ৰাজ্যত নতুনকৈ ৩০২ গৰাকী লোক ক’ভিডত আক্ৰান্ত; ইয়াৰে ১৭২ গৰাকী গুৱাহাটী মহানগৰীৰ
নিয়মীয়া বাৰ্তা, ২৯ জুনঃ ৰাজ্যত নতুনকৈ ৩০২ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ১৭২ গৰাকী গুৱাহাটী মহানগৰীত যোৱা ২৪ ঘন্টাত চিনাক্ত হৈছে ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৭৭৯৪ জনলৈ বৃদ্ধি পায় ৷
ইপিনে ৰাজ্যত সম্প্ৰতি ২৪৪৭ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
আনহাতে সুস্থ হোৱা লোকৰ সংখ্যা ৫৩৩৩ জন হোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১১ জন ।