পুনৰ ৪৩ জনৰ দেহত ক’ৰোনা পজিটিভ
নিয়মীয়া বাৰ্তা, ৩০ মে’: ৰাজ্যত নতুনকৈ ৪৩ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৫ গৰাকী ধুবু্ৰীৰ, ৫ গৰাকী গোলাঘাটৰ, ৩ গৰাকী বৰপেটাৰ আৰু ১ গৰাকী বঙাইগাঁৱৰ ৷ লগতে বাকী ২৯ টা ৰিপৰ্ট বিভিন্ন টেষ্টিং চেণ্টাৰৰ ।
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ১১০০ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ৯৬৮ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷