নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৰাইজ আছে বিজেপিৰ লগত, ক্ষতি কৰিব নোৱাৰে নতুন দলে

নতুন দলক লৈ প্রথমবাৰৰ বাবে সোণোৱালৰ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ   আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত গঠন হোৱা অসম জাতীয় পৰিষদক লৈ প্রথমবাৰৰ বাবে প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ বুধবাৰে মুখ্যমন্ত্রীৰ মন্তব্য– সকলোৱে আমাৰ ওপৰত বিশ্বাস ৰাখক৷ আমি অসমৰ ৰাইজক দিয়া প্রতিশ্রুতি ৰাখিম৷ অসমীয়া ৰাইজে সদায় বিজেপিক সহায় কৰি আহিছে৷ খানাপাৰাৰ প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক কার্যসূচীত অংশগ্রহণৰ পাছতে মুখ্যমন্ত্রীয়ে এই মন্তব্য প্রকাশ কৰাৰ লগতে কয়–ভাৰতবর্ষ এখন গণতান্ত্রিক দেশ৷ এইখন দেশত বিভিন্ন সময়ত বিভিন্ন দল গঠন হ’ব পাৰে৷ চূড়ান্ত সিদ্ধান্ত সদায় ৰাইজে দিয়ে৷ অসমৰ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ বৃহত্তৰ অসমীয়া সমাজখনে বিজেপিক আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে আৰু তেওঁলোকৰ দিহা–পৰামর্শৰে আমি চৰকাৰ চলাইছোঁ৷ সেই বাবে আমাৰ কার্যকালত অসমৰ জনগণৰ সকলোকে সমমর্যাদা প্রদান কৰি সকলোৰে উন্নয়নৰ বাবে আমি আঁচনি গ্রহণ কৰিছোঁ আৰু জনসাধাৰণৰ সহযোগিতাৰ বাবে এই আঁচনিসমূহ সফলভাৱে ৰূপায়ণ হৈছে৷ অসমৰ জনগণৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে৷ অসমৰ জনগণে অসমৰ ভৱিষ্যৎ শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে সকলো সময়তে ভাৰতীয় জনতা পার্টীৰ সৈতে থাকিব৷ এয়া আমাৰ ৰাইজৰ প্রতি বিশ্বাস৷ অসমৰ ৰাইজ বিজেপিৰ পক্ষত আছে৷ এই কথা আমি কামে–কাজে যোৱা চাৰে চাৰিটা বছৰত দেখুৱাই দিবলৈ সক্ষম হৈছোঁ৷

ইফালে  নতুন দলক লৈ পুনৰ মন্তব্য প্রকাশ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ ভৱানীপুৰত এক অনুষ্ঠানত ভাগ লৈ সভাপতি দাসে কয়– নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদে বিজেপিৰ তিলমাত্রও ক্ষতি কৰিব নোৱাৰে৷ এই দলটোৱে আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ পৰা জন্মলাভ কৰিলেও তেওঁলোকৰ কান্ধত উঠি ৰাজনীতি কৰা অনুচিত৷ আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে তেওঁলোকৰ অৰাজনৈতিক চৰিত্র অক্ষুণ্ণ ৰখা দৰকাৰ৷
এন আৰ চিক লৈ পুনৰ সৰৱ বিজেপিৰ সভাপতি ৰঞ্জিত দাস
ৰাষ্ট্রীয় নাগৰিকপঞ্জীক (এন আৰ চি) লৈ পুনৰ সৰৱ হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস৷ বিজেপিৰ সভাপতিগৰাকীৰ স্পষ্ট মন্তব্য– এই এন আৰ চি গ্রহণ কৰিলে ইতিহাসে আমাক কেতিয়াও ক্ষমা নকৰিব৷ বুধবাৰে ভৱানীপুৰত এই মন্তব্য কৰি তেওঁ ইয়াকো কয় যে এন আৰ চিক লৈ যাতে অশনি সংকেত নামি নাহে, তাৰ বাবে নাগৰিকপঞ্জীখন কেন্দ্র আৰু ৰাজ্য চৰকাৰে গ্রহণ কৰা নাই৷ তেওঁ ইয়াকো কয়– এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ মইমতালিৰ বাবেই এন আৰ চিত লাখ লাখ বিদেশীৰ নাম অন্তর্ভুক্ত হ’বলৈ পালে বুলি কৈ আমাক সেই সময়ত বহুত অসমীয়া প্রশাসনীয় বিষয়াই এই কথা কান্দি কান্দি অৱগত কৰিছিল৷ কিন্তু মাননীয় উচ্চতম ন্যালায়ৰ তত্ত্বাৱধানত এই কার্য চলি আছিল বাবেই আমি কোনো হস্তক্ষেপ কৰিব পৰা নাছিলোঁ৷ এন আৰ চি সদ্যহতে জমাহে কৰা হৈছে৷ এইখন পুনৰীক্ষণৰ দৰকাৰ আছে ৷ আমি কৈছোঁ যে ৰাজ্যৰ সীমামূৰীয়া অঞ্চলবিলাকত বিশ শতাংশ আৰু অন্যান্য অঞ্চলত দহ শতাংশ পুনৰীক্ষণ কৰিলেই সকলো কথা ওলাই পৰিব৷ উচ্চতম ন্যায়ালয়ক আমি এই কথা অৱগত কৰিছেছা৷ ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয় যে এই এন আৰ চি গ্রহণ কৰিলে ইতিহাসে আমাক কেতিয়াও ক্ষমা নকৰিব৷ এন আৰ চিখন আমি শুদ্ধ ৰূপত প্রকাশ কৰিব বিচাৰিছেছা আৰু ন্যায়ালয়ে যদি নির্দেশ দিয়ে আৰু কেন্দ্রীয় চৰকাৰে পুঁজি দিয়ে, তেন্তে আমি এখন নতুন শুদ্ধ ৰূপত এন আৰ চি প্রস্তুত কৰি তুলিম৷ উল্লেখ্য যে ভৱানীপুৰ সমষ্টিৰ অন্তর্গত বিভিন্ন স্থানত একেদিনাই চাৰিখনকৈ গুৰুত্বপূর্ণ আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এটা নৱনির্মিত পকী পথ উদ্বোধন কৰা হয়৷ বিশেষকৈ কলবাৰীত থকা ঐতিহ্যমণ্ডিত ৰামচৰণ ঠাকুৰ আতা সত্রৰ সৈতে সম্পর্কিত তিনিখন আঁচনিৰ কামৰ একেলগে শুভাৰম্ভ কৰা হয়৷ ১৬০২ চনতে স্থাপিত মধ্যযুগীয় সত্রখনৰ নতুন মূল ভৱন নির্মাণৰ বাবে অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ ৩০ লাখ টকা ব্যয় ধার্য কৰা আঁচনিখনৰ সৰভোগ সমষ্টিৰ বিধায়ক তথা হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা অনুষ্ঠানৰ পাছতেই সত্র পৰিচালনা সমিতিৰ সভাপতি প্রশান্ত তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এখন মুকলি সভাত অংশগ্রহণ কৰি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণ প্রসংগত পুনৰ কয় যে জাতি–মাটি–ভেটি ৰক্ষাৰ অংগীকাৰ কৰা বিজেপি চৰকাৰে সত্র–নামঘৰ আদি অনুষ্ঠানত আর্থিক অনুদান দি আহিছে৷ লগতে তেওঁ আৰু কয় যে যি জাতিৰ হাতত মাটি নাথাকে, সেই জাতি এদিন বিলুপ্ত হ’ব৷ কিন্তু বিজেপি চৰকাৰে খিলঞ্জীয়াসকলক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছে৷ লগতে কলবাৰী সত্রৰ অতিথি গৃহ নির্মাণৰ বাবে অসম দর্শন আঁচনিৰ অধীনত ১০ লাখ টকা ধার্য কৰা আঁচনিখনৰ আধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত মুনীন্দ্র শর্মাই৷ তদুপৰি ৫৯. ২১ লাখ টকা ব্যয়েৰে নির্মাণ কৰিবলগীয়া ৮২৪.৫০ মিটাৰ দৈর্ঘ্যৰ সত্রখনৰ আভ্যন্তৰীণ গ্রামীণ পথ নির্মাণৰ এখন আঁচনিৰো ৰঞ্জিত দাসে আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পূর্বে তেওঁলোকে সত্রখনত সেৱা লয়৷ এই তিনিওখন আঁচনিৰ কার্য ৰূপায়ণ সম্পূর্ণ হৈ উঠিলে ঐতিহাসিক তীর্থস্থানখনে নতুন ৰূপত উজ্জীৱিত হৈ উঠিব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে৷ ইয়াৰ দ্বাৰা প্রাচীন সত্রখনলৈ পর্যটনৰ সম্ভাৱনা আৰু সুবিধা বহু পৰিমাণে বৃদ্ধি হ’ব৷ তাৰ পাছতে মেধিকুছি সত্রৰ পৰা ছৰলভিঠা–বৰবাৰী হৈ ভৱানীপুৰ–মানাহ পথ সংযোগী ৬.৮ কিলোমিটাৰ দৈর্ঘ্যৰ পথছোৱা নতুনকৈ নির্মাণৰ বাবে ছিগনেচাৰ আঁচনিৰ অধীনত ধার্য কৰা ৯ কোটি ৯৯ লাখ ৯৯ হাজাৰ ৯০ টকীয়া আঁচনিখনৰো অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষগৰাকীয়ে আধাৰশিলা স্থাপন কৰি কামৰ শুভাৰম্ভ কৰে৷ তদুপৰি ভৱানীপুৰ ভূঞাপাৰাৰ পৰা মধ্য পশ্চিম কর্দেগুৰি গাঁৱলৈ যোৱা ১,১৫০ মিটাৰ দৈর্ঘ্যৰ নৱনির্মিত গড়কাপ্টানী পথছোৱা ৰাইজৰ বাবে দাসে আনুষ্ঠানিকভাৱে মুকলি কৰে৷

You might also like