ৰাজ্যত নতুনকৈ ৮৯ জনৰ দেহত ক’ৰোনা; আক্ৰান্তৰ সংখ্যা ৪৬৯৪ লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১৭ জুন: ৰাজ্যত নতুনকৈ ৮৯ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৩০ গৰাকী বাক্সাৰ, ২০ গৰাকী বৰপেটাৰ, ১৫ গৰাকী কামৰূপ মহানগৰৰ, ৯ কোকৰাঝাৰৰ, ৬ গৰাকী যোৰহাটৰ, ২ গৰাকী গোলাঘাটৰ, ২ গৰাকী নগাঁৱৰ, ২ গৰাকী শোণিতপুৰৰ, ১ ধেমাজিৰ, ১ গৰাকী বঙাইগাঁৱৰ আৰু ১ গৰাকী বিশ্বনাথৰ ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৪৬৯৪ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ২০৪১ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷