযান চলায়৷ স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে, সন্ধিয়াৰ ভাগত প্রায়ে বহু যুৱক এই কোম্পানীটোৰ কার্যালয়টোলৈ আহে৷ এই যুৱকসকল ধনৰ বিনিময়ত সৰোজ শর্মাৰ জৰিয়তে এছ আই পদৰ চাকৰি ক্রয় কৰিব বিচৰা চাকৰি প্রার্থী হ’ব পাৰে৷ ইফালে সৰোজ শর্মাক লগত লৈ চি আই ডিৰ দলটোৱে মহানগৰীৰ সুন্দৰপুৰত থকা দালালজনৰ ভাৰাঘৰতো অভিযান চলায়৷ অভিযানৰ অন্তত চি আই ডিৰ দলটোৱে এ এছ–০১ ই কিউ–০৬৮৫ নম্বৰৰ মাৰুতি ইগনিছ গাড়ী জব্দ কৰে৷ গাড়ীখন দালাল সৰোজৰ আত্মীয়ৰ নামত পঞ্জীয়ন হৈ আছে৷ ইফালে চি আই ডিয়ে আজি সৰোজ শর্মাৰ গীতানগৰত থকা কোম্পানীটোৰ পৰা জব্দ কৰা ডাষ্টাৰ গাড়ীখন কৰবী গোস্বামী নামৰ এগৰাকী মহিলাৰ নামত পঞ্জীয়ন হৈ আছে৷ সৰোজ শর্মাৰ আত্মীয় কৰবী গোস্বামীৰ গাড়ীখনত এটা ব্যক্তিগত টিভি চেনেলৰ ষ্টিকাৰ আৰু অসম বিধানসভাৰ কাৰপাছ লগোৱা আছিল৷ ইফালে ধৃত সৰোজৰ পত্নী ৰুবী শর্মা বঙাইগাঁৱৰ এগৰাকী বিজেপি নেত্রী আৰু তেওঁ আগন্তুক অসম বিধানসভা নির্বাচনত বঙাইগাঁও সমষ্টিৰ প্রার্থিত্বৰ এগৰাকী অন্যতম দাবীদাৰ বুলি জানিব পৰা গৈছে৷ ইফালে সৰোজ শর্মাই আজি এছ আই কেলেংকাৰিত জড়িত নহয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ লগতে এই কেলেংকাৰিত তেওঁক এমেনটেকৰ স্বত্বাধিকাৰী প্রাঞ্জল বৰুৱা, অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ, সঞ্চালক গৌতম মেছ আদিয়ে জড়িত কৰোৱা বুলি দাবী কৰে৷ ইফালে মহানগৰীৰ কাহিলিপাৰাৰ পৰা মনজিৎ বৰা নামৰ লোক এজনক এছ আই নিযুক্তি কেলেংকাৰিৰ ২১/২০২০ নম্বৰৰ গোচৰত গ্রেপ্তাৰ কৰে৷ আনহাতে, এছ আই কেলেংকাৰি গোচৰত কালি বঙাইগাঁৱত গ্রেপ্তাৰ হোৱা প্রদীপ মজুমদাৰ, ৰূপম দাস আৰু তাৰিণী বণিক্যক আজি ট্রেনজিট ৰিমাণ্ডত বঙাইগাঁৱৰ পৰা মহানগৰীৰ উলুবাৰীস্থিত চি আই ডি কার্যালয়লৈ অনা হয়৷ আৰক্ষীৰ এক সূত্রই জনোৱা মতে, মনজিৎ বৰা এছ আই কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড তথা অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্তৰ অতি ঘনিষ্ঠ৷ কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্তৰ নির্দেশত মনজিৎ বৰাই এছ আই পদৰ একাংশ চাকৰি প্রার্থীৰ পৰা ধন সংগ্রহ কৰিছিল৷ চি আই ডিয়ে আজিৰ দিনটোত গুৱাহাটী আৰু বঙাইগাঁৱৰ পৰা ৪জন লোকক গ্রেপ্তাৰ কৰাৰ লগতে ৩খন গাড়ী জব্দ কৰে৷ ইফালে চি আই ডিয়ে এছ আই নিযুক্তি কেলেংকাৰিৰ গোচৰত আজিলৈকে ২০জন লোকক গ্রেপ্তাৰ কৰে৷
এছ আই কেলেংকাৰিত জড়িত চাংসাৰিৰ বিজেপি নেতা জিণ্টু নাথক গ্রেপ্তাৰ
অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি কেলেংকাৰিৰ ঘটনাৰ সৈতে সাঙোৰ খাই পৰা অন্যতম অভিযুক্ত তথা জালুকবাৰী সমষ্টিৰ বিজেপি বেজেৰা মণ্ডলৰ উপ–সভাপতি জিণ্টু নাথক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ দেওবাৰে বিজেপিৰ পালিনেতাজনক শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বামুণবাৰীৰ পৰা গ্রেপ্তাৰ কৰা হয়৷ বর্তমান চাৰিদুৱাৰ আৰক্ষী থানাত জিণ্টুক জেৰা কৰি থকা হৈছে যদিও নিশাৰ ভিতৰত তেওঁক গুৱাহাটীলৈ অনাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে যোৱা ৫ অক্টোবৰৰ নিশা চি আই ডিয়ে চাংসাৰি থানাৰ সহযোগত চাংসাৰিত অভিযান চলাই দুই পৰীক্ষার্থী মৃণাল কুমাৰ নাথ আৰু কাকুমণি নাথক গ্রেপ্তাৰ কৰিছিল৷ পৰৱর্তী সময়ত আটকাধীন দুই পৰীক্ষার্থীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে জিণ্টু নাথক বিচাৰি তেওঁৰ ঘৰত অভিযান চলায় যদিও সেই সময়ত তেওঁ ঘৰত নাছিল৷ জানিব পৰা মতে, জিণ্টু নাথৰ জৰিয়তে ভার্গৱ গ্রেণ্ডত ধৃত দুই প্রার্থীয়ে অনুশীলন পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ পাইছিল৷

You might also like