প্রমোদ বড়োৰ নেতৃত্বত বিটিচি উন্নয়নৰ অৰুণোদয় যাত্রাঃ ড০ শর্মা
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ বিটিচিৰ নতুন মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৰ নেতৃত্বত নতুন পৰিষদখনে সম–মর্যাদা, সম–উন্নয়ন, সম–ধিকাৰৰ জৰিয়তে অঞ্চলটোত বসবাস কৰা ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰিছে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
কোকৰাঝাৰৰ বডোফা নগৰৰ গ্রীন ফিল্ডত হোৱা নতুন পৰিষদৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই ভাষণত কয় যে ইউপিপিএললৈ বিজেপিয়ে নিঃচর্ত সমর্থন আগবঢ়াইছে৷ এতিয়াৰে পৰা বড়োভূমিৰ ভাগ্য বড়োভূমিৰ জনসাধাৰণে নির্ণয় কৰিব৷ বিটিচিবাসীৰ দুখ–দুর্দশা নিৰাময় কৰি জনসাধাৰণক নিৰাপত্তা দিয়াৰ দায়িত্বও পৰিষদৰেই৷ অঞ্চলটোত যুগ যুগ ধৰি বসবাস কৰা খিলঞ্জীয়া লোকক মাটিৰ অধিকাৰ নতুন পৰিষদখনে নিশ্চিত কৰিব লাগিব৷ নতুন পৰিষদখনত উন্নয়নৰ অৰুণোদয় যাত্রাৰ বাবে ৰাজ্য চৰকাৰে সকলোধৰণৰ সহায়–সহযোগিতা আগবঢ়াব৷ ৰাজ্য চৰকাৰ নতুন বিটিচি প্রশাসনৰ লগত থাকিব৷ বিটিআৰ চুক্তিৰ পৰিপ্রেক্ষিতত অঞ্চলটোত নতুন শান্তিৰ পৰিৱেশ আহিছে৷ শান্তিয়ে প্রগতি আনে৷ এতিয়াৰে পৰা উন্নয়নৰ নতুন দিগন্ত কঢ়িয়াই আনিব৷ কাৰণ বিটিআৰ চুক্তিত বহু আর্থ–সামাজিক প্রকল্পৰ উল্লেখ আছে৷ সেই প্রকল্পসমূহ ৰূপায়ণৰ লগে লগে অঞ্চলটোলৈ উন্নয়নৰ নতুন দিগন্ত আহিব৷ বিটিআৰ চুক্তিয়ে নতুন বীজ কঢ়িয়াই আনিছে৷ ইয়াৰ বাবে তেওঁ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে৷ ভাষণত তেওঁ আৰু কয় যে নতুন পৰিষদখনে সম–মর্যাদা, সম–উন্নয়নৰ জৰিয়তে বডোফাৰ কল্পনা–সপোন যাতে ৰূপায়ণ কৰিব পাৰে, তাৰ কামনা কৰে৷ অঞ্চলটোত বসবাস কৰা সকলো জাতি–জনগোষ্ঠীক সম–মর্যাদা, সম–ধিকাৰ প্রদান কৰি অঞ্চলটোলৈ নতুন শান্তি আৰু সমন্বয় ওভতাই আনিব লাগিব৷
যোৱা ছটা মাহৰ ভিতৰত ৰাজ্য চৰকাৰখনে অঞ্চলটোৰ বিকাশ আৰু উন্নয়নৰ বাবে গ্রহণ কৰা কামৰ খতিয়ান দাঙি ধৰি ভাষণত মন্ত্রী ড০ শর্মাই কয় যে বড়ো ভাষাক ইতিমধ্যে ৰাজ্যিক ভাষাৰ মর্যাদা দিয়া হৈছে৷ বিটিআৰ চুক্তিত উল্লেখ থকা বিটিচিৰ বাহিৰত বসবাস কৰা বড়োসকলৰ বাবে সুকীয়া স্বায়ত্ত শাসনৰ পৰিকল্পনা ৰূপায়ণ কৰিছে৷ বড়োৰ বাবে সুকীয়া সঞ্চালকালয় স্থাপন কৰা হৈছে৷ বিটিআৰৰ শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ ক্ষেত্রতো শিথিল, মানৱীয় সিদ্ধান্ত চৰকাৰে গ্রহণ কৰিছে৷ বিটিআৰৰ বাবে ঘোষণা কৰা ১৫০০ কোটি টকাৰ পেকেজৰ ভিতৰত ৭৫০ কোটি টকাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে দিবলগীয়া অংশ মোকলাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷
তদুপৰি পুৱাৰ ভাগতে এনডিএফবিৰ পুনৰ সংস্থাপনৰ বাবে ৬০ কোটি টকা মোকলাই দিয়া হৈছে৷ এমাহৰ ভিতৰত ওদালগুৰি, তামুলপুৰ আৰু চিৰাঙত আদর্শ মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ বিটিচিৰ ৪০টা পৰিষদীয় সমষ্টিতে নতুন কলেজ আৰু ষ্টেডিয়াম নির্মাণৰ ব্যৱস্থা কৰা হ’ব৷ ২০২২ চনৰ ১ জানুৱাৰীত কোকৰাঝাৰ মেডিকেল কলেজখন সেৱাৰ বাবে মুকলি কৰা হ’ব৷ ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা কেম্পাছ স্থাপন কৰা হ’ব৷ অহা বিধানসভা নির্বাচনৰ আগে আগে তামুলপুৰত নতুন মেডিকেল কলেজ এখন স্থাপনৰ ব্যৱস্থা কৰা হ’ব৷ ভাষণত মন্ত্রী ড০ শর্মাই এবছুকো সামাজিক পর্যায়ত এক সমন্বয়ৰ সেতু নির্মাণ কৰিবলৈ আহ্বান জনায়৷