নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবিনেট বৈঠকত কি কি সিদ্ধান্ত, কি খুলিব, ক’ত অব্যাহত থাকিব লক ডাউন

ৰেড জ'নত পূৰ্বৰ দৰেই অব্যাহত থাকিব লক ডাউন

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ লক ডাউনক লৈ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত আলোচনা। বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে গ্ৰীন জ’ন আৰু অ’ৰেঞ্জ জ’নত থকা জিলাসমূহৰ গ্ৰামাঞ্চলত খুলিব সকলোবোৰ দোকান কিন্তু বন্ধ থাকিব সকলো হাট-বজাৰ।

আনহাতে ৰেড জ’নত পূৰ্বৰ দৰেই অব্যাহত থাকিব লক ডাউন। ৰেড জ’নত থকা ৫খন জিলা ক্ৰমে ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, নলবাৰী আৰু গোলাঘাটত নোখোলে কোনো দোকান-বজাৰ। আনহাতে ৰাজ্যজুৰি বন্ধ থাকিব শ্বপিং মল, জিম, চিনেমা হল, ৰেষ্টুৰেণ্ট, হোটেল, শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠান। 

লক ডাউনৰ সন্দৰ্ভত অসম চৰকাৰে কোনোধৰণৰ নিজাববীয়াকৈ সিদ্ধান্ত নলয়। কেন্দ্ৰৰ সিদ্ধান্তই হ’ব শেষ সিদ্ধান্ত সংবাদমেলত এই মন্তব্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ।

You might also like