নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য বিভাগ সম্পূৰ্ণ সফলঃমৰিগাঁও ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰ ঘোষণা

 নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ এক বৃক্ষ দশ পুত্ৰ সম। সেয়েহে প্ৰকৃতি সুৰক্ষাৰ বাবে সকলোৱে দায়িত্ব লওক।মৰিগাঁও ৰ মানিপুৰ স্থিত বন বিভাগৰ কাৰ্যলয়ৰ চৌহদত বৃহস্পতিবাৰে সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱা ওঅসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৃহস্পতিবাৰে মৰিগাঁৱত অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ উদ্যোগত স্থাপন কৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য মনীশী উপবন আনুষ্ঠানিকভাবে উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই আহ্বান জনায়। উল্লেখ যোগ্য যে বনবিভাগে পৰিবেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে প্ৰতি জিলাত অসমৰ যুগজয়ী মনীশী সকলৰ স্মৃতিত পৰিবেশ উদ্যান স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে। সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে পৰিবেশৰ ভাৰসাম্যতাৰ সকলো ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰাৰ লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে ভাৰসাম্য ৰক্ষাৰ বাবে নতুন প্ৰজন্মক প্ৰকৃতি ভাল পাবলৈ শ্ৰদ্ধা কৰিবলৈ আহ্বান জনায় ৷অনুস্থানত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, স্বাস্থ্য আৰু নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকা , মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, বটতদোৱা সমষ্টিৰ বিধায়িকা আঙুৰ লতা ডেকা, ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাস, মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাস প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে বৰ্তমান কোভিড ৰ সংকটৰ কালত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুছ হাজৰিকাৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ প্ৰতিজন চিকিৎসক, স্বাস্থ্য কৰ্মী এ আগবঢ়োৱা সেৱাৰ ভূয়সী প্ৰশংসা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কোভিড ৰ ক্ষেত্ৰত অসমৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণ সফল বুলি একে এষাৰতে কয়।
আনহাতে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে মৰিগাঁৱ ৰ চাৰণ বিলৰ পাৰত অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ দ্বাৰা স্থাপন কৰিবলৈ ওলোৱা মধ্য অসমৰ মীন প্ৰশিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰ আৰু গ্ৰাম্য পয্যটন কেন্দ্ৰ আধাৰশিলা স্থাপন কৰে। মীন উন্নয়ন নিগমৰ বিশেষ কৰ্তব্যৰত বিষয়া পদ্ম হাজৰিকাই আঁত ধৰা অনুষ্ঠান টিত মুখ্যমন্ত্ৰীক সহযোগ কৰে মীন উন্নয়ন নিগমৰ অধক্ষ ৰমাকান্ত দেউৰীয়ে।

You might also like