নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত নাড্ডাৰ বাসভৱনত অমিত শ্বাহৰে ড০ শর্মা ৰিঅ’ৰ গুৰুত্বপূর্ণ বৈঠক

নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ অসম–নাগালেণ্ডৰ দীর্ঘদিনীয়া সীমা সমস্যাক লৈ সোমবাৰে নিশা দিল্লীত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ বাসভৱনত এখন দীঘলীয়া বৈঠক অনুষ্ঠিত হয়৷ দিল্লীৰ মতিলাল নেহৰু মার্গস্থিত জে পি নাড্ডাৰ বাসভৱনত সোমবাৰে নিশা ৯.২০ বজাত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰি’ৰ সৈতে নাড্ডাই আলোচনাত মিলিত হয়৷ এই বৈঠকত নাগালেণ্ডৰ উপ–মুখ্যমন্ত্রী আৰু নাগালেণ্ডৰ বিজেপি সভাপতিও উপস্থিত থাকে৷ প্রায় এঘণ্টা সময় এই বৈঠক অনুষ্ঠিত হোৱাৰ পাছত নিশা প্রায় ১০.১৫ বজাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও নাড্ডাৰ বাসভৱনলৈ আহে আৰু আলোচনাত অংশগ্রহণ কৰে৷

মূলতঃ এই বৈঠকখনত আলোচনাৰ মূল বিষয় আছিল দুয়োখন চুবুৰীয়া ৰাজ্য অসম আৰু নাগালেণ্ডৰ মাজত দীর্ঘদিন ধৰি সংঘাতৰ সৃষ্টি হৈ অহা সীমা সমস্যা৷ অনুমান কৰা মতে এই বৈঠকতে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে এক ইতিবাচক গতি লাভ কৰিব৷ প্রকাশ পোৱা মতে আজিৰ বৈঠকতে বহুপ্রত্যাশিত নগা শান্তি চুক্তি আৰু ২০২৩ চনত নাগালেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনক লৈ বিশদ আলোচনা হয়৷

উল্লেখ্য যে নাগালেণ্ডৰ নির্বাচনত আলোচনাত নেডাৰ আহ্বায়ক হিচাপেই ড০ হিমন্ত বিশ্ব শর্মাই বৈঠকখনত অংশ লৈছে৷ প্রণিধানযোগ্য যে সোমবাৰে পুৱা মুখ্যমন্ত্রী ড০ শর্মাই গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল যদিও নিশাৰ এই গুৰুত্বপূর্ণ বৈঠকখনত অংশ লোৱাৰ বাবে শেষমুহূর্তত গুৱাহাটীলৈ নাহি দিল্লীতে থাকি যায়৷ স্মর্তব্য যে কালিও দিল্লীত উল্লিখিত প্রসংগকেইটাক লৈ এখন বৈঠক অনুষ্ঠিত হৈছিল৷

You might also like