২২ নবেম্বৰত অনুষ্ঠিত হ’ব SIৰ লিখিত পৰীক্ষা
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ ২২ নবেম্বৰত অনুষ্ঠিত আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা। উল্লেখ্য যে বিগত ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা কিন্তু একাংশ দুষ্ট চক্ৰই ছচিয়েল মিডিয়াত ফাদিল কৰিছিল প্ৰশ্নকাকত, ফলস্বৰূপে ৰাজ্যজুৰি বাতিল কৰা হৈছিল এই পৰীক্ষা।
প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালে তদন্তৰ নিৰ্দেশ দিছিল আৰু জি পি সিঙৰ নেতৃত্বত চলা অনুসন্ধানত জালত পৰিছিল বিজেপি কৰ্মীসহ অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত DIG পি কে দত্ত। মূল পৰীক্ষাৰ আগদিনাই মহানগৰীৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছিল পৰীক্ষা। কেইবা লাখ টকাৰ বিনিময়ত চাকৰিৰ নিযুক্তিৰ দৰ-দাম চলিছিল। কিন্তু এতিয়া সকলো অসাৰ। মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এমাহৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল আৰু তাৰ পাছতেই ২২ নবেম্বৰত এই পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। ই নিশ্চয়কৈ আশাৰ সঞ্চাৰ কৰিছে ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীৰ মাজত।