ৰাজ্যত সুস্থ হৈ উঠা ১৬ গৰাকী কোভিড-১৯ ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি
নিয়মীয়া বাৰ্তা, ২৮ মে’: আজি ১৬ গৰাকী কোভিড-১৯ ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷
সুস্থ হোৱা লোকসকলৰ ১৫ গৰাকী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালযৰ, এগৰাকী শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷
সম্প্ৰতি ৰাজ্যত সুস্থ হোৱা ব্যক্তিৰ সংখ্যা ১০৩ গৰাকী আৰু এতিয়াও চিকিৎসাধীন হৈ আছে ৭৪৬ গৰাকী লোক ।