অসম আৰক্ষীৰ ‘হূদপিণ্ড’তে চোৰাং ড্রাগছৰ ঘাটি, কেঁচু খান্দোতে ওলাল সাপ
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ঘুণে ধৰিছে ৰাজ্যৰ গৃহ বিভাগত৷ গৃহ বিভাগৰ অধীনস্থ অসম আৰক্ষীৰ হূদপিণ্ডৰ পৰাই দীর্ঘদিন ধৰি চলি আহিছে মাৰাত্মক ড্রাগছৰ বেহা৷ শেহতীয়াকৈ এজন আৰক্ষী বিষয়াৰ গ্রেপ্তাৰে এই ভয়ংকৰ অধ্যায় পোহৰলৈ আনিছে৷
উল্লেখ্য যে মাৰাত্মক নিচাজাতীয় দ্রব্যৰ নিষিদ্ধ ব্যৱসায়ে সমগ্র অসমৰ চুক–কোণ ছানি ধৰিছে৷ যুৱ প্রজন্মৰ এটা বৃহৎ অংশ ড্রাগছৰ নিচাত আসক্ত হৈ পৰিছে৷ অসমৰ সমাজ জীৱনৰ বাবে ই হৈ পৰিছে এক ভয়াৱহ ব্যাধিস্বৰূপ৷ অসম আৰক্ষীয়ে সময়ে সময়ে ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও ইয়াৰ শিপা উৎখাত কৰিবলৈ সক্ষম হোৱা নাই৷
কিন্তু কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰেই এইবাৰ ভয়াৱহ ড্রাগছ ব্যৱসায়ৰ শিপা উদ্ধাৰ হৈছে অসম আৰক্ষীৰ হূদপিণ্ডস্বৰূপ বিশেষ শাখাত৷ পৰহি ড্রাগছৰ সৰবৰাহ আৰু ব্যৱসায়ৰ লগত জড়িত থকাৰ অপৰাধত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গ্রেপ্তাৰ কৰে বিশেষ শাখাত কর্মৰত আৰক্ষী উপ–পৰিদর্শক মুশ্বাদিক হুছেইনক৷
আৰক্ষী বিষয়াজনক গ্রেপ্তাৰৰ লগে লগে পোহৰলৈ আহিছে ড্রাগছৰ নিষিদ্ধ সাম্রাজ্যৰ বহু বিস্ফোৰক তথ্য৷ ড্রাগছ ব্যৱসায়ত অসম আৰক্ষীৰ বিশেষ শাখাৰ বিষয়া জড়িত থকাৰ তথ্য প্রথমবাৰ পোহৰলৈ আহে বশিষ্ঠত দুজন ব্যক্তিক গ্রেপ্তাৰৰ পাছত৷
ঘটনাটো এনেধৰণৰ–
যোৱা ৪ মার্চত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই বশিষ্ঠৰ ব্লুজ গেষ্ট হাউছৰ পৰা গ্রেপ্তাৰ কৰে মনোহৰ প্রধান আৰু জেনেট ৰমহেমকিম নামৰ দুজন লোকক৷ তেওঁলোকৰ জিম্মাৰ পৰা উদ্ধাৰ হয় ৩ কেজি ডব্লিউ ৱাই (ৱর্ল্ড ইন ইয়র্ছ) টেবলেট৷ নিচাৰ বাবে যুৱ প্রজন্মই এই টেবলেট সেৱন কৰে৷
ইয়াৰ পাছতে আৰক্ষীয়ে বশিষ্ঠ থানাত এন ডি পি এছ আইনৰ ২২ (চি)/২৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ ব্লুজ গেষ্ট হাউছ ছীল কৰি দিয়াৰ লগতে ধৃত লোক দুজনৰ ম’বাইল ফোন জব্দ কৰি আৰক্ষীয়ে ড্রাগ্ছ ব্যৱসায়ৰ নেটৱর্ক বিচাৰি পুংখানুপুংখ বিশ্লেষণ চলায়৷ তেতিয়াই পোহৰলৈ আহে এই ব্যৱসায়ত মুশ্বাদিক হুছেইন নামৰ আৰক্ষী বিষয়াজন জড়িত থকাৰ তথ্য৷
ধৃত মনোহৰ প্রধানৰ লগত সঘনে যোগাযোগত আছিল আৰক্ষী বিষয়াজন৷ তেওঁলোকৰ মাজত হোৱা হোৱাট্ছএপ বার্তালাপৰ পৰা স্পষ্ট ৰূপত প্রতিফলিত হয় যে অসম আৰক্ষীৰ বিশেষ শাখাৰ চাইবাৰ ড’মত কর্মৰত এছ আই মুশ্বাদিক হুছেইন ড্রাগ্ছ সৰবৰাহৰ লগত প্রত্যক্ষভাৱে জড়িত৷
ইয়াৰ পাছতে পৰহি নিশা অপৰাধ শাখাই মুশ্বাদিক হুছেইনক গ্রেপ্তাৰ কৰে৷ কালি ধৃত আৰক্ষী বিষয়াজনক আদালতত হাজিৰ কৰোৱাৰ সময়ত অপৰাধ শাখাই জানিবলৈ দিয়ে যে গুৱাহাটী মহানগৰীৰ ভিতৰচ’ৰাত ড্রাগ্ছৰ সৰবৰাহ আৰু বিক্রীৰ ক্ষেত্রত মুশ্বাদিক হুছেইনে সহযোগিতা আগবঢ়াই আহিছে৷
কেৱল সেয়াই নহয়, বিগত ৭–৮ বছৰ ধৰি অভিযুক্ত আৰক্ষী বিষয়াজনে মণিপুৰ আৰু নাগালেণ্ডৰ ড্রাগছ মাফিয়াৰ লগত সু–সম্পর্ক ৰক্ষা কৰি আহিছে৷ এই ব্যৱসায়ত তেওঁৰ বিনিয়োগ আছে আৰু মাহে মাহে নিজৰ লাভাংশ আদায় কৰে৷ সবাতোকৈ ভয়ংকৰ কথাটো হ’ল, আৰক্ষীৰ অভিযানৰ বিষয়ে তেওঁ আগতীয়াকৈ নিষিদ্ধ সামগ্রীৰ ব্যৱসায়ীসকলক অৱগত কৰে৷
বিভিন্ন হোৱাট্ছএপ বার্তালাপ আৰু ফটোগ্রাফৰ পৰা এই কথা জানিব পৰা গৈছে৷ স্বাভাৱিকতে আদালতত দিয়া আৰক্ষীৰ ভাষ্যই প্রমাণ কৰিছে যে নিষিদ্ধ ড্রাগছ ব্যৱসায়ৰ শিপা আচলতে কিমান গভীৰলৈ বিয়পি আছে৷ চৰকাৰে যে গাখীৰ খুৱাই ইমান দিন সাপ পুহি ৰাখিছিল, সেয়াও মুশ্বাদিক হুছেইনৰ গ্রেপ্তাৰে উদঙাই দিছে৷
গুৰুত্বপূর্ণ কথাটো হ’ল, বিশেষ শাখা হ’ল অসম আৰক্ষীৰ হূদপিণ্ডস্বৰূপ৷ তাৰ পৰাই ৰাজ্যৰ নিৰাপত্তা সম্পর্কীয় চোৰাংচোৱাৰে গুৰুত্বপূর্ণ তথ্যসমূহ আদান প্রদান হয়৷ অসম আৰক্ষীৰ সমগ্র মুভমেণ্টৰ খবৰ বিশেষ শাখাৰ হাতত মজুত থাকে৷ তাৰেই চাইবাৰ ড’মত কর্মৰত আছিল উপ–পৰিদর্শক মুশ্বাদিক হুছেইন৷
যিগৰাকী বিষয়া বিগত ৭–৮ বছৰ ধৰি নিষিদ্ধ ড্রাগছৰ ব্যৱসায়ৰ লগত জড়িত৷ যিয়ে আৰক্ষীৰ অভিযানৰ তথ্য আগতীয়াকৈ যোগান ধৰে অপৰাধী চক্রক৷ ইয়াৰ পৰাই অপৰাধ নিয়ন্ত্রণৰ ক্ষেত্রত ইমানদিনে গৃহ বিভাগে লৈ অহা সোপাঢ়িলা নীতি স্পষ্ট ৰূপত প্রতিফলিত হয়৷ মুশ্বাদিক হুছেইনক গ্রেপ্তাৰৰ পাছত আৰক্ষীৰ অভিযান কিমান দূৰলৈ আগবাঢ়ে সেয়া লক্ষণীয় হ’ব৷