নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-মিজোৰাম সীমান্তত দুষ্কৃতিকাৰীক দেখিলেই গুলীচালনাৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ অসম-মিজোৰাম সীমান্তত অব্যাহত আছে উত্তেজনা। উত্তেজনাময় পৰিস্থিতিলৈ লক্ষ্য ৰাখি আজি উক্ত অঞ্চল পৰিদৰ্শন কৰে দক্ষিণ অসম প্ৰান্তৰ ডি আই জি দিলীপ কুমাৰ দেই।

ইতিমধ্যে দুৰ্বৃত্তৰ সন্ধানত অসম আৰু মিজোৰাম চৰকাৰে তদন্ত আৰম্ভ কৰিছে আৰু সীমান্ত অঞ্চলত ১৪৪ ধাৰা জাৰি কৰিছে। অঞ্চল পৰিদৰ্শন কৰি দিলীপ কুমাৰ দেই এই কথা জানিবলৈ দিয়ে।

দেই লগতে উল্লেখ কৰে যে স্পৰ্শকাতৰ সীমান্ত অঞ্চলটোত দুষ্কৃতিকাৰীক প্ৰত্যক্ষ কৰিলেই গুলীওৱাৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য, অসম–মিজোৰাম সীমান্তৱর্তী হাইলাকান্দিৰ গল্লাছেৰা–কচুৰতল এলেকাত মিজো দুষ্কৃতিকাৰীয়ে অসমৰ ২০টা পৰিয়ালৰ ঘৰ জ্বলাই দিয়াৰ লগতে গুলীচালনা কৰে। আতংকজনিত পৰিৱেশৰ বাবে ইতিমধ্যে ৭৭টা পৰিয়ালে ঘৰ-বাৰী এৰি আন ঠাইত আশ্ৰয় লৈ আছে।

You might also like